পানীন্দ্ৰনাথ গগৈ ৰচনাৱলী উন্মোচন

0 29

পানীন্দ্ৰনাথ গগৈ ৰচনাৱলী উন্মোচ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ নৱেম্বৰঃ ‘ঊনবিংশ শতিকাৰ সংকটকালত অসমীয়া ভাষা-সাহিত্যৰ হৈ যুঁজ দিয়া অন্যতম যোদ্ধা আছিল পানীন্দ্ৰনাথ গগৈ৷ যাৰ অৱদান অবিহনে অসমীয়াৰ ভাষিক জাতীয়তাৰ প্ৰতিষ্ঠা অত্যন্ত জটিল হ’লহেঁতেন৷’– এই মন্তব্য বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি ড॰ হেমন্ত কুমাৰ বৰুৱাৰ৷ আজি লখিমপুৰত পানীন্দ্ৰনাথ গগৈ ৰচনাৱলী উন্মোচন কৰি তেওঁ এইদৰে কয়৷ তেওঁ লগতে কয় যে, পানীন্দ্ৰনাথ গগৈৰ বিষয়ে যিদৰে চৰ্চা হ’ব লাগে তেনেদৰে হোৱা নাই৷ নতুন প্ৰজন্মক তেওঁৰ অৱদানৰ বিষয়ে জনোৱাটো জ্যেষ্ঠসকলৰ কৰ্তব্য৷ গগৈৰ ৰচনাৱলীৰ প্ৰকাশে এইক্ষেত্ৰত অৰিহনা যোগাব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ আজি লখিমপুৰৰ আজাদত অনুষ্ঠিত হোৱা এখন গাম্ভীৰ্যপূৰ্ণ সভাত ‘পানীন্দ্ৰনাথ গগৈ ৰচনাৱলী’ উন্মোচন কৰা হয়৷ সভাখনত সভাপতিত্ব কৰে নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়াই৷ ‘পানীন্দ্ৰনাথ গগৈ ৰচনাৱলী’ সম্পাদনা কৰিছে দায়ৱদ্ধ লেখক তথা অধ্যাপক ড॰ অৰবিন্দ ৰাজখোৱাই৷ গগৈ প্ৰণীত পাঠ্যপুথিসমূহৰ উপৰিও ‘জোনাকী’ আৰু ‘বিজুলী’ আলোচনীত প্ৰকাশিত গগৈৰ প্ৰবন্ধ আৰু কবিতাসমূহো এই ৰচনাৱলীত সন্নিৱিষ্ট হৈছে৷ লগতে গগৈৰ জীৱন আৰু কৃতিৰ বিষয়ে পূৰ্বে পদ্মনাথ গোহাঞিবৰুৱা, ভ্ৰমৰ শইকীয়া, নন্দ তালুকদাৰ, চিৰাজুল হক বৰুৱা, ফণীধৰ বৰগোহাঞি আদি ব্যক্তিয়ে লিখা কেইটামান গুৰুত্বপূৰ্ণ প্ৰবন্ধও ইয়াত প্ৰকাশ কৰা হৈছে৷ প্ৰায় ৩৫ পৃষ্ঠাৰ এখন বিদ্যায়তনিক পাতনিৰে ড॰ ৰাজখোৱাই ৰচনাৱলীখনক সমৃদ্ধ কৰিছে৷ নিজৰ ভাষণত ড॰ ৰাজখোৱাই কয় যে– ‘পানীন্দ্ৰনাথ গগৈ আমাৰ জাতিটোৰ বাবে প্ৰাতঃস্মৰণীয় ব্যক্তি৷ বৰ্তমানে অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি যিবোৰ ভাবুকি জন্ম হৈছে সেয়া প্ৰতিহত কৰিবলৈ হ’লে গগৈৰ দৰে ব্যক্তিৰ কামৰপৰা প্ৰেৰণা আৰু কৌশল আহৰণ কৰাটো বৰ জৰুৰী৷ তেনে প্ৰেক্ষাপটতে বহল পাঠক সমাজৰ বাবে ৰচনাৱলীখন প্ৰকাশ কৰা হৈছে৷’ আজিৰ সভাখনত উপস্থিত থাকি গগৈৰ কৃতি সম্পৰ্কে মন্তব্য আগবঢ়ায় মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ৰাজীৱ হাজৰিকাই৷ উল্লেখযোগ্য যে তেওঁ পানীন্দ্ৰনাথ গগৈ কৰ্ম আৰু কৃতি সম্পৰ্কে গৱেষণা কৰি আছে৷ নৰ্থ লখিমপুৰ কলেজৰ ভূগোল বিভাগৰ মুৰব্বী ড॰ স্বপ্নালী গগৈ, অসমীয়া বিভাগৰ ড॰ ধীৰাজ পাটৰ, মুন্‌মী দত্ত, সাহিত্যানুৰাগী বগীতৰা বৰুৱাকে ধৰি ভালেসংখ্যক গৱেষকে মুকলি আলোচনাত ভাগ লয়৷ ‘পানীন্দ্ৰনাথ গগৈ ৰচনাৱলী’ প্ৰকাশ কৰিছে অসমৰ সম্ভ্ৰান্ত প্ৰকাশন প্ৰতিষ্ঠান বনলতাই৷ বনলতাৰ তৰফৰপৰা জনায় যে বৰ্তমান এই ৰচনাৱলী গুৱাহাটী, ডিব্ৰুগড়কে ধৰি সকলো নগৰৰ গ্ৰন্থ বিপণিত পোৱা যাব আৰু লগতে এমাজনৰ পৰা ‘অনলাইন’ কিনিবও পৰা যাব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More