পাঁচ বছৰৰ তলৰ শিশুৰ বাবে ক’ভিড টীকাঃ  প্রস্তুত ‘ফাইজাৰ’, অপেক্ষা অনুমোদনৰ

0 18

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ মে’ : ছমাহৰ পৰা পাঁচ বছৰ বয়সীয়া শিশুসকলৰ বাবে ‘ফাইজাৰ’-ৰ তিনিটা টীকা দিয়া হ’লে কৰ’না ভাইৰাছৰ বিৰুদ্ধে ৰোগ প্রতিৰোধৰ ক্ষমতা গঢ়ি তুলিব পৰা যাব। ২৩ মে’ সোমবাৰে সংস্থাটোৰ পক্ষৰ পৰা এই দাবী কৰা হৈছে। এই সপ্তাহৰ শেষৰফালে ঔষধ প্রস্তুতকাৰক সংস্থাটোৱে আমেৰিকান চৰকাৰৰ ওচৰত পাঁচ বছৰ বয়সৰ তলৰ শিশুসকলৰ টীকাকৰণ আৰম্ভ কৰাৰ আর্জি পেছ কৰিব। আমেৰিকাত কৰ’নাৰ চোক পুনৰ বাঢ়িছে। এই পৰিস্থিতিত ৫ বছৰতকৈ কম বয়সৰ শিশুসকলৰ টীকাকৰণ আৰম্ভ হ’লে অবিভাৱকসকলৰ উদ্বেগ কিছু হ’লেও কমিব। আনহাতে ‘মর্ডানা’ নামৰ আৰু এটা ঔষধ প্রস্তুতকাৰক সংস্থাৰ পক্ষৰ পৰা দাবী কৰা হৈছে যে, এই গ্ৰীষ্মতেই তেওঁলোকে পাঁচ বছৰতকৈ কম বয়সীয়া শিশুসকলৰ বাবে দুপালিকৈ দিব পৰা টীকা মুকলি কৰিব। পূর্ণবয়স্কসকলৰ প্রতিটো টীকাৰ মাত্রা সাধাৰণতে হয় ৩০ মাইক্রগ্রামৰ। ফাইজাৰৰ দ্বাৰা যি ট্রায়েল কৰা হৈছিল, তাত অংশগ্রহণকাৰী শিশুসকলক দিয়া প্রতিটো টীকা ৩ মাইক্রগ্রামৰ আছিল বুলি বিবৃতিত উল্লেখ কৰা হৈছে। প্রাপ্তবয়স্কসকলৰ টীকাৰ দৰে এই টীকাও ‘ফাইজাৰ’এ বনাইছে ‘বায়এনটেক’-ৰ সহযোগিতাত। সমীক্ষাত দেখা গৈছে, দুটা টীকাই শিশুসকলৰ প্রতিৰোধ ক্ষমতা গঢ়ি তুলিব পৰা নাই। সেয়ে সংস্থাৰ পক্ষৰ পৰা ১৬০০ জন শিশুক তৃতীয়টো টীকা দিয়া হয়। সেই সমীক্ষাত দেখা গৈছে যে, তৃতীয় টীকাটোৱে শিশুসকলৰ শৰীৰত কৰ’নাৰ আক্ৰমণ ৰাখিবলৈ বেছ কার্যকৰ। বিবৃতিত ‘ফাইজাৰ’-ৰ পক্ষৰ পৰা জনোৱা হয় যে, প্রাথমিক বিশ্লেষণ অনুসৰি শিশুসকলৰ ওপৰত এই টীকাৰ কার্যকাৰিতা ৮০.৩ শতাংশ। দ্রুত অনুমোদনৰ বাবে এই সমীক্ষাৰ ফলাফল এইবাৰ ‘ফাইজাৰ’ কর্তৃপক্ষই জমা দিব আমেৰিকাৰ ‘ফুড এণ্ড ড্রাগ এডমিনিষ্ট্ৰেশন’ (এফডিএ)ৰ ওচৰত। ‘মর্ডানা’ নে ‘ফাইজাৰ’, কোনটো সংস্থাৰ টীকাই আমেৰিকাত আগেয়ে গ্রহণযোগ্যতা পাব, সেয়া সময়তহে জানিব পৰা যাব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More