পদ্মশ্ৰী য়েচে দৰজে ঠংচিলৈ সাহিত্য সভাৰ সাহিত্যসূৰ্য লুম্মেই দাই বঁটা প্ৰদান

মঙলদৈত অসম সাহিত্য সভাৰ বঁটা প্ৰদান অনুস্থান

0 27

অৰুণাচলবাসীয়ে অসমীয়া ভাষা এৰাৰ সময়ত মই অসমীয়া সাহিত্য চৰ্চা কৰিছিলোঁ –ঠংচি

মনোজ কুমাৰ শইকীয়া, তেজপুৰ, ১ জুনঃ যিটো সময়ত অৰুণাচলবাসীয়ে অসমীয়া ভাষা এৰি দিছিল সেই সময়ত মই অসমীয়া ভাষা চৰ্চা কৰিছিলো। লিখিবলৈ লৈছিলো। তাপাম তাৰ্কী হৈছে অৰুণাচলৰ প্ৰথম অসমীয়া লেখক । অৰুণাচলত অসমীয়া ভাষা বন্ধ হোৱাৰ কাৰণ হল চৰকাৰী ভাবে অসমীয়া ভাষা বন্ধ কৰাৰ বাবে। মানুহে ভাবিলে অসমীয়া লিখি, শিকি কি কাম হব। কিন্তু পদ্মশ্ৰী লুম্মেই দায়ে অসমীয়া ভাষালৈ বৃহৎ অবদান দি গৈছে। এই ভাষ্য অৰুণাচলৰ বিশিষ্ট সাহিত্যিক, পদ্মশ্ৰী য়েচে দৰজে ঠংচিৰ। আজি মঙলদৈ জিলা পুথিভঁৰালত অনুস্থিত অসম সাহিত্য সভাৰ ২০২১ বৰ্ষৰ সাহিত্যসূৰ্য লুম্মেই দাই বঁটা প্ৰদান অনুস্থানত সাহিত্যিক গৰাকীয়ে বটা গ্ৰহণ কৰি তেঁও কয় ৰচনা লিখা প্ৰতিযোগিতাৰ বাবে ছাত্র অবস্থাতে তেঁও অসম সাহিত্য সভাৰ পৰা হৰিহৰ চৌধুৰী বঁটা লাভ কৰিছিল। কটন কলেজত অসমীয়া বিষয়ত নামভৰ্তি কৰি অসমীয়া ভাষা সাহিত্যৰ সৈতে একাত্ম হৈ পৰা বুলি কৈ যেতিয়া অৰুণাচলত অসমীয়া ভাষা এলাগী হৈ পৰিছিল, তেতিয়া অদ্ভুত পৰিস্থিতি হৈছিল।তেতিয়া লুম্মেই দায়ে অসমীয়া লিখিবলৈ বাদ দিলে আৰু মই ঠংচিয়েও গোপনে লিখিবলৈ লৈছিলো। তাত সাহিত্য বুলি কলে লাজ লগা পৰিস্থিতি হল। পিছত আমি ২০০৬ অৰুণাচল লিটাৰেৰী ছচাইটি গঠন কৰিলো। লাহে লাহে সাহিত্যৰ প্ৰতি নতুন চামৰ আগ্ৰহ বৃদ্ধি পালে । তেঁও আৰু কয় যে এতিয়া অৰুণাচলতো ভাল ভাল লেখক ওলাল, ৰাষ্ট্ৰীয় পৰ্যায়ৰ লেখক ওলাল । কিন্তু দুখৰ বিষয় অৰুণাচলত এতিয়া কোনেও অসমীয়া নিলিখে। হয় ইংৰাজীত লিখে, নহলে হিন্দী লিখে । অসম সাহিত্য সভাৰ উপ সভানেত্ৰী মৃনালিনী দেবীৰ সভাপতিত্বত অনুস্থিত সভাখনত বিশিষ্ট সাহিত্যিক ঠংচিয়ে আৰু কয় যে এতিয়া অৰুণাচল চৰকাৰে নিজৰ জনজাতীয় ভাষাত লিখিবলৈ বিশেষ পদক্ষেপ লৈছে । বিশেষকৈ নতুন লেখকক ধন আগবঢ়াই উৎসাহিত কৰিছে ।তেঁও কয় অৰুণাচল এনে এখন ৰাজ্য যত ১০০ তাতকৈও অধিক ভাষা কোৱা লোক আছে। এতিয়া অৰুণাচলী লোক সকলো সজাগ হৈছে নিজৰ নিজৰ জনগোষ্ঠীৰ ভাষা জীয়াই ৰাখিবলৈ। অসম সাহিত্য সভাৰ পৰা এইটো চতুৰ্থ বটা লাভ কৰা বুলি কৈ সাহিত্যিক গৰাকী আবেগিক হৈ পৰে। উল্লেখযোগ্য যে অসম সাহিত্য সভাই প্ৰতি দুবছৰৰ মূৰে মূৰে জনজাতীয় সাহিত্যৰ ওপৰত লিখা লেখকলৈ এই বটা আগবঢ়াই আহিছে । এই বটা হিচাপে সাহিত্যিক গৰাকীলৈ ২৫ হাজাৰ টকা, মানপত্ৰ, জাপি, চেলেং আৰু গামোচা আগবঢ়োৱা হয়। প্ৰধান সম্পাদক যাদব শৰ্মাই আঁত ধৰা আৰু অসস সাহিত্য সভাৰ উদ্যোগত মঙলদৈ প্ৰেছ ক্লাব আৰু দৰং জিলা সাহিত্য সভাৰ সহযোগত অনুস্থিত বঁটা প্ৰদান সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, পদ্মশ্ৰী সূয্য হাজৰিকা, ৰাভা সাহিত্য সভাৰ সম্পাদক ৰাজ কুমাৰ ৰাভা, মঙলদৈ লোকসভাৰ সাংসদ দীলিপ শইকীয়া, প্ৰাক্তন সভাপতি তথা ছিপাঝাৰৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী , মঙলদৈৰ বিধায়ক বসন্ত দাস, মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি মদন বৰুৱা, সম্পাদক লক্ষীনন্দন কলিতা আদি বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰে । সভাত শলাগৰ শৰাই আগবঢ়াই সাংবাদিক মুকুট ৰাজ শৰ্মাই। ইয়াৰ পূৰ্বে পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে দৰং জিলা সাহিত্য সভাৰ উপ সভাপতি বৰদা শইকীয়াই। আনহাতে লুম্মেই দাইৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে পদ্মশ্ৰী সূয্য হাজৰিকাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More