নিশা ১০ বজাঃ চলন্ত ৰেলত ডাঙৰকৈ কথা পতা- গান শুনাত বাধা আৰোপ

নিশা ১০ বজাঃ চলন্ত ৰেলত ডাঙৰকৈ কথা পতা- গান শুনাত বাধা আৰোপ

0 16

শতাব্দ ডিজিটেল ডেক্স, ১১ ফেব্ৰুৱাৰীঃ ভাৰতত ৰেল সেৱাৰ ব্যাপক ব্যৱহাৰ হয়।  দূৰৈৰ ঠাইলৈ যাবলৈ যথেষ্ট খৰচত আৰু কম সময়ত এক্সপ্ৰেছ ৰেলযোগে যাব পাৰি।  সকলো শ্ৰেণীৰ লোকে এই ৰেল সেৱা আৰামত ব্যৱহাৰ কৰিব পাৰে। ভাৰতীয় ৰেলৱেই এই ৰেল সেৱাৰ উন্নতিৰ বাবে অক্লান্তভাৱে কাম কৰি আছে।  নিয়মীয়াকৈ এই ৰেল সেৱা ব্যৱহাৰ কৰে বহু লোকে।  যাত্ৰীসকলে এই ৰে’লত যাত্ৰা কৰিবলৈ বহু নিয়ম মানি চলিব লাগিব।  আৰু সেই সকলোবোৰ নিয়ম নিশ্চিতভাৱে যাত্ৰীৰ কল্যাণৰ বাবে।  শেহতীয়াকৈ ভাৰতীয় ৰেলৱেই নতুন গাইডলাইন জাৰি কৰিছে যিটো জনাটো অতি গুৰুত্বপূৰ্ণ। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বহু যাত্ৰীয়ে প্ৰায়ে অভিযোগ কৰে যে নিজৰ ডবাত একেলগে যাত্ৰা কৰা লোকসকলে ফোনত ডাঙৰকৈ কথা পাতে বা গভীৰ নিশালৈকে গান শুনি থাকে।  ৰেলৱেৰ এস্কৰ্ট বা মেইণ্টেনেন্সৰ কৰ্মচাৰীয়েও ডাঙৰকৈ কথা কোৱা বুলিও একাংশ যাত্ৰীয়ে অভিযোগ কৰে।  ইয়াৰ উপৰিও বহু যাত্ৰীয়ে নিশা ১০ বজাৰ পিছতো লাইট জ্বলাই ৰাখে, যাৰ ফলত আনৰ টোপনি বিঘ্নিত হয়।  ইয়াৰ পৰিপ্ৰেক্ষিতত ৰেলৱেই নতুন নিয়ম প্ৰণয়ন কৰিছে।  এনে পৰিস্থিতিত যদি কোনো যাত্ৰীয়ে নিয়ম মানি নচলে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ৰেলৱেৰ নতুন নিয়ম অনুসৰি এতিয়া আপোনাৰ ছিট, কম্পাৰ্টমেণ্ট বা ডবাত থকা কোনো যাত্ৰীয়ে মোবাইলত ডাঙৰকৈ কথা পাতিব নোৱাৰিব বা জোৰেৰে গান শুনিব নোৱাৰিব।  যাত্ৰীসকলৰ টোপনি যাতে বিঘ্নিত নহয় আৰু যাত্ৰাৰ সময়ত শান্তিৰে শুব পাৰে তাৰ বাবে ৰে’লৱে জাৰি কৰিছে এক নতুন গাইডলাইন।  ৰে’লত যাত্ৰা কৰাৰ সময়ত নিশা ১০ বজাৰ পিছত মোবাইলত উচ্চস্বৰে কথা কোৱাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ৰে’লৱে ব’ৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰিছে।  নতুন নিয়ম অনুসৰি ৰাতি যাত্ৰাৰ সময়ত যাত্ৰীসকলে উচ্চস্বৰে কথা পাতিব নোৱাৰে বা গান শুনিব নোৱাৰে।  যদি কোনো যাত্ৰীয়ে অভিযোগ কৰে তেন্তে ৰে’লত উপস্থিত থকা কৰ্মচাৰীৰ হাতত তেওঁক আঁতৰাই নিয়াৰ ক্ষমতা থাকিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More