“পদ্যৰ সঁফুৰা” গ্ৰন্থৰ বাবে সুৰেন্দ্ৰ মোহন দাসলৈ ‘অকণিৰ সাহিত্য সভা’ৰ ২০২২ চনৰ শ্ৰেষ্ঠ শিশু-গ্ৰন্থৰ বঁটা

২৪ ডিচেম্বৰত তেজপুৰত বঁটা প্ৰদান অনুষ্ঠান

0 77

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২ ডিচেম্বৰঃ শিশু আৰু কিশোৰ-কিশোৰীৰ উপযোগী “পদ্যৰ সঁফুৰা” শীৰ্ষক গ্ৰন্থলৈ ২০২২ চনৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা প্ৰদান কৰিব বুলি আজি তেজপুৰত এক প্ৰেছ বিবৃতি যোগে “অকণিৰ সাহিত্য সভা”ৰ সভাপতি পংকজ বৰুৱা আৰু সম্পাদক ৰাকেশধীৰ মেধিয়ে ঘোষণা কৰিছে। “পদ্যৰ সঁফুৰা” গ্ৰন্থৰ লেখক সুৰেন্দ্ৰ মোহন দাসক অহা ২৪ ডিচেম্বৰত তেজপুৰত অনুষ্ঠিতব্য গাম্ভীৰ্যপূৰ্ণ এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰিব বুলি “অকণিৰ সাহিত্য সভা”ই এক বিবৃতিৰ জৰিয়তে জানিবলৈ দিছে। বিজ্ঞানৰ চমকপ্ৰদ আবিষ্কাৰ ছপা-যন্ত্ৰৰ দ্ৰুত অগ্ৰগতিত কিতাপ প্ৰকাশ কৰাটো সহজ হৈ পৰাত এতিয়া প্ৰতিদিনে ন ন শিশু গ্ৰন্থ প্ৰকাশ হ’বলৈ ধৰিছে। তেনেক্ষেত্ৰত শিশুসকলে কি কিতাপ পঢ়িব? বা ভাল কিতাপখন পাঠকৰ হাতত পৰিবগৈনে? ই এক আলোচনাৰ বিষয়। এই ক্ষেত্ৰত অকণিৰ সাহিত্য সভাই প্ৰতি বছৰে এখন শ্ৰেষ্ঠ শিশু-গ্ৰন্থ নিৰ্বাচন কৰি অসমীয়া মৌলিক শিশু সাহিত্যৰ লেখক-লেখিকাসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে প্ৰতিবছৰে বৰ্ষ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা প্ৰদান কৰি আহিছে। এই বঁটাত আছে নগদ ধনৰ মাননি, স্মাৰক, সম্বৰ্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা, গামোচা আৰু অংগবস্ত্ৰ।উল্লেখ্য যে ১৯৯৬ চনৰ পৰাই সুৰেন্দ্ৰ মোহন দাসৰ কবিতা শ্ৰীময়ী, পূবালী, স্বৰূপা, প্ৰহেলিকা, শিপা আদি আলোচনীৰ লগতে বিভিন্ন স্মৃতিগ্ৰন্থত প্ৰকাশ পাইছিল। ‘প্ৰান্তিক’ আলোচনী আৰু বিভিন্ন কাকতত শব্দ আৰু ভাষাৰ ব্যৱহাৰ সম্পৰ্কে ভালেমান সৰু সৰু লেখা, চিঠিপত্ৰ প্ৰকাশ পাইছিল৷ গৰীয়সী, সাতসৰীতো দুই-এটা কবিতা লিখা কবিয়ে পাচলৈ শিশু-কবিতা লিখাতহে মনোনিৱেশ কৰে আৰু তাৰেই ফলশ্ৰুতিত আজিৰ অসম, দৈনিক অসম, অসমীয়া প্ৰতিদিন, অসমীয়া খবৰ আদি কাকতৰ শিশু পৃষ্ঠাত লিখাৰ উপৰি সঁফুৰা, মুকুতা, বাৰ ওঠৰ, মৌচাক, ৰংমন, নতুন ৰংমেলা, হিয়াৰ ৰামধেনু, চোতালৰ পখিলা, জোনাক, ৰণাংগন, অসম প্ৰবাহ, আদি আলোচনীত নিয়মীয়াকৈ লিখি আহিছে৷ বহুসংখ্যক স্মৰণিকাৰ সম্পাদনা সমিতিৰ অন্যতম দাসে শিশু-কবিতাৰ ক্ষুদ্ৰ পত্ৰিকা ‘প্ৰিয়বন্ধু’ৰ দুটা সংখ্যাও সম্পাদনা কৰিছে৷ চিত্ৰশিল্পত হাত থকা দাসে ‘পদ্যৰ সঁফুৰা’ গ্ৰন্থখনৰ বেটুপাত আৰু অন্তৰ্ভাগৰ ছবিসমূহো অংকন কৰিছে৷ এতিয়ালৈকে প্ৰকাশিত ‘তিনিকুৰি শব্দবিভ্ৰাট’ আৰু ‘পদ্যৰ সঁফুৰা’ গ্ৰন্থদুখনে পাঠকৰ সমাদৰ লাভ কৰিছে৷ ডেৰশ টকা মূল্যৰ, দহ শতাংশ চিত্ৰ থকা ১২৪ পৃষ্ঠাৰ পকাবন্ধা এই গ্ৰন্থখন ২০২২ চনত গুৱাহাটীৰ ভাষা প্ৰকাশনে প্ৰকাশ কৰিছে।আনহাতে বিবৃতিটোত ২৪ ডিচেম্বৰৰ বিয়লি ৩-৩০ বজাৰ পৰা তেজপুৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত হ’ব লগা এই বঁটা প্ৰদান অনুষ্ঠানতে “অকণিৰ সাহিত্য সভা”ই ৰাজ্যখনৰ বিশিষ্ট শিশু সাহিত্যিক অভিজিৎ শৰ্মা বৰুৱাকো ২০২২ বৰ্ষৰ “অকণিৰ সাহিত্য সভা”ৰ “অসমীয়া শিশু সাহিত্য বঁটা” ও প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More