ন্যায় প্ৰদানত জটিল প্ৰত্যাহ্বানৰ সন্মুখীন ন্যায় পালিকা

0 84

ৰাণু বৰুৱা
“ন্যায় প্ৰদানত পলম হ’লে সেয়া অন্যায়”(Justice delayed, Justice denied) ই এতিয়া কেৱল এষাৰ আপ্ত বাক্যই হৈ থকা নাই। ই ভাৰতত এতিয়া বাস্তৱত পৰিণত হৈছে। গোচৰৰ ভৰত কোঙা হৈ পৰিছে দেশখনৰ ন্যায় ব্যৱস্থা।
যোৱা শুকুৰবাৰে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলৰ ৩৯ তম বৈঠক আৰু শনিবাৰে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীবৃন্দ, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ উপস্থিতিত দেশখনৰ উচ্চ ন্যায়ালয়সমূহৰ মুখ্য ন্যায়াধীশসকলৰ বৈঠকত ন্যায়পালিকাই সন্মুখীন হৈ অহা এই গুৰুতৰ সমস্যাটোৰ বিষয়ে বিশদ আলোচনা হয়। উল্লেখযোগ্য যে, আজি সুদীৰ্ঘ ছবছৰৰ অন্তত শনিবাৰে প্ৰথমবাৰৰ বাবে কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ যৌথ বৈঠক অনুষ্ঠিত হয়।
বৈঠকত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাই উদ্বেগ প্ৰকাশ কৰি মন্তব্য কৰিছে যে, দেশৰ ন্যায়ালয় সমূহত এতিয়া ৪০ নিযুতৰো অধিক গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে।

দেশৰ প্ৰতি নিযুত জনসংখ্যাৰ বিপৰীতে বৰ্তমান ভাৰতত আছে মাথোন কুৰি গৰাকী ন্যায়াধীশ। দেশৰ নিম্ন আদালত সমূহত এতিয়াও ২৪ হাজাৰ ন্যায়িক বিষয়াৰ পদ খালী হৈ আছে। এনে এটা উশাহবন্ধ পৰিস্থিতি আৰু পৰিৱেশত স্বাভাৱিকতেই নাগৰিকে ন্যায় লাভ কৰাটো দুৰূহ হৈ পৰিছে। ন্যায়িক ব্যৱস্থাটোৰ ওপৰত জনসাধাৰণৰ আস্থা-বিশ্বাস হেৰুৱাৰে উপক্ৰম হৈছে।

নেচনেল জুডিচিয়েল ডাটা গ্ৰিড আৰু উচ্চতম ন্যায়ালয়ৰ তথ্য অনুযায়ী উচ্চতম ন্যায়ালয়ত প্ৰায় ৬৯,০০০, উচ্চ ন্যায়ালয় সমূহত ৫৮.৫ লাখ আৰু নিম্ন আদালত সমূহত ৩.৯ কোটি পৰিমাণৰ গোচৰ এতিয়াও নিষ্পত্তি নোহোৱাকৈ আছে। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মাৰ্কেণ্ডেই কাটজুৱে ‘দ্য ট্ৰিবিউন’ত ২০১৯ চনত লেখা এটা প্ৰৱন্ধত উল্লেখ কৰিছিল যে, নতুনকৈ কোনো গোচৰ ৰুজু নহ’লে ইতিমধ্যে থকা সকলো গোচৰৰ মীমাংসা কৰিবলৈ দেশখনক ৩৬০ বছৰ সময়ৰ প্ৰয়োজন হ’ব। নিটি আয়োগে ২০১৮ চনত যুগুত কৰা এখন প্ৰতিৱেদনতো ইয়াৰ বাবে ৩২৪ বছৰৰ প্ৰয়োজন হ’ব বুলি উল্লেখ কৰিছিল। প্ৰধানকৈ ন্যায়ালয় সমূহত প্ৰয়োজন অনুসৰি বিচাৰপতিৰ সংখ্যা যথেষ্ট নোহোৱাৰ ফলতেই গোচৰ সমূহৰ মীমাংসা অনিৰ্দিষ্ট কাললৈ ওলমি ৰ’ব লগা হয় আৰু গোচৰীয়া, পদকীয়া উভয়য়েই মানসিক শাৰীৰিক ভাৱে বিপৰ্য্যস্ত হ’বলগীয়া হয়। কেন্দ্ৰীয় ন্যায় বিভাগৰ তথ্য মতে ২০২২ চনৰ ১ এপ্ৰিল তাৰিখে দেশৰ ২৫ খন উচ্চ ন্যায়ালয়ৰ মুঠ অনুমোদিত ন্যায়াধীশৰ পদৰ সংখ্যা আছিল ১,১০৪ গৰাকী। ইয়াৰে ৭১৭ টা পদত ন্যায়াধীশে কাৰ্যভাৰ চলাই থকাৰ বিপৰীতে ৩৮৭ টা ন্যায়াধীশৰ পদ এতিয়াও পূৰণ নোহোৱাকৈ আছে। এইসময়ত বিভিন্ন উচ্চ ন্যায়ালয় সমূহত থকা গোচৰৰ সংখ্যা হ’ল ৫৮,৯২,৩৯৮ টা। অৰ্থাৎ ৭১৭ গৰাকী ন্যায়াধীশৰ মূৰৰ ওপৰত কিমান গোচৰৰ বোজা আছে সেয়া সহজেই অনুমেয়। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাই বৈঠকত কয় যে, দায়িত্ব ভাৰ গ্ৰহণ কৰাৰ পাছতেই চৰকাৰলৈ ১৮০ টা ন্যায়াধীশৰ পদ পূৰণ কৰাৰ বাবে তেওঁ চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। এবছৰতকৈ কম সময়ৰ ভিতৰত ইয়াৰে ১২৬ টা পদ পূৰণ কৰা হ’ল যদিও বাকী ৫৪ টা পদৰ ক্ষেত্ৰত চৰকাৰৰ পৰা এতিয়াও সন্মতিৰ অপেক্ষাত।
আন এক সমীক্ষাৰ তথ্য মতে ২০১০-২০ বৰ্ষৰ ভিতৰৰ সময়ছোৱাত দেশখনৰ সকলো পৰ্যায়ৰ ন্যায়ালয়ত বিচাৰকৰ পদ খালী হোৱাৰ পৰিমাণ ১৮ ৰ পৰা ২১ শতাংশ বৃদ্ধি পাইছে। এই পৰিমাণ উচ্চতম ন্যায়ালয়ত ৬ ৰ পৰা ১২ শতাংশ, উচ্চ ন্যায়ালয়ত ৩৩ ৰ পৰা ৩৮ শতাংশ আৰু জিলা আদালত সমূহত ১৮ ৰ পৰা ২০ শতাংশ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
সাধাৰণতে বিচাৰক সমূহৰ অৱসৰ, পদত্যাগ, অকাল মৃত্যু বা পদোন্নতিৰ বাবে খালী পদৰ সংখ্যাৰ পৰিমাণ বৃদ্ধি হোৱাৰ মূল কাৰণ বুলি চিহ্নিত কৰা হৈছে। ২০২০ চনত পেঞ্চন, ৰাজহুৱা অভিযোগ, আইন আৰু ন্যায় বিভাগৰ সংসদীয় ষ্টেণ্ডিং কমিটি খনেও উচ্চ ন্যায়ালয় সমূহত প্ৰতি বছৰেই ৩৫ ৰ পৰা ৪০ শতাংশ ন্যায়াধীশৰ পদ পূৰণ নকৰাকৈয়ে থাকে বুলি মত প্ৰকাশ কৰিছিল। ভাৰতৰ আইন আয়োগে ১৯৮৭ চনতেই দেশখনত প্ৰতি এক নিযুত জনসংখ্যাৰ বিপৰীতে অন্তত: ৫০ গৰাকীকৈ ন্যায়াধীশ নিযুক্তি দিয়াৰ সপক্ষে মত প্ৰকাশ কৰিছিল কিন্তু আজি ২০২২ চনতো প্ৰতি নিযুত লোকৰ বিপৰীতে ন্যায়াধীশৰ সংখ্যা কুৰিজনেই হৈ আছে। গণতন্ত্ৰৰ এটা মূল স্তম্ভ আৰু সংবিধানৰ ৰক্ষক ন্যায়পালিকাক কাৰ্যপালিকাই এনেদৰে অৱহেলা কৰিলে দেশখনৰ গণতন্ত্ৰৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More