পুনৰ অঘটনঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰসূতিৰ মৃত্যুত উত্তপ্ত পৰিস্থিতিঃ আৰক্ষী মোতায়েন

0 21

শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ১৪ আগষ্টঃ দুৰ্ভাগ্যই যেন লগ এৰা নাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ক ৷ যোৱা নিশাও চিকিৎসা মহাবিদ্যালয়খনত এগৰাকী চিজাৰিয়ান কৰা প্ৰসূতিৰ মৃত্যুক লৈ চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ এই পৰিস্থিতি পিছত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব লগা হয়৷ প্ৰাপ্ত তথ্য অনুসৰি লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত তিনিদিন পূৰ্বে শিমলুগুৰি ৰনং নিমুৰিৰ বাসিন্দা বাবা বৰুৱাৰ পত্নী জানমণি গোহাই বৰুৱাক সন্তান প্ৰসৱৰ বাবে ভৰ্তি কৰা হৈছিল৷ সেই মৰ্মে ১২ আগষ্টৰ নিশা প্ৰসূতিগৰাকীক চিজাৰিয়ান কৰি এটি সন্তান প্ৰসৱ কৰোৱা হয় যদিও দুৰ্ভাগ্যজনক ভাৱে ১৩ আগষ্টৰ নিশা প্ৰায় ১১ বজাত প্ৰসূতিগৰাকীৰ চিকিৎসালয়তে মৃত্যু হয়৷ ইফালে এনেদৰে আকস্মিক ভাৱে মহিলাগৰাকীৰ মৃত্যু হোৱাত চিকিৎসালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ যাৰ ফলত হাস্পতাল কৰ্তৃপক্ষই নিশাই বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয়৷ আনহাতে প্ৰসূতিগৰাকীৰ আত্মীয় তথা পৰিয়ালৰ লোকৰ লগত এই সন্দৰ্ভত কোনো যোগাযোগ কৰিব পৰা হোৱা নাই৷ আনহাতে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ নিখিল কাকতিয়ে কয় যে অস্ত্ৰোপ্ৰচাৰৰ পিছত প্ৰসূতিগৰাকীৰ হাঁওফাওত তেজ গোট মৰাৰ বাবে এনেদৰে মৃত্যুমুখত পৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More