ন ৰূপেৰে দেশৰ পথত জিলিকিব এম্বেচাডৰ

উভতি আহিছে নষ্টালজিয়া!

0 34

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ মে’ : এসময়ত গাড়ী (Cars) বুলিলে বাটে-ঘাটে এম্বেচাডৰ বাদ দি আন একোৱেইই দেখা পোৱা নগৈছিল। এম্বেচাদৰ মানেই যেন আছিল আভিজাত্যৰ প্ৰতীক! দীর্ঘদিন দেশৰ গাড়ী বজাৰখনো একচেটিয়াকৈ ধৰি ৰাখিছিল এম্বেচাডৰেই। এনেহেন জনপ্রিয় গাড়ীবিধ যেতিয়া ২০১৪ চনত বজাৰৰ পৰা তুলি লৈ যোৱা হ’ল, বহু মানুহৰ মনৰ কোনো এটা কোণত হয়তো অলপ হ’লেও বিষাইছিল! বহুজনে হয়তো চলাব নোৱৰা অৱস্থাতো গেৰেজত সযত্নে সেই বাহনখন এতিয়াও ৰাখি! থ’বই। কাৰণ এম্বেচাডৰ মানেই যেন এক নষ্টালজিয়া! যিসকলে আজিও তেওঁলোকৰ গেৰেজত এখন এম্বেচাডৰ গাড়ী ৰখাৰ স্বপ্ন দেখে, তেওঁলোকৰ বাবে আছে এক সুখবৰ। নতুন এম্বেচাডৰ লৈ আহি আছে হিন্দুস্তান মটৰ্ছ (Hindustan Motors)। প্রসঙ্গক্ৰমে উল্লেখ্য যে, হিন্দুস্তান মটৰ্ছে এম্বেচাডৰৰ উৎপাদন বন্ধ কৰি দিছিল দুটি কাৰণত। প্রথমতে, সংস্থাটো ব্যাপকভাৱে ঋণগ্রস্ত হৈ পৰিছিল আৰু দ্বিতীয়তে, এম্বেচাডৰৰ চাহিদাও একেবাৰে তল পাইছিলগৈ। সেই এম্বেচাডৰেই এইবাৰ নৱৰূপত উভতিছে। এক প্ৰতিবেদনৰ পৰা জনা গৈছে যে, এম্বেচাডৰ ২.০ (Ambassador 2.0) ভাৰতত আৰু দুই-এবছৰৰ ভিতৰতেই মুকলি কৰা হ’ব।

* নতুন জোঁট বন্ধন
নতুন এম্বেচাডৰ বজাৰলৈ আনিবলৈ হিন্দ মটৰ ফাইনেন্সিয়েল কর্পৰেচন অব ইণ্ডিয়া (HMFCI)ই যুটি বান্ধিছে ফ্রান্সৰ গাড়ী প্রস্তুতকাৰক সংস্থা Peugeotৰ লগত। মূলতঃ এম্বেচাডৰ ২.০ৰ ডিজাইন আৰু ইঞ্জিনৰ বাবেই জইন্ট ভেঞ্চাৰ হিচাপে কাম কৰিব বুলি জানিব পৰা গৈছে। সূত্রৰ খবৰ অনুসৰি এম্বেচাডৰৰ এটা ইলেকট্রিক ভাৰ্চনো ভাৰতত মুকলি কৰা হ’ব। পৰৱর্তী প্রজন্মৰ এই এম্বেচাডৰ গাড়ী হিন্দুস্তান মটৰ্ছৰ চেন্নাইস্থিত কাৰখানাত তৈয়াৰ কৰা হ’ব বুলি সূত্রৰ খবৰত প্রকাশ। হিন্দ মটৰ ফাইনেন্সিয়েল কর্পৰেচন অব ইণ্ডিয়া (HMFCI)ৰ অধীনস্থ এই কোম্পানীটো আচলতে চি কে বিড়লা গ্রুপৰ সহকাৰী সংস্থা। নতুন গাড়ীখনৰ সম্পর্কে হিন্দুস্তান মটৰ্ছৰ সঞ্চালক উত্তম বসুৱে সংবাদ মাধ্যমক কয়— “এই মুহূর্তত আমি ‘এম্বি’ৰ নতুন লুক আৰু ডিজাইনক লৈ কাম কৰিছোঁ।” তেওঁ ইঙ্গিত দিয়ে যে, আগন্তুক দুই এবছৰৰ ভিতৰতেই গাড়ীখন ভাৰতৰ বজাৰত মুকলি কৰা হৈ যাব। কাৰণ, ইতিমধ্যেই নতুন এম্বেচাডৰৰ মেকনিকেল আৰু ডিজাইন ৱর্ক এডভান্সড ষ্টেজত উপনীত হৈছে।

* মৰিছ অক্সফৰ্ড আৰু এম্বেচাডৰ
হিন্দুস্তান মটৰ্ছৰ এম্বেচাডৰ গাড়ীখন ব্রিটিছ গাড়ী মৰিছ অক্সফর্ড ছিৰিজ থ্রী-ৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছিল। ১৯৫৭ চনত গাড়ীখন প্রথম ভাৰতত মুকলি কৰা হয়। খুব কম সময়ৰ ভিতৰতেই গাড়ীখন দেশৰ ষ্টেটাছ চিম্বল হৈ উঠে আৰু পৰৱর্তী কেইবাটাও দশকৰ বেষ্ট-ছেলিং গাড়ী হৈ উঠে। ৫৭ বছৰ ধৰি বজাৰত ৰাজত্ব কৰাৰ পিছত ২০১৪ চনত এম্বেচাডৰৰ উৎপাদন বন্ধ কৰি দিয়ে হিন্দুস্তান মটৰ্ছে। শেষৰখন এম্বেচাডৰ গাড়ী নিৰ্মাণ হৈছিল পশ্চিমবঙ্গত হিন্দুস্থান মটৰ্ছৰ হিন্দ মটৰৰ কাৰখানাত। ইয়াৰ মাজতেই এতিয়া এটা সুখবৰ হ’ল, পশ্চিমবঙ্গৰ হিন্দ মটৰত হিন্দুস্থান মটৰ্ছৰ কাৰখানাটো পুনৰ মুকলি হ’ব। অৱশ্যে তাত নতুন এম্বেচাডৰ এচেম্বল কৰা হ’ব নে নাই, সেই বিষয়ে কোনো নিশ্চিত বার্তা এইপর্যন্ত পোৱা হোৱা নাই।

২০১৭ চনত হিন্দুস্থান মটৰ্ছ ফ্রেন্স গাড়ী প্রস্তুতকাৰক সংস্থা Peugeotৰ লগত চুক্তিবদ্ধ হৈ এম্বেচাডৰ বিক্রী কৰি দিছিল। ফ্রেন্স সংস্থাটোৰ ওচৰত ৮০ কোটি টকাত এম্বেচাডৰ ব্রেণ্ডটো বিক্রী কৰি দিয়ে চি কে বিড়লা গ্রুপে। উল্লেখ্য যে, Peugeot বিদেশী সংস্থা হিচাবে ভাৰতত প্রথম পদার্পণ কৰিছিল ১৯৯০ৰ দশকত। যিয়েই নহওক; শেষ ভালেই সকলো ভাল। বাটে-ঘাটে পুনৰ দেখা যাব তাহানিৰ আভিজাত্যৰ প্ৰতীক অথবা বহুজনৰ নষ্টালজিয়া হৈ উঠা আৰামদায়ক এম্বেচাডৰ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More