‘পিএম কেয়াৰ্ছ ফ’ৰ চিল্ড্ৰেন’ আঁচনিৰ পৰা কি কি সুবিধা পাব অনাথ শিশুৱে

ক'ভিডত অনাথ অসমৰ ৫৫ শিশু অন্তৰ্ভুক্ত

0 18

দিছপুৰ, ৩০ মে’: ক’ভিড-১৯ অতিমাৰীত পিতৃ-মাতৃ উভয়কে হেৰুওৱা দেশৰ অনাথ শিশুসকলৰ ভৱিষ্যৎ সুৰক্ষিত আৰু সম্পূৰ্ণ কৰি তোলাৰ উদ্দেশ্যে ভাৰত চৰকাৰে এবছৰ পূৰ্বে ঘোষণা কৰা ‘পিএম কেয়াৰ্ছ ফ’ৰ চিল্ড্ৰেন’ আঁচনিৰ সা-সুবিধাৰাজি শিশুসকললৈ হস্তান্তৰণ প্ৰক্ৰিয়া আজি আনুষ্ঠানিক ভাৱে মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অনাথ শিশুসকলৰ পঢ়া-শুনা, থকা-খোৱাকে ধৰি সকলো দৈনন্দিন প্ৰয়োজনীয়তা পূৰণ কৰি তেওঁলোকক সুউজ্জ্বল ভৱিষ্যৎ নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই অভিলাষী আঁচনিখন ৰূপায়ণৰ ব্যৱস্থা কৰিছে। নতুন দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমেৰে অনুষ্ঠিত এক ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ জৰিয়তে সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে আঁচনিখনত সন্নিবিষ্ট সা-সুবিধাসমূহ দেশত ক’ভিডত পিতৃ-মাতৃহাৰা হৈ পৰা শিশুসকললৈ আনুষ্ঠানিক ভাৱে হস্তান্তৰ কৰে।

কি কি সুবিধা পাব অনাথ শিশুসকলে
পিএম কেয়াৰ্ছ ফ’ৰ চিল্ড্ৰেন আঁচনিখনৰ অধীনত ক’ভিডত পিতৃ-মাতৃ উভয়কে হেৰুওৱা অসমৰো ৫৫ টি শিশুক সামৰি লোৱা হৈছে। আঁচনিখনৰ হিতাধিকাৰী অনাথ শিশুসকলৰ প্ৰত্যেককে ২৩ বছৰ বয়সলৈকে তেওঁলোকৰ উপযুক্ত শিক্ষা-দীক্ষাকে ধৰি ভৱিষ্যৎ জীৱন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চৰকাৰে সম্পূৰ্ণ সহায়-সমৰ্থন আগবঢ়াব। তেওঁলোকক নিজৰ ঘৰৰ ওচৰতে চৰকাৰী বা ব্যক্তিগত বিদ্যালয়ত নামভৰ্তি, কিতাপ-বহী-ইউনিফৰ্ম আদিৰ খৰছ পিএম কেয়াৰ্ছ ফ’ৰ চিল্ডেনৰ পৰা চৰকাৰে বহন কৰিব। তদুপৰি, তেওঁলোকলৈ দৈনন্দিন আন খা-খৰছৰ বাবদো মাহে ৪,০০০ টকাকৈ প্ৰদানৰ লগতে ১৮ বছৰলৈকে বিশেষ জলপানিও আগবঢ়োৱা হ’ব। ১৮ বছৰৰ পৰা ২৩ বছৰ বয়সৰ সময়ছোৱাত মাহেকীয়া ষ্টাইপেণ্ড প্ৰদানৰ লগতে চিকিৎসা বিজ্ঞান, অভিযান্ত্ৰিক শিক্ষাকে ধৰি উচ্চ কাৰিকৰী শিক্ষা তথা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ক’চিং আৰু শিক্ষা ঋণৰো সুবিধা চৰকাৰে আগবঢ়াব। তদুপৰি, তেওঁলোকে ২৩ বছৰ বয়স সম্পূৰ্ণ কৰাৰ লগে লগে প্ৰত্যেকেই পিএম কেয়াৰ্ছ ফ’ৰ চিল্ড্ৰেন আঁচনিৰ পৰা ১০ লাখ টকাকৈ এককালীন সাহায্যও লাভ কৰিব। আনহাতে, এই অনাথ শিশুসকলৰ প্ৰতিগৰাকীয়ে বছৰি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধাযুক্ত আয়ুস্মান ভাৰত হেল্থ কাৰ্ডো লাভ কৰিব। আজিৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আঁচনিখনে সামৰি লোৱা শিশুসকলৰ বাবে বেংকৰ পাছবুক হস্তান্তৰণ কাৰ্যসূচী মুকলি কৰাৰ লগতে এই পাছবুক একাউণ্টলৈ আঁচনিৰ আৰ্থিক সুবিধাও পোনপটীয়াকৈ প্ৰেৰণৰ প্ৰক্ৰিয়াও শুভাৰম্ভ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More