নীলপৱন বৰুৱাৰ বিয়োগত তেজপুৰ আৰ্টিষ্টছ ফ’ৰামৰ শোক প্ৰকাশ

0 14

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৮অক্টোবৰ: অসমৰ স্বনামধন্য চিত্ৰশিল্পী তথা অদম্য প্ৰেমিক নীলপৱন বৰুৱাৰ মহাপ্ৰয়াণত তেজপুৰ আৰ্টিষ্টছ্ ফ’ৰামৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে৷তেজপুৰ আৰ্টিষ্টছ ফ’ৰামৰ সভাপতি হৰিনাৰায়ণ দাসে গভীৰ শোক প্ৰকাশ কৰি কয় যে,দূৰন্ত প্ৰেমিক মানুহজন এগৰাকী দূৰন্ত প্ৰতিভাৰ আকৰ আছিল৷প্ৰয়াত শিল্পীজন অতি সৰলমনৰ আছিল বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে,জ্যেষ্ঠ আৰু নবীন সকলৰ প্ৰতি সদায়েই সুপৰামৰ্শ আগবঢ়োৱা অতি সংবেদনশীল শিল্পীজনৰ সমগ্ৰ জীৱন এক ব্যতিক্ৰম আছিল আৰু এনে ব্যতিক্ৰম কেৱল অতিমানৱৰ বাবেহে সম্ভৱ৷ অনুজ শিল্পীসকলক অত্যন্ত স্নেহ আৰু আশীৰ্বাদ দিয়া নীলপৱন বৰুৱাৰ বিয়োগ ৰাজ্যৰ বাবে এক অপূৰণীয় ক্ষতি বুলিও তেজপুৰৰ বিশিষ্ট চিত্ৰ তথা ভাস্কৰ্য শিল্পী দাসে মন্তব্য কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More