পুটিনৰ বৃহৎ অফাৰ! ভাৰতক দিব বৃহৎ পৰিমাণৰ পাৰমাণৱিক ইন্ধন আৰু অস্ত্ৰ-শস্ত্ৰ

0 120

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ নৱেম্বৰ : পৰিস্থিতি যিয়েই নহওক কিয়, ভাৰতে দীৰ্ঘদিন ধৰি পাৰমাণৱিক শক্তি বা আধুনিক অস্ত্ৰৰ বাবে ৰাছিয়াৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। আনকি ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়তো যেতিয়া কেইবাখনো দেশে পুটিনৰ দেশত বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰিছিল, তেতিয়াও ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিছিল। কিন্তু কিছুমান দেশে এই নিৰ্ভৰশীলতাক ভালদৰে লোৱা নাই। ২০১৯ চনৰ একেবাৰে আৰম্ভণিতে আমেৰিকাৰ তেতিয়াৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতে ৰাছিয়াৰ পৰা এছ-৪০০ ট্ৰাইমফ এণ্টি মিছাইল ব্যৱস্থা ক্ৰয় কৰা বাবে উষ্মা প্ৰকাশ কৰিছিল। কেৱল সেয়াই নহয়, মস্কোৰ সৈতে হোৱা এছ-৪০০ চুক্তি বাতিল হ’লে আমেৰিকাই ভাৰতক ‘টাৰ্মিনেল হাই এলটিটুড এৰিয়া ডিফেন্স’ ক্ষেপণাস্ত্ৰ বিক্ৰী কৰিব বুলিও কৈছিল। অৱশ্যে এই প্ৰস্তাৱ নাকচ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এইদৰেই ভাৰতে বাৰে বাৰে ৰাছিয়াৰ সৈতে বন্ধুত্বপূৰ্ণ মনোভাৱ বজাই ৰাখিছে। এনে পৰিপ্ৰেক্ষিতত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে পূৰ্বে কৈছিল যে অস্ত্ৰ আৰু শক্তিৰ ক্ষেত্ৰত ৰাছিয়াৰ ওপৰত নিৰ্ভৰশীলতাৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰণ আছে। মূলতঃ পশ্চিমীয়া বিশ্বই বহু দশক ধৰি ভাৰতলৈ কোনো অস্ত্ৰ ৰপ্তানি কৰা নাছিল। লগতে অস্ত্ৰৰ মানৰ বিষয়টোও আছে। এনে পৰিস্থিতিত ভাৰতে সামগ্ৰিকভাৱে দেশৰ ভৱিষ্যতৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এনে সিদ্ধান্ত গ্ৰহণ কৰিছে। কেৱল সেয়াই নহয়, আৰু ৪টা পাৰমাণৱিক শক্তি ৰিয়েক্টৰো নিৰ্মাণৰ কাম চলি আছে। এই পৰিস্থিতিত ৰাছিয়াই সেই পাৰমাণৱিক শক্তি ৰিয়েক্টৰসমূহক সঠিক পৰিমাণৰ ইন্ধন যোগান আৰু আধুনিক প্ৰযুক্তিৰে সহায় কৰাৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছে যাতে উৎপাদন চলি থাকে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত যেতিয়া বিশ্বৰ কেইবাখনো দেশে ৰাছিয়াৰ পৰা ইন্ধন আৰু অস্ত্ৰ ক্ৰয়ৰ সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি কৰিছে, সেই সময়তে ৰাছিয়াই নিজেই এই প্ৰস্তাৱ ভাৰতলৈ প্ৰেৰণ কৰিছে। এই প্ৰেক্ষাপটত উল্লেখ কৰিব পাৰি যে ভাৰতে এতিয়াও ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More