অৰিন্দম তালুকদাৰ
পথৰ কিনাৰত নেপালী দম্পতীৰ হাতৰ ৰুটী ভাজি
এইদৰে কালিম্পঙত দুটা স্মৰণীয় দিন কটাই আমি এইবাৰ শিলিগুৰি অভিমুখে ৰাওনা হ’লো। দাৰ্জিলিং – গেংটকলৈ গ’লে আমি সদায় বাটৰ কাষৰ নেপালী হোটেলবোৰত আহাৰ খাও। সাধাৰণতে ৰুটী- তৰকাৰী, ঘুগুনী, মেগী, কণী আৰু মম তেওঁলোকে বৰ সোৱাদ লগাকৈ কৰে। সেইদিনাও চেভকৰ এহাল নেপালী দম্পতীৰ হোটেলত সোমাই শুকান ৰুটী আৰু আলু ভাজিৰ অৰ্ডাৰ দিলো। ৰাতিপুৱা সময়, স্বামীৰ কামলৈ যাবৰ হৈছে। দৌৰাদৌৰি যদিও তেওঁ পত্নীক সহায় কৰি দিছে,ধুমধামকৈ ৰুটী বেলিছে। পত্নীয়ে তাৱাত আমাৰ বাবে সেই ৰুটী সেকিছে। তেওঁ লৰালৰিকৈ শুকান ৰুটীৰ সৈতে ডোখৰ ডোখৰকৈ কটা মচলা লাগি থকা আলু ভাজিৰ প্লেট সাজি আমালৈ আগুৱাই দিলে। গৰম ৰুটীৰ সৈতে মিহিকে কুটা পিঁয়াজ,আদা , জলকীয়া আৰু কেঁচা ধনিয়া পাত ছটিয়াই দিয়া আৰু গাত মচলা লাগি থকা আলুভাজি খিনি খাই খুব ভাল লাগিল। ভাজি খাওতে নাকত লগা তাত মিহলাই দিয়া ভজা তিলৰ গুড়িৰ গোন্ধটো আৰু মজা লাগিল। এনেদৰে পেটপুৰাই খাই দম্পতী হালক ভূয়সী ধন্যবাদ দি আমি শিলিগুৰি অভিমুখে আগবাঢ়িলো। শিলিগুৰিত তেতিয়া আমাৰ বাবে অপেক্ষা কৰি আছিল দুগৰাকী কলেজ শিক্ষক, যি দুটা দশক আগতে বজালী কলেজত আমাৰ ছাত্ৰ আছিল।
ড° ৰতন বৰ্মন আৰু ড° দৰ্শন বৰ্মন
এটা সময় আছিল যি সময়ত বজালী কলেজকে (এতিয়া ভট্টদেৱ বিশ্ববিদ্যালয়)ধৰি পশ্চিম অসমৰ কেবাখনো কলেজলৈ উত্তৰ বংগৰ বহু ছাত্ৰ-ছাত্ৰী পঢ়িবলৈ আহিছিল। মূলত ভূগোল বিষয়ক গুৰু বিষয়ৰূপে লৈ লগত ইতিহাসৰ সাধাৰণ পাঠ্যক্ৰম পঢ়িছিল। সেইসময়ত উত্তৰ বঙ্গৰ কলেজ সমূহত ভূগোলৰ অনাৰ্ছ পাঠ্যক্ৰম পঢ়াৰ সুবিধা নাছিল। পশ্চিমবঙ্গত কলা শাখাত স্কুল শিক্ষকৰ চাকৰি পাব লাগিলে স্নাতকত ভূগোল বুৰঞ্জী পঢ়াতো বাধ্যতামূলক আছিল। সেয়ে তেওঁলোকে আমাৰ কলেজবোৰলৈ পঢ়িব আহিছিল। আমি সেইসময়ত বুৰঞ্জী বিষযটোৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ আৰু বুৎপত্তি দেখি খুব ভাল পাইছিলো। ব্যাকৰণৰ সৰুসুৰা ভুল আৰু ‘ব’তে ফুটতো দি সময়ে সময়ে ‘ৰ’ টো লিখাৰ বাহিৰে তেওঁলোকে অতি সুন্দৰকৈ বুৰঞ্জী বিষয়ৰ প্ৰশ্নোত্তৰ লিখিছিল ; ভূগোল বিষয়টোত তেনে ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰগাঢ় জ্ঞান আছিল। কাজেই তেওঁলোকে পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। বাঙালী ভাষাতো কাম চলাকৈ কব পৰা বাবে আমি উত্তৰ বংগৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগত মাজে সময়ে বাঙালীতে কথা পাতিছিলো আৰু সেইসূত্ৰে তেওঁলোকৰ লোকৰ লগত এক অন্তৰংগ সু সম্পৰ্ক গঢ় লৈ উঠিছিল। পৰৱৰ্তী সময়ত সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ লোকৰ কিছু সংখ্যক ৰ লগত আমি এতিয়াও সংযুক্ত হৈ আছো্ তেনে দুজন আমাৰ মৰমৰ ছাত্ৰ ড° দৰ্শন বৰ্মন আৰু ড° ৰতন বৰ্মন। কোচবিহাৰৰ ভিতৰুৱা গাঁৱৰ আৰ্থিক ভাৱে অতি দুৰ্বল পৰিয়ালৰ লৰা দুজনে এতিয়া শিলিগুৰিৰ দুখন আগশাৰীৰ মহাবিদ্যালয়ৰ অধ্যাপক ৰূপে কৰ্মৰত। আমি কালিম্পঙৰ পৰা ওভতাৰ বাটত শিলিগুড়িত এটা দিন কটাম বুলি তেওঁলোক দুয়োজনকে আগতীয়াকৈ জনোৱাত দুয়োয়ে আমাক শিলিগুড়িৰ বিধানমাৰ্কেটৰ ওচৰলৈ আহি লগ ধৰিলে। দুটা দশকৰ পাছত আমাক দেখি দুয়োজনে হায়ৈ- বিয়ৈ লগালে; প্ৰণাম কৰিলে, অনৰ্গল কথা পাতিলে।তেওঁ লোক দুয়োকে লগ পোৱাৰ পাছত আমি শিলিগুড়িত ঘুৰা- ফুৰা, খোৱা বোৱা ,বজাৰ কৰা একোৱে চিন্তা কৰিব লগা নহ’ল। তেওঁলোকে আমাক শিলিগুড়ি কলেজলৈ লৈ গৈ ছবি ল’লে । আমি দুয়োজনকে মৰমৰ উপহাৰ ৰূপে দুখন গামোচা দিলোঁ। উভতিবৰ পৰত ড° ৰতন বৰ্মনে আমাক ইষ্টাৰ্ণ বাই পাচলৈ আগুৱাই থৈ গ’ল। শিলিগুড়িৰ পৰা গুৱাহাটী পোৱাৰ আগলৈকে দুয়োজনে ফোন কৰি আমাৰ খবৰ লৈ থাকিল। আঢ়ৈ দশকজোৰা শিক্ষকতা কালত ছাত্ৰ- ছাত্ৰ-ছাত্ৰীৰ পৰা পোৱা এনে সন্মান আৰু মৰমবোৰে আমাক জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে। দুই অধ্যাপক ছাত্ৰই আমাক শিলিগুড়িত অন্যান্য ঠাই ফুৰোৱাৰ লগতে এখন ষাঠি বছৰতকৈ অধিক পুৰণি কাফে লৈ গ’ল যাৰ নাম নেতাজী কেবিন।
উত্তৰ বঙ্গৰ কফি হাউচ নেতাজী কেবিন
“ছাৰ আপোনাক এখন বেলেগ দোকানত চাহ খুৱাম”- বুলি আমাৰ প্ৰাক্তন ছাত্ৰ দৰ্শন আৰু ৰতন বৰ্মনে আমাক বিধান মাৰ্কেটৰ পিনে লৈ গৈ এখন সৰু কফি হাউচত বহুৱালে; সেইখন কিন্তু এলা- পেচা কফি হাউচ নহয়। ছয়টা দশক অতিক্ৰম কৰা এখন সৰু পুৰণি কফি হাউচ যিয়ে অহৰহ প্ৰত্যেক গৰাকী অতিথিক স্মৃতিকাতৰ কৰি তোলে। স্মৃতি কাতৰতাই নেতাজী কেবিনৰ মূল আকৰ্ষণ। অকণমানি কফি হাউচখনৰ আনকি তাহানিৰ চকী মেজবোৰো সলনি কৰা হোৱা নাই। ৰাতিপুৱাৰে পৰা নিশালৈ বাটাৰ টোষ্ট, পূৰাকৈ সিজোৱা কণী,আধা সিজোৱা কণী,অমলেট, কণীৰ পোচ্চ্ , চাহ আৰু কফি পৰিবেশন কৰা পুৰণি কাফেখনৰ ভিতৰত গ্ৰাহকৰ লানি নিচিগা ভিৰ। দৰ্শন বৰ্মণে আমাক ঠেক কাঠৰ চিৰি এটাৰে নেতাজী কেবিনৰ ওপৰলৈ লৈ গ’ল। বাহ্ তাত কি চমৎকাৰ পৰিবেশ! সেই কথা ছবিত দেখাৰ লেখীয়াকে চকুৰ আগত বাতৰি কাকত মেলি সন্মুখত চাহৰ কাপ লৈ বহি আছে দুই বয়স্ক ভদ্ৰলোক। খিৰিকিৰ কাষত বহি আছে কণী খোৱাত ব্যস্ত এহাল নেপালী দম্পতী। আমাৰ পৰা অকণ আঁতৰত বহি আছে এক প্ৰেমিক যুগল। তেওঁলোকৰ বাবে বাটাৰ টোষ্ট আহিছে, চাহ পোৱাহি নাই। দুৰ্গা পূজাত ঘৰলৈ গৈ উভতি অহা ৱেটাৰ এজনক দেখি বয়স্ক ভদ্ৰলোকে প্ৰশ্ন কৰিছে “কি ৰে কোথায় ছিলি? পূজো কেমন গেলো?” বুজিলো, এখেতসকল নেতাজী কেবিনৰ নিয়মীয়া আলহী। চাহৰ কাপত শোহা মাৰি দুই ভদ্ৰলোক আড্ডাত মগ্ন হ’ল। ইতিমধ্যে আমাৰ টোষ্ট আৰু ডবল অমলেট আহি পালে। কোনো টোষ্টাৰত নহয়, ৰঙাকৈ তাৱাত সেকা ব্ৰেড একোখন চাৰি টুকুৰা মানকৈ কাটি ওপৰত মাখন লগাই দিছে, লগত এটা মোটা ডবল অমলেট। বাটাৰ টোষ্টৰ লগত খাবলৈ প্লেট এখনত অকণমান চেনীও দিছে। আমি টোষ্ট আৰু অমলেট খাই বৰ জুতি পালো লগত দাৰ্জিলিঙৰ চাহ পাতেৰে কৰা চাহপাতৰ গোন্ধেৰে মলমলাই থকা চাহ কাপ খাই আৰু মজা লাগিল। সচাঁকৈয়ে নেতাজী কেবিনৰ টোষ্ট আৰু কণীৰ উপাদান সমূহ ছিগনেচাৰ আইটেম। নেতাজী কেবিনৰ পৰিবেশটোৱে আমাক তাহানিৰ ফাঁচী বজাৰৰ ৰবিন কেবিনলৈ মনত পেলাই দিলে। এনে ব্যতিক্ৰমী অভিজ্ঞতাৰ সোৱাদ দিয়াৰ বাবে আমাৰ প্ৰাক্তন ছাত্ৰদ্বয়ক আকৌ এবাৰ ধন্যবাদ জনালোঁ।
উত্তৰ বঙ্গৰ গ্ৰামাঞ্চলত এভুমুকি
আমাৰ এই ভ্ৰমণ কালত আমি স্বইচ্ছাই দুঠাইমানত ৰাজপথ এৰি কোচবিহাৰ আৰু আলিপুৰদুৱাৰ অঞ্চলৰ কেবাখনো গাঁৱৰ মাজেৰে আহিছিলো। উদ্দেশ্য আছিল পশ্চিমবঙ্গৰ গাঁৱৰ পৰিবেশ প্ৰত্যক্ষ কৰা। সাধাৰণ দৃষ্টিৰে চায়েই ধৰিব পাৰিছিলো বংগৰ গ্ৰামাঞ্চলৰ উন্নতিৰ দৃশ্য। বংগৰ গাওঁবোৰৰ বৰ্তমান ৰাস্তাঘাট পকী, বহল আৰু মসৃণ। খেতি পথাৰবোৰ সেউজীয়া, গাঁৱে গাঁৱে শীতল ভঁৰাল, পশুধন আৰু দুগ্ধ উৎপাদনৰ ব্যৱস্থা আৰু কিছুমান ক্ষুদ্ৰ উদ্যোগৰ কাৰখানা চকুত পৰিল।
নীড়মুখী পক্ষী
ঘৰলৈ উভতিবৰ বাটত আমি আলিপুৰ দুৱাৰ – শ্ৰী ৰামপুৰ হৈ অসম সোমালো। আকৌ অসমত গোসাইগাঁৱৰ পৰা কচুগাওঁ পৰ্যন্ত কুৰি বছৰ ধৰি চতুৰ্থীকৰণ সম্পূৰ্ণ কৰি তুলিব নোৱাৰা এছোৱা ৰাষ্ট্ৰীয় ঘাইপথে আমাক আদৰণি জনালে। বংগৰ টোলগেটবোৰত চল্লিশ টকা মানকৈ দি আহিলো কিন্তু অসম সোমোৱাৰ লগে লগে ৰাস্তা ভগা হ’লেও টোল বাঢ়ি গ’ল। শিলিগুড়ি ৰ পৰা বাইহাটা চাৰিআলিলৈ আমি উভতাৰ সময়ত প্ৰায় 410 টকা টোল দিলো। অহা-যোৱা মিলি 760 টকা মান টকা টোল আদায় দিয়া হ’ল। কচুগাওঁ পোৱাৰ পাছত বৰ্তমান ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্যৰত ভাৰপ্ৰাপ্ত বনাঞ্চলিক বিষয়া আমাৰ প্ৰাক্তন ছাত্ৰ প্ৰাঞ্জল তালুকদাৰৰ লগত কচুগাঁৱৰ পৰিদৰ্শন বঙলাত একাপ চাহ খাই নিশাই গুৱাহাটী অভিমুখে আগবাঢ়িলো। এইবাৰ মাজে মাজে গাড়ীৰ স্পিড মিটাৰৰ কাটাই এশ পাৰ কৰিলে। এইদৰে এঘাৰশ কিলোমিটাৰজোৰা এক বৰ্ণাঢ্য যাত্ৰাৰ সামৰণি পৰিল আৰু আমি এক অনন্য অভিজ্ঞতাৰে সমৃদ্ধ হ’লো।