পাভৰ পৰা উচ্ছেদিতৰ ৰোষত নাওবৈচাৰ কংগ্ৰেছ বিধায়ক ভৰত নৰহ

দ্বিতীয় দিনাও পাভ সংৰক্ষিত বনাঞ্চলত বৃহৎ উচ্ছেদ

0 41

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ১১ জানুৱাৰী : এসময়ত বনৰীয়া ম’হৰ বিচৰণ ভূমি বুলি পৰিচিত লখিমপুৰ জিলাৰ পাভ সংৰক্ষিত বনাঞ্চলক অবশেষত বেদখলমুক্ত কৰিবলৈ সক্ষম হ’ল লখিমপুৰ জিলা প্ৰশাসন আৰু বন বিভাগ | আজি সংৰক্ষিত বনাঞ্চলখনৰ আধাখনা অঞ্চলত ২৫০ হেক্টৰৰো অধিক বনভূমিত প্রশাসনে উচ্ছেদ অভিযান চলায়। কালি প্রশাসনে পাভ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত মহঘুলিত ২০ হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ পাছত আজি দ্বিতীয় দিনা উল্লেখিত ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হয়। আজি বিশাল আৰক্ষী অর্ধসামৰিক বাহিনী মোতায়ন কৰি বনাঞ্চলত নিৰ্মাণ কৰা বাসমূহত এস্কেভেটৰ, বুলড্ৰেজাৰ চলোৱাৰ সমান্তৰালকৈ শ শ হেক্টৰ ফুলি থকা সৰিয়হৰ খেতি জে.চি. বি. এস্কেভেটৰ আৰু ট্রেক্টৰে চহাই নিঃশেষ কৰে। একেদৰে প্ৰশাসনৰ বুলড্ৰেজাৰে এফালৰ পৰা মহতিয়াই ধ্বংস কৰিলে কৃষিজাত অন্যান্য শস্যও, পুতি পেলোৱা হয় সংৰক্ষিত বনাঞ্চলৰ ভূমিত নিৰ্মাণ কৰা বহু পুখুৰী। উল্লেখ্য যে ৪৬২৬ হেক্টৰ ভূমিৰ ৫০১ হেক্তৰ ভূমিহে বন বিভাগ তথা প্রশাসনে উচ্ছেদ চলাবলৈ নিৰ্ধাৰণ কৰিছিল যদিও প্রশাসনে তাতকৈ অতিৰিক্ত ভূমি বেদখলমুক্ত কৰে। বনাঞ্চলখনত অবৈধভাবে বসবাস কৰি থকা লোকসকলে বন অধিকাৰ আইন ২০০৬ৰ অধীনত আবেদন জনাইছিল যদিও তেওঁলোকৰ আবেদন অগ্রাহ্য কৰে। ইয়াৰ পিছৰ পৰ্যায়ত চৰকাৰে বেদখলকাৰী সকলক উচ্ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি জাননী জাৰি কৰে। সেই অনুসৰি দুটা পৰ্যায়ত এই উচ্ছেদ অভিযান চলে। উচ্ছেদ অভিযানৰ সময়ত সংৰক্ষিত বনাঞ্চলখনৰ ভিতৰত অবৈধভাবে গৃহ নির্মাণ কৰা ৫ শতাধিক গৃহ ধ্বংস কৰা হয়। জিলা প্রশাসনে এই উচ্ছেদ কালত যাতে কোনো উত্তেজক পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে বিগত সময়ত আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ সহযোগত বন বিভাগে সমসজ্জাৰে অনুশীলন অব্যাহত ৰখাৰ পৰিণতিত সংৰক্ষিত বনাঞ্চলখনৰ বেদখলকৃত ভূমিৰ পৰা বেদখলকাৰীসকল আগতেই আঁতৰি গৈছিল । যাৰ বাবে প্ৰশাসনে বিনা যুদ্ধে উক্ত ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ সক্ষম হয়। অর্ধশতাধিক ট্রেক্টৰ, বুলড্রেজাৰ, এস্কেভেটৰে শ শ হেক্টৰ হালধীয়া হৈ ফুলি থকা সৰিয়হৰ খেতিত চলোৱা উচ্ছেদ অভিযান দূৰৰ পৰাই চাই বেদখলকৃত খেতিয়ক সকল মর্মাহত হৈ পৰে। আজি লখিমপুৰ জিলা বনসংমণ্ডল প্রাধিকাৰী অশোক দেব চৌধুৰীয়ে জানিবলৈ দিয়া অনুসৰি প্রশাসনে শান্তিপূর্ণ ভাবেই এই উচ্ছেদ অভিযান চলায়। নির্ধাৰিত ৪০ হেক্টৰৰ বন ভূমিৰ উপৰিও অতিৰিক্ত বেদখলকৃত ভূমি প্রশাসনে মুক্ত কৰিলে বুলি জানিবলৈ দিয়ে। ইফালে প্ৰশাসনক এই উচ্ছেদ অভিয়ানক লৈ বিভিন্ন পক্ষই প্রশ্ন উত্থাপন কৰিছে। এই ক্ষেত্রত আমছুৰ দৰে সংগঠনে কেবল ধর্মীয় সংখ্যালঘু লোকসকলে বেদখল কৰা ভূমিহে বেদখল মুক্ত কৰিবলৈ লৈ এই উচ্ছেদ সাম্প্রদায়িক বুলি আখ্যা দি কেৱল সংখ্যালঘু লোককহে উচ্ছেদ কৰাৰ বিপৰীতে অন্যান্য জনগোষ্ঠীৰ লোকে বেদখল কৰা ভূমিত উচ্ছেদ অভিযান চলোৱা নাই আৰু এই উচ্ছেদ অভিযানক এক পক্ষীয় আৰু অমানৱীয় আখ্যা দিছে আমছুৱে। আনহাতে আজি এই উচ্ছেদ অভিযানৰ সময়ছোৱাতে নাওবৈচা বিধান সভা সমষ্টিৰ কংগ্ৰেছ বিধায়ক ভৰত চন্দ্ৰ নৰহে উচ্ছেদিত লোকসকলৰ খবৰ লবলে উচ্ছেদিতৰ শিবিৰত উপস্থিত হোৱাৰ সময়ত উচ্ছেদিত লোকৰ ক্ষোভৰ সম্মুখীন হয় বিধায়কজন।  ফলত পাভ সংৰক্ষিত বনাঞ্চলত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ উচ্ছেদিত লোকে কংগ্ৰেছৰ বিধায়ক ভৰত চন্দ্ৰ নৰহৰ বিৰুদ্ধে চোচা লয়। উচ্ছেদিত লোকসকলে বিপদৰ পূৰ্বে এই লোকসকলৰ ক্ষেত্ৰত কিয় সু-ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি তেওঁলোকে ক্ষোভ উজাৰে। ভৰত নৰহ গ’ বেক, মুর্দাবাদ আদি ধ্বনি দি বেদখলকাৰীয়ে স্থাপন কৰা অস্থায়ী শিবিৰ উত্তপ্ত কৰি তোলে। উচ্ছেদিতসকলৰ অভিযোগ বিধায়ক হিচাপে ভাৰত নৰহ জয়যুক্ত হোৱাৰ পিছত নিৰ্বাচনৰ পিছত ৰাইজক সম্পূর্ণ আভুৱা ভাবিলে। দীর্ঘ সময় ধৰি সমষ্টিৰ বাহিৰত থাকি আজি ৰাইজৰ সন্মুখলৈ অহাৰ পিছতেই উচ্ছেদিত ৰাইজে ভৰত নৰহলৈ বাৰে বাৰে চোচা লৈ অপদস্থ কৰাৰ লগতে প্ৰহাৰ কৰিবলৈ উদ্যত হয়। পাছত একাংশ লোকৰ তৎপৰতাত ৰক্ষা পৰে বিধায়ক ভৰত নৰহ। ৰাইজৰ অভিযোগ নির্বাচনৰ সময়ত তেওঁৰ মিঠা মিঠা কথা আৰু নিৰ্বাচনৰ পিছত তেওঁৰ পলায়নবাদী ভূমিকা লয় আৰু এনে নেতাৰ আমাৰ প্ৰয়োজন নাই বুলি ধিক্কাৰ দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More