পুটিন যদি মহিলা হ’লহেঁতেন!

0 9
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ জুন: নাটোৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন মাদ্ৰিদলৈ ৰাওনা হৈছে। এই প্ৰেক্ষাপটত তেওঁ ৰাছিয়া-ইউক্ৰেইন যুদ্ধক লৈ এক আচৰিত মন্তব্য কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন এগৰাকী মহিলা হ’লে ইউক্ৰেইনে আক্ৰমণ নকৰিলেহেঁতেন বুলি তেওঁ মন্তব্য কৰিছে। ২৮ জুনত এক সাক্ষাৎকাৰত এইদৰে কয় ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনে। উক্ত সাক্ষাৎকাৰত বৰিছ জনচনে লিংগ সমতা আৰু শিক্ষাৰ গুৰুত্বৰ বিষয়ে কয়। আৰু সেই প্ৰসংগতে বৰিছ জনচনে কয় যে, বিশ্বক ক্ষমতাত থকা অধিক মহিলাৰ প্ৰয়োজন। কিন্তু কিয়? ইয়াৰ কিছু সময়ৰ পিছতে তেওঁৰ মন্তব্যৰ ব্যাখ্যা দি কয় যে, পুটিন যদি এগৰাকী নাৰী হ’লহেঁতেন তেন্তে তেওঁ এনে তীব্ৰ-পুৰুষ যুদ্ধ আৰু হিংসা আৰম্ভ নকৰিলেহেঁতেন। দৰাচলতে বৰিছে কৈছিল— “যদি আপুনি বিষাক্ত পুৰুষত্বৰ এটা ডাঙৰ উদাহৰণ বিচাৰে, তেন্তে ইউক্ৰেইনত পুটিনে যি কৰি আছে সেয়া সেই উদাহৰণ হ’ব পাৰে।” ইয়াৰ উপৰি বৰিছ জনচনে কয় যে, ইউক্ৰেইন যুদ্ধৰ আগতীয়া অন্ত পৰাৰ কোনো আশা তেওঁ দেখা নাই। যুদ্ধৰ অন্ত পেলোৱাৰ বাবে মস্কো আৰু কিয়েভৰ মাজত কোনো সম্ভাৱ্য চুক্তি হোৱা নাই। উল্লেখ্য যে, যোৱা ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিছিল।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More