নিষেধাজ্ঞাৰ মাজতে ভাৰতে ৰাছিয়ালৈ আৰম্ভ কৰিলে সামগ্ৰী ৰপ্তানি 

উৎফুল্লিত ভাৰতীয় ব্যৱসায়ী

0 55
শতাব্দ বিশেষ প্ৰতিনিধি, ২১ এপ্ৰিলঃ ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই যুদ্ধ ঘোষণা কৰাৰ পাছতেই বিশ্বৰ ভালেসংখ্যক দেশৰ বিভিন্ন নিষেধাজ্ঞাৰ সন্মুখীন হোৱা ৰাছিয়াক প্ৰকাশ্যে সমৰ্থন নকৰিলেও এই দুৰ্যোগৰ মুহূৰ্ত্তত দেশখনৰ কাষত থিয় দিছে পুৰণি বন্ধু ৰাষ্ট্ৰ ভাৰতবৰ্ষই। ৰাছিয়াৰ আক্ৰমণত বিধ্বস্ত হোৱা ইউক্ৰেইনৰ উপৰি এতিয়া আক্ৰমণকাৰী ৰাছিয়াৰ সামগ্ৰিক পৰিস্থিতিও বৰ সুখকৰ নহয়। বৃটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয়ান সংঘৰ দেশসমূহৰ ওপৰত নিৰ্ভৰ কৰি চলা ৰাছিয়াত এতিয়া বিশেষকৈ খাদ্য সামগ্ৰীকে ধৰি অন্যান্য নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অভাৱে এক গুৰুতৰ ৰূপ ধাৰণ কৰিছে। অকলশৰীয়া হৈ পৰা ৰাছিয়াই এতিয়া ইয়াৰ বাবে শৰণাপন্ন হৈ পৰিছে বন্ধু ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ।ইতিমধ্যে অধিকাংশ পশ্চিমীয়া দেশৰ নিষেধাজ্ঞাৰ কৱলত পৰা ৰাছিয়াৰ পৰা ৰেহাই মূল্যত খাৰুৱা তেল আমদানি কৰাৰ পাছত ভাৰতবৰ্ষই এতিয়া ৰাছিয়ালৈ ৰপ্তানি কৰিবলৈ লৈছে কেইবাপ্ৰকাৰৰো নিত্য ব্যৱহাৰ্য সামগ্ৰী। ইতিমধ্যে ভাৰতে চাউল, চাহ, কফি, বিভিন্ন ফলমূল, সমুদ্ৰজাত খাদ্য আৰু কনফেক্টচনাৰী সামগ্ৰী ৰপ্তানি কৰিছে। এই সামগ্ৰীসমূহ সমুদ্ৰ পথেৰে কেৱল জৰ্জিয়াৰ এটা বন্দৰলৈকেহে পৰিৱহণ কৰা সম্ভৱ হ’ব। ভাৰতীয় টকা আৰু ৰুবলৰ বিনিময়ৰ মাধ্যমেৰে ৰাছিয়াৰ বৃহত্তম বেঙ্ক Sberbank এ এই দ্বিপাক্ষিক বাণিজ্যিৰ দিশটো চোৱা-চিতা কৰিব। ইয়াৰ উপৰি ৰাছিয়াৰ কেইবাটাও বেঙ্কে ‘ইউৰো’ৰ যোগেদি ভাৰতীয় ৰপ্তানিকাৰক সকলক ধন আদায় দিব পাৰিব বুলি নিশ্চিতি প্ৰদান কৰিছে। অলপতে ৰাছিয়ালৈ ভাৰতৰ চাউল ৰপ্তানি কৰা বাণিজ্যিক প্ৰতিষ্ঠান এটাই সমুদ্ৰ পথেৰে ৬০ টা চাউলৰ কণ্টেইনাৰ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে একোটা কণ্টেইনাৰত ২২,০০০ কিলোগ্ৰামকৈ চাউল মজুত কৰা হৈছে। এই বিত্তীয় লেনদেনত ৰাছিয়াৰ Alfa বেঙ্ক আৰু ভাৰতৰ পক্ষৰ পৰা বেঙ্ক অৱ মহাৰাষ্ট্ৰই অংশগ্ৰহণ কৰিছে। তেনেদৰে ৰপ্তানি কৰা হৈছে চাহৰ পাঁচোটাকৈ কণ্টেইনাৰ।
যুদ্ধ আৰম্ভ হোৱাৰ পৰৱৰ্তী পৰ্যায়ত আন্তৰ্জাতিক নিষেধাজ্ঞাৰ সন্মুখীন হোৱাৰ ফলত ৰাছিয়াৰ প্ৰায়বোৰ ছুপাৰ মাৰ্কেট আৰু অন্যান্য বিপণী সমূহত বিশেষকৈ খাদ্য সামগ্ৰীৰ অভাৱে পৰিস্থিতি জটিল কৰি তুলিছে। উপা‌য়ান্তৰ হৈ ৰাছিয়াৰ কেইবাটাও বাণিজ্যিক সংস্থাই ভাৰতস্থিত ৰাছিয়াৰ দূতাবাসৰ কাষ চাপিছে। ৰাছিয়াৰ দূতাবাসেও ইতিমধ্যে ভাৰতৰ ফেডাৰেশ্যন অৱ ইণ্ডিয়ান এক্সপ’ৰ্ট অৰ্গেনাইজেশ্যনৰ লগত ভাৰতীয় সামগ্ৰী ৰপ্তানিৰ বিষয়টো লৈ আলোচনাত মিলিত হৈছে। ৰাছিয়াৰ এটা শীৰ্ষস্থানীয় বাণিজ্যিক সংস্থাই ভাৰতৰ কনফেডাৰেশ্যন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ লগত খাদ্য সামগ্ৰীৰ উপৰি আন আন সামগ্ৰী যেনে জোতা, কৃত্ৰিম অলঙ্কাৰ, ৰেডিমেইড সাজ-পোছাক ইত্যাদি ৰপ্তানিৰ ওপৰতো আলোচনা কৰিছে। ভাৰতীয় সংস্থাটোৰ সচিব প্ৰধান প্ৰবীণ খাণ্ডেলৱালে সংবাদ মাধ্যমক জনোৱা মতে “এই সমূহ সামগ্ৰী পূৰ্বতে ৰাছিয়াই আমেৰিকা যুক্তৰাষ্ট্ৰ, বৃটেইন আৰু অন্যান্য ইউৰোপীয় দেশৰ পৰা আমদানি কৰিছিল। ৰাছিয়াৰ সংস্থাটোৱে ইতিমধ্যে তেওঁলোকক জৰুৰী ভাৱে প্ৰয়োজন হোৱা সামগ্ৰী সমূহৰ তালিকা প্ৰেৰণ কৰিছে।”  যুদ্ধৰ পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি  ৰাছিয়াৰ কৃষিভিত্তিক খাদ্য সামগ্ৰীৰ বৃহৎ বজাৰখন দখল কৰাৰ যি সুবিধা ভাৰতীয় ব্যৱসায়ীসকলৰ হাতলৈ এতিয়া আহিছে তাত স্বাভাৱিকতেই তেওঁলোক উৎফুল্লিত হৈ পৰিছে। কিন্তু ৰাছিয়াৰ লগত সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষই বাণিজ্যৰ যোগেদি অধিক মিতিৰালি কৰাৰ ফল হিতে বিপৰীত হোৱাৰ সম্ভাৱনাও নথকা নহয়। ৰাছিয়াৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘত উত্থাপিত কেইবাটাও প্ৰস্তাৱৰ ভোটদান প্ৰক্ৰিয়াত ভাৰত অনুপস্থিত থকাৰ কথাটো কেইবাখনো দেশে সহজ ভাৱে লোৱা নাই যদিও প্ৰকাশ্যে ভাৰতৰ বিৰুদ্ধে মন্তব্য প্ৰকাশৰ পৰাও বিৰত আছে। নাম উল্লেখ কৰিব নিবিচৰা এজন চৰকাৰী বিষয়াৰ মতে ভাৰতৰ পৰা ৰাছিয়ালৈ এনেধৰণৰ সামগ্ৰী ৰপ্তানি কৰাত বাধা থাকিব নালাগে কাৰণ আন্তৰ্জাতিক নিষেধাজ্ঞা আৰোপ ব্যৱস্থাত কৃষিজাত খাদ্য সামগ্ৰী, ঔষধ আদি সামগ্ৰীক বাৰণ কৰা হোৱা নাই।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More