নিশা নলবাৰীৰ মাজেৰে পাৰ হৈ গ’ল প্ৰচণ্ড ধুমুহা

বহু দিনলৈ বিদ্যুৎ যোগান বন্ধ হৈ পৰাৰ আশংকা

0 34

শতাব্দ প্ৰতিনিধি, নলবাৰী, ২৩ এপ্ৰিলঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো যোৱা নিশা অহা প্ৰচণ্ড ধুমুহাই জিলাখনৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে। যোৱা নিশা বাৰমান বজাত অহা এজাক প্ৰচণ্ড ধুমুহাই জিলাখনৰ বিশেষকৈ বালিকৰিয়া, চামতা, সাহপুৰ, নিজপকোৱা, সন্ধেলী, বালিজাৰ, খাৰজাৰা, ঘগ্ৰাপাৰ আদি অঞ্চলত ব্যাপক ক্ষতিসাধন কৰে। প্ৰচণ্ড ধুমুহাত বহু পৰিয়ালৰ ঘৰৰ টিনপাত উৰুৱাই নিয়াত একপ্ৰকাৰ গৃহহীন হৈ পৰে এনে পৰিয়াল। আনহাতে, গছ-গছনি উভালি পৰাত বহু অঞ্চলত যাতায়াত বন্ধ হৈ পৰাৰ লগতে বিভিন্ন স্থানত বিদ্যুতৰ খুটা উভালি পৰাত এনে অঞ্চলসমূহত যোৱা নিশাৰে পৰা বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰে‌। এনে অঞ্চলসমূহত বহু দিনলৈ বিদ্যুৎ যোগান বন্ধ হৈ পৰাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। ৰাজপথত পৰি থকা প্ৰকাণ্ড প্ৰকাণ্ড গছ-গছনিৰ বাবে পথ বন্ধ হৈ পৰাত বিবাহ যাত্ৰীৰ বাহন পুৱতি নিশালৈ মাজ পথতে আৱদ্ধ হৈ থাকিবলগীয়াও হয় । প্ৰচণ্ড ধুমুহাজাকত বহু পৰিয়ালৰ ঘৰৰ ওপৰত গছ বাগৰি পৰি বৃহৎ ক্ষতি কৰে। ভয়ানক বিপদৰ পৰা কথমপি ৰক্ষা পৰে বহু লোক । প্ৰাপ্ত খবৰ মতে, বালিকৰিয়াৰ কমলাকান্ত বৰ্মনৰ ঘৰৰ ওপৰত গছ পৰি ঘৰটো বিধ্বস্ত কৰি পেলায় । বালিকৰিয়াৰ বাসুদেৱ দেৱালয়ৰ সন্মুখতো গছ বাগৰি পৰাত পথ বন্ধ হৈ পৰে । বালিকৰিয়াৰ গোবিন্দ দত্ত নামৰ লোকজনৰ গৃহৰো ব্যাপক ক্ষতিসাধন কৰে এই ধুমুহাই। ইফালে, যোৱা নিশাৰ প্ৰচণ্ড ধুমুহা-বৰষুণে বিস্তৰ ক্ষতি সাধন কৰে জিলাখনৰ বানেকুছি, শিলাকুটি অঞ্চল। বৃহত্তৰ অঞ্চলটোৰ দুকুৰিৰো অধিক পৰিয়ালৰ ব্যাপক ক্ষতিসাধন কৰে এই ধুমুহাই। অঞ্চলটোৰ বহু পৰিয়ালৰ ঘৰৰ টিনপাত উৰুৱাই নিয়ে। ফলত নিশাটো বাহিৰতে কটাব লগাত পৰে এনে দুৰ্ভগীয়া পৰিয়ালসমূহ। খাৰজাৰাৰ সাংস্কৃতিক কৰ্মী মজিব আলী আৰু চাহজাহান আলীৰ ঘৰতো প্ৰকাণ্ড গছ উভালি পৰাত বিস্তৰ ক্ষতিসাধন হয়। সন্ধেলিৰ ৰাজহুৱা মন্দিৰটোতো প্ৰকাণ্ড গছ উভালি পৰাত মন্দিৰটোৰ যথেষ্ট ক্ষতি হয়। জিলাখনৰ বালিজাৰৰ ‘সমন্বয় জাতীয় বিদ্যালয়’ নামৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানখনৰো বৃহৎ ক্ষতি কৰে কাল ধুমুহাজাকে। জাতীয় বিদ্যালয়খনৰ গৃহ বিধ্বস্ত কৰি পেলোৱাৰ লগতে টিনৰ চালি বহু দূৰলৈ উৰুৱাই নিয়ে। এনেদৰে, এঘাৰটা বৰ্ষ অতিক্ৰম কৰা পানীগাঁও অঞ্চলৰ নাট্য কৰ্মী শতদল বৈশ্যৰ সমন্বয় ক্ষেত্ৰ সম্পূৰ্ণৰূপে বিধ্বস্ত কৰে শুক্ৰবাৰৰ মাজ নিশাৰ ধুমুহা বৰষুণে । ইপিনে, নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পিংকু মণি বৰাই আজি পুৱাই ধুমুহা বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় । টাউন মণ্ডল কন্দৰ্প কুমাৰ দাস আৰু মণ্ডল পৰমেশ ভট্টসহ নলবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এটা দল উপস্থিত হৈ বিধ্বস্ত পথসমূহ মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More