পাভ সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ

প্ৰশাসনৰ উচ্ছেদৰ জাননী পাই ঘৰ বাৰী এৰি টালি টোপোলা বান্ধিছে বে-দখলকাৰীয়ে

0 41

শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ৭ ছেপ্টেম্বৰঃ লখিমপুৰ জিলা প্ৰশাসনৰ কঠোৰ উচ্ছেদ জাননী লাভ কৰি অৱশেষত পাভ সংৰক্ষিত বনাঞ্চলৰ পৰা বে-দখলকাৰীয়ে ঘৰ বাৰী এৰি আঁতৰি যাবলৈ বাধ্য হৈছে৷ কেবা দশক ধৰি সন্দেহযুক্ত নাগৰিকে ভৰি পৰা পাভ সংৰক্ষিত বনাঞ্চলৰ গৰিষ্ঠ সংখ্যক ভূমি এতিয়া প্ৰশাসনে মুক্ত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে৷ আজি লখিমপুৰ জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীয়ে বেদখলকাৰীক সেই স্থান এৰিবলৈ অন্তিম সকীয়নি দিয়াৰ পাছত ইয়াৰে গৰিষ্ঠ সংখ্যক পৰিয়ালে ঘৰ বাৰী এৰি যাবলৈ বাধ্য হোৱাৰ বিপৰীতে একাংশই এতিয়াও বনাঞ্চলৰ ভূমিতে আছে৷ উল্লেখনীয় কথা যে এসময়ৰ অটব্য অৰণ্যৰে ভৰা তথা ৪৯০০ বৰ্গ কিলোমিটাৰ যোৰা এই পাভ বনাঞ্চলখন বনৰীয়া ম’হকে ধৰি বিভিন্ন বন্য জীৱ-জন্তু, সৰীসৃপ, মূল্যবান গছ গছনিৰ আৱাসস্থল এই পাভ বনাঞ্চলখন এতিয়া বে-দখলৰ কবলত পৰি সম্পূৰ্ণৰূপে নিঃশেষ হৈ পৰিল৷ বনাঞ্চলৰ ভিতৰত একাংশ থলুৱা জনজাতীয় লোকৰ উপৰি তিনি শতাধিক সংখ্যালঘু [সন্দেহযুক্ত নাগৰিক] পৰিয়ালে ঘৰ দুৱাৰ সাজি বসবাস কৰাৰ লগতে বৃহৎ বৃহৎ পুখুৰী খান্দি বাৰীত তামোল, পানৰ গছ ৰোপণ কৰি একপ্ৰকাৰে বছৰ বছৰ ধৰি নিগাজীকৈ বসবাস কৰি আহিছে৷IMG 20220907 WA0044 শেহতীয়াকৈ লখিমপুৰ জিলা প্ৰশাসনে এই বে-দখলকাৰীসকলক সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ পৰা আঁতৰি যাবলৈ দুদিনৰ সময় বান্ধি দিয়াৰ লগতে অহা ১০ ছেপ্টেম্বৰত বনাঞ্চলখনত উচ্ছেদ অভিযান চলিব বুলি জাননী প্ৰেৰণ কৰিছে৷ তাৎপৰ্যপূৰ্ণ কথা যে সংৰক্ষিত বনাঞ্চলৰ ভূমিত একাংশ সন্দেহযুক্ত নাগৰিকে পকী ঘৰ পৰ্যন্ত সাজি বসবাস কৰি আহিছে৷ বে-দখলৰ কবলত পৰি নিঃশেষ হৈ পৰা সেউজীয়া বনাঞ্চলখনৰ ভূমিত এতিয়া শ শ হেক্টৰ ভূমিত কৃষি কাৰ্য কৰাৰ লগতে নিতৌ ঘৰ দুৱাৰ বৃদ্ধি কৰি যোৱাৰ সময়ত প্ৰশাসনে এনে পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ সন্দেহযুক্ত এই নাগৰিকসকলৰ কোনো নথি পত্ৰ নাই বুলিও এক সূত্ৰই সদৰি কৰিছে৷ বিহপুৰীয়া আৰু নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত ৪৯০০ বৰ্গ কিলোমিটাৰৰ এই বনাঞ্চলখনত এতিয়া পূৰ্বৰ এজোপাও গছ-গছনি নাইকিয়া হৈ পৰাৰ লগতে ইয়াৰ জীৱ-জন্তু সমূহো বিলুপ্ত হ’ল৷ অৱশ্যে প্ৰশাসনে বনাঞ্চলৰ কাষতে একাংশ লোকক অস্থায়ী ভাৱে থাকিবলৈ সুবিধা প্ৰদান কৰা বিষয়েও জানিব পৰা গৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More