নেইমাৰৰ বুটত বিশ্বজয়ৰ সপোন!

আজি যুঁজত নামিব ব্ৰাজিল

0 37

দাদুল দেৱকৃষ্ণ বৰুৱা

ফিফাৰ ৰেংকিঙৰ শীৰ্ষত আছে ব্ৰাজিল। আৰু জি-গ্ৰুপৰ প্ৰথম প্ৰতিদ্বন্দ্বী হৈছে ২১ নম্বৰত থকা ছাৰ্বিয়া। তথাপি বিশ্বকাপৰ অভিযান আৰম্ভ হোৱাৰ পূৰ্বে ব্ৰাজিলে যথেষ্ট সতৰ্ক। মঙলবাৰে দুৰ্বল বিপক্ষ চৌদি আৰৱৰ হাতত আৰ্জেণ্টিনা আৰু বুধবাৰে জাপানৰ বিপক্ষে জাৰ্মানী পৰাস্ত হোৱাৰ পিছত ফুটবলাৰসকলক আত্মতুষ্টিৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে ব্ৰাজিলৰ প্ৰশিক্ষক টিটেই। প্ৰশিক্ষকজনক আল আৰবী এছ চি ষ্টেডিয়ামত অনুশীলনৰ আৰম্ভণিতে নেইমাৰ আৰু থিয়াগো ছিলভাৰ সৈতে আলোচনা কৰা দেখা গৈছিল। এই আলোচনাৰ বিষয়বস্তু কি হ’ব পাৰে সেয়া বুজি নাপালেও অনুমান কৰিব পাৰি। টিটে নিশ্চিতভাৱে দলটোৰ দুজন জ্যেষ্ঠ ফুটবলাৰৰ সৈতে ছাৰ্বিয়া বধৰ বাবে ব্লু প্ৰিণ্ট তৈয়াৰ কৰিছিল। অনুশীলনৰ প্ৰথম পৰ্বত নেইমাৰৰ এটা কেজুৱেল পাছ ভিনিচিয়াছৰ ভৰিৰ পৰা ছিটিকি যায়। লগে লগে কেচেমিৰোৰ চিঞৰ শুনা গ’ল। হয়তো তেওঁ ক’ব বিচাৰিছিল— ‘’নেইমাৰৰ পাছ কৰা স্পিনটো চিনি লোৱা। যদি তেনে কৰা নহয় বিপদ হ’ব পাৰে।’’ সঁচাকৈয়ে চুটি পাছৰ ক্ষেত্ৰত স্পিন মিহলাই নেইমাৰে যি ভাৰসাম্য ৰক্ষা কৰে সেয়া ওপৰে ওপৰে চালে বৰ সহজ যেন লাগে। যেন বলটো ৰিচিভ কৰা অতি সহজ! কিন্তু বুট ভালদৰে ব্যৱহাৰ নকৰিলে বলটো ছিটিকি যায়। ব্ৰাজিলৰ অনুশীলন চাবলৈ সাংবাদিকসকলৰ হাতত আছিল মাত্ৰ ১৫ মিনিট সময়। এই পৰ্যায়ত কোনো প্ৰশিক্ষকে নিজৰ কৌশল উলিয়াই নেদেখুৱায়। আগতে অৱশ্যে ব্ৰাজিলে মুকলি অনুশীলন কৰিছিল। কিন্তু ফুটবলৰ বিশ্বায়নৰ পিছত পাঁচবাৰৰ বিশ্ব চেম্পিয়ন দলটোৱে ‘দুৱাৰ বন্ধ’ তত্ত্বটোত বিশ্বাস কৰা হ’ল। শেষবাৰৰ বাবে বিশ্বকাপ জয় আছিল ২০০২ চনত। তাৰ পিছত ক্ৰমে ফ্ৰান্স, নেদাৰলেণ্ড, জাৰ্মানী আৰু বেলজিয়ামৰ হাতত পৰাস্ত হৈ হালধীয়া জাৰ্চিধাৰী দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’বলগা হৈছিল। সেয়েহে প্ৰশিক্ষক টিটে প্ৰতিদ্বন্দ্বী ছাৰ্বিয়াক যথেষ্ট গুৰুত্ব দিছে। কিন্তু তেওঁ এইটোও জানে যে নেইমাৰৰ দৰে মেচ উইনাৰ থাকিলে প্ৰতিপক্ষ হেঁচাত পৰাটো নিশ্চিত। প্ৰতিভাৰ প্ৰচুৰতাৰে ব্ৰাজিলৰ দহ নম্বৰৰ খেলুৱৈয়ে যিকোনো দিনতেই মেছি আৰু ৰোনাল্ডোক প্ৰত্যাহ্বান জনাব পাৰে। জন্মগত ডজ আৰু ড্ৰিবল, বল ধৰি ৰখাৰ সাহস, বিপক্ষৰ বাকচত গ’লৰ গোন্ধ পোৱাটো নেইমাৰৰ সম্পত্তি। কিন্তু কেতিয়াবা অত্যধিক ৰোমান্টিকতাই তেওঁৰ বাবে বিপদ কঢ়িয়াই আনে। এইটো স্বাভাৱিক। এই কাৰণেই ব্ৰাজিল আনতকৈ পৃথক। জোগো বুনিটো, অৰ্থাৎ ধুনীয়া ফুটবল ছাম্বাৰ পাছৱৰ্ড। নেইমাৰৰ দৰে সৃষ্টিশীল খেলুৱৈয়ে সেই বাটেৰে খোজ কাঢ়িব। গতিকে প্ৰশিক্ষক টিটেই তেওঁক পুত্ৰৰ মৰমেৰে ৰাখিছে। কাৰণ বিশ্বই নেইমাৰৰ বুটত হেক্সা জয় কৰাৰ সপোন দেখিছে। ছাৰ্বিয়াই শাৰীৰিক ফুটবল খেলে। বৃহস্পতিবাৰে লুচাইল ষ্টেডিয়ামত টিটে ব্ৰিগেডক ৰখাবলৈ ড্ৰেগান ষ্ট’কভিচে ‘ৰুক্ষ আৰু কঠিন’ কৌশল গ্ৰহণ কৰিব। টিটেৰ পৰিকল্পনা হৈছে নেইমাৰ-ভিনিচিয়াছ-ৰিচাৰলিছনৰ ত্ৰিভুজত বিপক্ষৰ ডিফেন্স ভাঙি গ’ল চুৰি কৰা। মেছিৰ পৰাজয়ৰ পিছত ব্ৰাজিলৰ দলটোৱে সতৰ্কতা অৱলম্বন কৰিছে যদিও ছাম্বা অনুৰাগীসকলে তেওঁলোকৰ উৎসাহ দুগুণে বৃদ্ধি কৰিব। ২৩ নৱেম্বৰৰ সন্ধিয়া ফেন জ’নত এগৰাকী মহিলা সমৰ্থকে ৰিকি মাৰ্টিনৰ ‘অলে অলে’ গীতটোৰ তালে তালে নৃত্য কৰি কয় যে এই বিশ্বকাপ নেইমাৰৰ। তেওঁ কয়— “মেছি আৰু ৰোনাল্ডোক অতিক্ৰম কৰাৰ এইটোৱেই তেওঁৰ শ্ৰেষ্ঠ পৰ্যায়। আমি বিশ্বাস কৰোঁ, তেওঁ নিৰাশ নকৰে।”

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More