নীৰৱে নবছৰে ধৰাক সেউজীয়া কৰি ৰখাৰ চেষ্টা অব্যাহত ৰখা তেজপুৰৰ বৰআটিৰ হৰি কৰুৱা

0 31
শতাব্দ প্ৰতিনিধি, তেজপুৰ,৪ জুনঃ পৃথিৱীখনত যদি ভৱিষ্যতে সেউজীয়া গছ গছনিবোৰ নিঃশেষ হৈ যায় তেনেহলে তেতিয়া কি হ’ব! জীৱজন্তুবোৰ যেনেদৰে বিলুপ্ত হ’ব তেনেদৰে মানুহৰ ভৱিষ্যৎ প্ৰজন্মই বাৰু পিঠিত অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লগীয়া হ’ব নেকি! এনেবোৰ দুচিন্তাই খুলি খুলি খাইছিল হৰি কৰুৱা নামৰ লোকজনক। তেজপুৰ চহৰৰ নিকটৱৰ্তী কাৱৈমাৰী বৰআটি গাঁৱৰ টংকেশ্বৰ কৰুৱা আৰু প্ৰয়াত সুমিত্ৰা কৰুৱাৰ একমাত্ৰ পুত্ৰ হৰি কৰুৱাই যেতিয়াই অৰণ্য ধ্বংস আৰু সংৰক্ষিত বনাঞ্চলৰ দুৰৱস্থাৰ বিষয়ে শুনিছিল তেতিয়াই ব্যথিত হৈছিল। কিন্তু নিজৰ বুলিবলৈ ভেটিটোৰ বাহিৰে অধিক মাটি নথকাত কৰুৱাই ৰাইজৰ অনুমতি সাপেক্ষে বৰআটিৰ ৰাজহুৱা পুখুৰীৰ পাৰত ২০১৩ত এহেজাৰ গছপুলি ৰোপন কৰিলে। শাল, আমলখি, শিলিখা, ভোমোৰা আদি গছপুলিবোৰৰ প্ৰতিপালৰ দায়িত্বও ৰাইজে তেওঁক অৰ্পণ কৰিলে। এনেদৰেই লহপহ কৈ এই গছপুলিবোৰ বাঢ়ি আহি এতিয়া ইয়াত ফল ফুল ধৰিবলৈ লোৱাৰ সমান্তৰাল ভাবে ইয়াৰ পৰাই গজা পুলি তেজপুৰৰ সমীপৱৰ্তী বিভিন্ন অঞ্চলত ৰোপণ কৰিবলৈ ল’লে কৰুৱাই। উল্লেখযোগ্য যে সেই এহেজাৰ পুলিৰ ভিতৰত এটা পুলিও মৰহিবলৈ নিদিয়াকৈ প্ৰতিপাল কৰা কৰুৱাই যোৱা নবছৰে নীৰৱে বিভিন্ন স্থানত গছপুলি ৰোপণ আৰু প্ৰতিপালন কৰি গৈছে । আজিও তেওঁ বিহগুৰি কন্যা বিদ্যালয়তো পুলি ৰোপণ কৰে। পুৱাই গছপুলি লৈ ৰাষ্ট্ৰীয় পথৰে চাইকেলখনত মোনাত ভৰাই লোৱা গছপুলিসহ ওলাই আহি বিভিন্ন সংযোগী পথৰে প্ৰৱেশ কৰা কৰুৱাই স্থানীয় লোকৰ অনুমতি সাপেক্ষে উপযুক্ত স্থানত দৈনিক পাঁচটাৰ পৰা ১৫টা পুলি ৰোপণ কৰি আহিছে। উল্লেখযোগ্য যে পিতৃ,পৰিবাৰ আৰু কনমানি পুত্ৰৰ সতে স্থানীয় একাংশ ছাত্ৰ-ছাত্ৰীক ঘৰুৱা ভাবে পঢ়াই জীৱিকা নিৰ্বাহ কৰা কলা শাখাৰ স্নাতক কৰুৱাই ইয়াৰ ২০১৩ৰ পূৰ্বে গোৱা, শ্বিলং আৰু গুৱাহাটীত ব্যক্তিগত প্ৰতিষ্ঠানৰ অধীনত কাম কৰিছিল যদিও তেওঁ পাছত নিজগৃহলৈ উভটি আহি গছপুলি ৰোপণৰ কাম আৰম্ভ কৰে। আন স্থানলৈ নগ’লে দিনটো ৰাজহুৱা পুখুৰীৰ পাৰ গছ-গছনিবোৰ প্ৰতিপালতে ব্যস্ত থকা কৰুৱাই কয় যে প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ব্যাপক চৰ্চা অব্যাহত থকা সত্বেও বহু লোকে বৰ্তমানেও গছৰ মূল্য বুজি উঠা নাই। তেওঁৰ অলক্ষিতে কোনো লোকে পুখুৰীৰ পাৰৰ তিনিজোপা শালগছ কাটি নিয়াৰ বিষয়েও তেওঁ প্ৰকাশ কৰি গভীৰ আক্ষেপ প্ৰকাশ কৰে। অংগনবাদী কেন্দ্ৰৰ লগতে বিভিন্ন শিক্ষানুষ্ঠান, শ্মশান, কৱৰস্থান, ধৰ্মীয় অনুষ্ঠানৰ লগতে ১১২ স্থানত গছপুলি ৰোপণ কৰিছে কৰুৱাই। ৰাইজ তথা আছু আৰু এবছুৰ লগতে বিভিন্ন শিক্ষানুষ্ঠান আৰু ধৰ্মীয় অনুষ্ঠানে তেওঁৰ এনে কাৰ্যক উৎসাহিত কৰাৰ কথা প্ৰকাশ কৰি তেওঁ লগতে কয় যে প্ৰথমেই ৰোপণ কৰা এহেজাৰ গছপুলিৰ পৰা এতিয়া তেওঁ প্ৰায় ৫০হেজাৰ পুলি উৎপাদন কৰিব পৰাকৈ নতুন বীজ লাভ  কৰিছে। ইতিমধ্যে ইয়াৰ পৰাই ভালেসংখ্যক পুলিও তেওঁ বিভিন্ন স্থানত ৰোপণ কৰিছে। নিশা একবজালৈকে গছপুলিৰ আপদালত ব্যস্ত থকা কৰুৱাই অনাগত সময়ত ৰাজ্যৰ লগতে দেশ তথা বিশ্বৰ যিকোনো স্থানতে, য’ত গছৰ সংখ্যা হ্ৰাস পাইছে তাতে গছপুলি ৰোপণ কৰাৰ বাবে আগ্ৰহী বুলি প্ৰকাশ কৰি ইয়াৰবাবে সৰ্বসাধাৰণ আৰু ৰাইজৰ সহায় লাগিব বুলি উল্লেখ কৰি লগতে কয় যে,এতিয়াও যদি গছ গছনিৰে এইখন ধৰাক সেউজীয়া কৰাৰ ব্যৱস্থা কৰা হয় তেতিয়াও প্ৰাণী জগতে যথেষ্ট সকাহ পাব।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More