নীট পৰীক্ষাত ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ কৃতীমানক সম্বৰ্ধনাঃ কেৰিয়াৰ সন্দৰ্ভত মনোজ্ঞ আলোচনা

1 231

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৭ মে : উত্তৰ অসমৰ অগ্রণী শিক্ষানুষ্ঠান লখিমপুৰৰ ব্রহ্মপুত্র ডেলী একাডেমী (কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুল)ৰ বাবে আজি এটা সফলতা আৰু গৌৰৱৰ দিন। মহাবিদ্যালয়খনৰ সৰ্বভাৰতীয় পৰ্যায়ৰ NEET পৰীক্ষা ২০২১-২০২২ বৰ্ষত সুখ্যাতিৰে উত্তীৰ্ণ হৈ চিকিৎসা বিজ্ঞান অধ্যয়নৰ সুযোগ লাভ কৰি, বর্তমান এ.এম.চি. এইছ. জি. এম.চি. এইছ-কে ধৰি অসমৰ ভিন্ন প্ৰান্তৰ চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা আঠ গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকক আজি সম্বৰ্ধনা জনোৱা হয়। ছাত্র-ছাত্রীসকল ক্রমে শ্ৰুতি কুটুম (এ.এম.চি.এইছ), কৰিশ্মা মিলি (জি. এম. চি. এইছ), অংকুৰ দাও (এ.এম.চি.এইছ) কল্পনা কাকতি (পি.এম.চি.এইছ). বিবুল বৰা (এ. এম. চি. এইছ) ৰাহুল হাজৰিকা (জে.এম.চি. এইছ), বিদর্শন দত্ত (জে.এম.চি.এইছ), চেলছিয়া দলে(এ.এম.চি.এইছ)। তাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষার্থী সকলক ব্রহ্মপুত্র ভেলী একাডেমীয়ে বিগত কেইবাবছৰজুৰি উচ্চতৰ মাধ্যমিকৰ Bridge Course Programme এটা আগবঢ়াই আহিছে। এই বছৰৰো বিনামূলীয়া এই পাঠদান যোৱা ৫ এপ্রিলৰ পৰা আৰম্ভ হৈ যোৱা ২৫ মে’ত সফল সমাপ্তি হয়। এই পাঠ্যক্রম গ্রহণ কৰি থকা মুঠ ৫৬ গৰাকী ছাত্র-ছাত্রীক Bridge Course Completionৰ প্ৰমাণপত্ৰ প্ৰদান কাৰ্য্যসূচীটোও আজি সম্পন্ন কৰা হয়, ছাত্র-ছাত্রী সকলৰ লগতে অভিভাবক-অভিভাবিকা সকলো সভাত উপস্থিত থাকে। অনুষ্ঠানটিত ছাত্র-ছাত্ৰী সকলৰ ভৱিষ্যৎ জীৱন প্ৰসংগত কেৰিয়াৰ কাউন্সেলিঙৰ এক বিশেষ বক্তব্য অনুষ্ঠিত কৰা হয়।সভাখনিৰ মূল বক্তা ৰূপে উপস্থিত থাকি উক্ত বক্তব্য প্রদান কৰে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ পদার্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক উপাধ্যক্ষ আৰু বর্তমান ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ বিজ্ঞানগুৰু আসনত অধিষ্ঠিত ড° মুহিধৰ পূজাৰীয়ে। ড° পূজাৰীৰ সাৰুৱা আৰু সাৱলীল বক্তব্যত ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলো উৎসাহিত হোৱা পৰিলক্ষিত হয়। ব্রহ্মপুত্র ভেলী একাডেমীৰ সঞ্চালক প্রধান ড° শৈলেন্দ্ৰ নাথ ফুকনে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ পথত ইংৰাজী, হিন্দীকে ধৰি আন ভাষাত দক্ষতা বৃদ্ধি কৰিবলৈ আহ্বান জনায় । সভাত নিমন্ত্রিত অতিধি ৰূপে উপস্থিত থাকি অৱসৰপ্ৰাপ্ত অধ্যাপক ড° প্ৰবীণ ফুকন আৰু শতাব্দ ডিজি মিডিয়াৰ সম্পাদক শৈলেন বৰুৱাই ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰৰ নামত হোৱা আলৈ আথানি আৰু ভৱিষ্যৎ জীৱনত প্ৰয়োজন হব লগা ডিজিটেল যুগৰ বিভিন্ন তথ্যৰে সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে। দুয়োগৰাকী নিমন্ত্রিত অতিথিৰ মনোজ্ঞ তথা শক্তিশালী বক্তব্যই সভাখনিক এক বিশেষ মাত্রা প্রদান কৰে। অধ্যক্ষ কৃষ্ণ ভূঞাই উদ্বোধনী ভাষণেৰে আৰম্ভ কৰা সভাখনিৰ আঁত ধৰে ইংৰাজী বিভাগৰ প্ৰবক্তা অমৃত শ‍ইকীয়াই। সভ্যত উপস্থিত থাকে মহাবিদ্যালয়খনিৰ কর্তৃত্ব প্রধান শ্যামল শর্মা বৰুৱা, ৰাহুল বৰা, ড° দেৱজিৎ দত্ত উপাধ্যক্ষা পল্লৱী ডেকাকে প্ৰমুখ্যে কৰি সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী।

১ টা মন্তব্য
  1. Avatar of Khirud Borah
    Khirud Borah says

    দুই এটা বানান লিখোঁতে ভুল হৈছে।।। ভৱিষ্যত সময়ত ঠিক কৰিবলৈ চেষ্টা কৰে যেন।।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More