নিৰ্ধাৰিত সময়ৰ ভিতৰত বিদ্যালয়সমূহৰ একত্ৰীকৰণৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

জনতা ভৱনত শিক্ষা বিভাগৰ বিভিন্ন বিষয় সন্দৰ্ভত পৰ্যালোচনা বৈঠক

0 29
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুলাইঃ জনতা ভৱনত আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ বিভিন্ন বিষয় সন্দৰ্ভত বিশদভাৱে পৰ্যালোচনা কৰে। মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু শিক্ষা বিভাগৰ উপদেষ্টা ড° ননীগোপাল মহন্তৰ উপস্থিতিত শিক্ষা বিভাগৰ সঞ্চালকালয় আৰু জিলা পৰ্যায়ৰ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্রীয়ে পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত ই-কাৰ্যালয় ৰূপায়ণ, মিছন সদ্ভাৱনাৰ অধীনস্থ ফাইল নিষ্পত্তি, বিভিন্ন পদত নিযুক্তি আৰু পদোন্নতি, ডেস্ক-বেঞ্চ যোগান তথা বিদ্যুৎ যোগান আদিকে ধৰি বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে লোৱা কার্যসমূহৰ অগ্ৰগতিৰ বুজ লয়। শিক্ষাৰ অধিকাৰৰ নিৰ্দেশনা মতে নিৰ্ধাৰিত সময়ৰ ভিতৰত বিদ্যালয়সমূহৰ একত্ৰীকৰণ তথা ষষ্ঠৰ পৰা দ্বাদশ শ্রেণীলৈকে বিদ্যালয়ত বিজ্ঞান-গণিতৰ বাবে নিৰ্দেশনাৰ মাধ্যম হিচাপে ইংৰাজী প্ৰৱৰ্তন কৰাত প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ মুখ্যমন্ত্রীয়ে নিৰ্দেশনা দিয়ে। অৱশ্যে আগৰ দৰেই অসমীয়া ভাষাত দুয়োটা বিষয়ৰ শিক্ষাদানো অব্যাহত থাকিব বুলি তেওঁ সদৰি কৰে। ইয়াৰ লগতে ক্রমাগতভাৱে ডায়েটত শিক্ষকসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হ’ব বুলি তেওঁ কয়। আনহাতে দুৰ্গা পূজাৰ সময়ত ৯৭খন চাহ বাগিচা আদর্শ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে এক বিশেষ জ্ঞানজ্যোতি কাৰ্যসূচী আয়োজন কৰাৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্রীয়ে সংশ্লিষ্ট জিলাৰ বিদ্যালয় পৰিদৰ্শকক বিভাগৰ সৈতে সমন্বয়েৰে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More