নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষক বাধ্যতামূলক ছুটীঃ তদন্তৰ নিৰ্দেশ শিক্ষামন্ত্ৰীৰ

সামাজিক মাধ্যমত-যুৱতীৰে অশ্লীল বাৰ্তালাপ, ফটো ভাইৰেলক লৈ প্ৰতিবাদঃ উপাধ্যক্ষক ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব

0 68

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ আগষ্টঃ লখিমপুৰ জিলাৰ অগ্ৰণী অনুষ্ঠান নৰ্থ লখিমপুৰ (স্বায়ত্ত শাসিত) মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়া আৰু এগৰাকী অজ্ঞাত যুৱতীৰ মাজত ফেচবুকৰ মেচেঞ্জাৰ আৰু ৱাটচএপত যৌনগন্ধি বাৰ্তালাপ কৰাৰ কেতবোৰ স্কীন শ্বট সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত লখিমপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ফলত আজি মহাবিদ্যালয়খনৰ মুখ্য প্ৰৱেশদ্বাৰত একাংশ ছাত্ৰ সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি মহাবিদ্যালয়ৰ অধ্যক্ষক গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ লগতে সমগ্ৰ বিষয়টো তদন্তৰ দাবী জনায় ৷ সামাজিক মাধ্যমত ভাইৰেল হোৱা উক্ত ঘটনাই লখিমপুৰবাসীক স্তম্ভিত কৰি তোলাৰ সময়তে আজি মহাবিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰীয়েও ইয়াৰ তীব্ৰ বিৰোধিতা কৰি উচিত তদন্তৰ দাবী জনায়৷ আজি মহাবিদ্যালয়খনৰ মূল প্ৰৱেশ পথত আছুৱে বিমান চেতিয়াৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আৰু অধ্যক্ষৰ শাস্তিৰ লগতে অপসাৰণৰ দাবী জনায় ৷ IMG 20220825 WA0031ইপিনে অসম জাতীয়তাবাদী যুৱ পৰিষদ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আদি সংগঠনসমূহে অধ্যক্ষৰ বিৰুদ্ধে উঠা অভিযোগৰ তীব্ৰ নিন্দা কৰে৷ মহাবিদ্যালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ থকাৰ সময়ত অঘটনৰ আশংকা কৰি পুৱাৰে পৰা জিলা প্ৰশাসনে বৃহৎ সংখ্যক আৰক্ষী, অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় ৷ আনহাতে আজি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যৰ উচ্চ শিক্ষা বিভাগক তাৎক্ষণিক ভাৱে ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে৷ তদুপৰি বিষয়টো সঠিক তদন্তৰ বাবে মহাবিদ্যালয় পৰিচালনা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি অনুষ্ঠিত হয়৷ অৱশ্যে মহাবিদ্যালয়খনৰ অধ্যক্ষৰ বিৰুদ্ধে উঠা অভিযোগ সন্দৰ্ভত আজি অধ্যক্ষগৰাকীয়ে কয় যে তেওঁৰ ফেচবুক আই ডি হেক কৰি কোনো দুষ্টচক্ৰই ভুৱা ৱাটচআপত এনে দুষ্কাৰ্য সংঘটিত কৰিছে৷ উল্লেখ্য যে যোৱা নিশা মহাবিদ্যালয়খনৰ অধ্যক্ষই লখিমপুৰ সদৰ থানাত এই সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰে৷ ইফালে আজি জিলা আছু সম্পাদক নেতা স্বৰাজ শংকৰ গগৈয়ে কয় মহাবিদ্যালয়খনৰ অধ্যক্ষ বিমান চেতিয়াৰ বিৰুদ্ধে যিবোৰ অভিযোগ উত্থাপিত হৈছে সেই অভিযোগে মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ কলুষিত কৰিছে৷ সেয়ে এই গৰাকী অধ্যক্ষক শীঘ্ৰে নিলম্বিত কৰাৰ লগতে কঠোৰ শাস্তিৰ দাবী জনায় ৷ অসম জাতীয়তাবাদী যুৱ পৰিষদেও অধ্যক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী জনায় ৷ বীৰ লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিয়েও বিমান চেতিয়াৰ দৰে এগৰাকী অধ্যক্ষই ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনৰ সুনামত কালিমা সানিলে ৷ সেয়ে মহাবিদ্যালয়খনৰ অধ্যক্ষজনৰ বিৰুদ্ধে যি অভিযোগ উঠিছে এই অভিযোগৰ সত্যাসত্য নিৰূপনৰ বাবে ৰাজ্যপালৰ হস্তক্ষেপ দাবী কৰি তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়৷ তদন্তৰ নিৰপেক্ষতাৰ স্বাৰ্থত ড॰ বিমান চেতিয়াক দায়িত্বৰ পৰা সাময়িক ভাৱে অব্যাহতি দিয়াৰো দাবী জনায় ৷ একেদৰে হিন্দু যুৱ পৰিষদেও মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷

নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত মহাবিদ্যালয় পৰিচালনা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠকঃ ইফালে উক্ত ঘটনা সন্দৰ্ভত নৰ্থ লখিমপুৰ স্বায়ত্ত শাসিত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ এখন জৰুৰী বৈঠক আজি অনুষ্ঠিত হয়৷ পৰিচালনা সমিতিৰ সভাপতি ড॰ মুকুন্দ ৰাজবংশীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত উক্ত ঘটনা সন্দৰ্ভত শিক্ষক গোটৰ প্ৰস্তাৱ লোৱাৰ উপৰি পৰিচালনা সমিতিয়ে উচ্চ শিক্ষা বিভাগলৈ ঘটনা বিচাৰৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ লগতে এই ঘটনাৰ লগত জড়িত মূল দোষীক বিচাৰি উলিয়াবলৈ মহাবিদ্যালয় পৰিচালনা সমিতিয়ে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু উচ্চ শিক্ষা বিভাগলৈ পত্ৰ প্ৰেৰণ কৰে ৷ আনহাতে আজিৰ সভাই ড॰ বিমান চেতিয়াক ১৫ দিনৰ বাধ্য়তামূলক ছুটী দিয়াৰ লগতে উপাধ্যক্ষ ড॰ ৰঞ্জন বৰাক [প্ৰশাসনিক] অস্থায়ী ভাৱে অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More