পাণ্ডিত্য, গাম্ভীৰ্যৰে মহীয়ান তিনিচুকীয়াৰ বীৰেন শৰ্মাৰ দেহাৱসান

0 10

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১ জুন : তিনিচুকীয়াৰ ঐতিহ্যমণ্ডিত চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বীৰেন শৰ্মাৰ মঙ্গলবাৰে বিয়লি পৰলোকপ্ৰাপ্তি ঘটে । মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল প্ৰায় ৮৩ বছৰ । বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত অৱসৰপ্ৰাপ্ত কৃতি শিক্ষকজনক কালি উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নি থকাৰ পথতে তেখেতৰ দেহাৱসান ঘটে । উল্লেখ্য যে নগাঁৱত জন্মগ্ৰহণ কৰা প্ৰয়াত বীৰেন শৰ্মাই নিজ জন্মস্থানতে স্কুলীয়া আৰু কলেজীয়া শিক্ষা সাং কৰাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অংক শাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে । কিছুদিনৰ বাবে নগাঁও মহাবিদ্যালয়ত শিক্ষকতা কৰাৰ পাছত তেখেতে তিনিচুকীয়াৰ চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মজীৱনৰ পাতনি মেলে । তিনিচুকীয়া চহৰৰ চলিহা নগৰ নিবাসী বীৰেন শৰ্মাৰ অংক শাস্ত্ৰত আছিল অগাধ ব্যুৎপত্তি । বিগত ১৯৯৩ চনৰ পৰা ২০০২ চনলৈকে চেনাইৰামৰ অধ্যক্ষৰ আসন শুৱনি কৰা বীৰেন শৰ্মাই নিজৰ পাণ্ডিত্য, গম্ভীৰ ব্যক্তিত্ব আৰু অনুশাসনৰ বাবে ছাত্ৰ সমাজৰ শ্ৰদ্ধা আৰু সমীহ আদায় কৰিবলৈ সক্ষম হৈছিল । মৃত্যুৰ সময়ত তেখেতে পত্নী, দুগৰাকী কন্যা, জোঁৱাই, নাতিনী আৰু অগণন গুণমুগ্ধক এৰি গৈছে । কালি নিশা তিনিচুকীয়াৰ ৰাজহুৱা শ্মশানত বহুসংখ্যক লোকৰ উপস্থিতিত তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় । ভিন ভিন বৃত্তিৰ লগত জড়িত হৈ অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশত থিতাপি লোৱা বীৰেন শৰ্মাৰ প্ৰাক্তন ছাত্ৰসকলে তেওঁলোকৰ প্ৰিয় ছাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More