পুনৰ ‘কা’ বিৰোধী আন্দোলনৰ হুংকাৰ নিৰ্লজ্জৰ উৎকৃষ্ট উদাহৰণ: হিন্দু যুৱ-ছাত্ৰ

0 14

উত্তৰ লখিমপুৰ, ১৩আগষ্ট: কেইজনমান নেতাই পুনৰ ‘কা’ বিৰোধী আন্দোলন কৰাৰ হুংকাৰ দিয়া কাৰ্য্য নিৰ্লজ্জৰ এক উৎকৃষ্ট উদাহৰণ বুলি মন্তব্য কৰিছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে । আজি এক বিবৃতিযোগে এনে মন্তব্য প্ৰকাশ কৰি পৰিষদৰ নেতা দুগৰাকীয়ে কয় যে পূৰ্ব্বতে এইকেইজন নেতায়ে ‘কা’ সম্পৰ্কত কিছুমান গোকোট মিছা কথাৰে অসমৰ একাংশ ৰাইজক বিপথে পৰিচালিত কৰি ৰাজপথলৈ উলিয়াই আনিছিল । পৰৱৰ্ত্তী পৰ্য্যায়ত মিছা কথাৰে গণমত গঠন কৰি সেই গণমতেৰে মন্ত্ৰী, বিধায়ক হোৱাৰ সপোন দেখি ৰাজনৈতিক পথাৰত নামিছিল। কিন্তু অসমৰ জনগণে তেওঁলোকৰ এই শিয়াল ধূৰ্তালী গম পাই অতি লাজ লগাকৈ প্ৰত্যাখান কৰিলে বুলি বিবৃতিটোত বৈশ্য আৰু দাসে মন্তব্য কৰে। তেওঁলোকে কয় যে ‘কা’ গৃহীত হোৱাৰ লগে লগে অসমলৈ ২ কোটি হিন্দু বাংলাদেশী আহিব বুলি চলোৱা অপ্ৰচাৰ ইতিমধ্যে অসমৰ ৰাইজে ভালদৰে বুজি পালে। কাৰণ ‘কা’ গৃহীত হোৱাৰ এবছৰ পাৰ হোৱাৰ পিছতো এজনো বাংলাদেশী অসমলৈ অহা দেখুৱাব নোৱাৰিলে তদানীন্তন ‘কা’ বিৰোধী আন্দোলনৰ নেতা কেইজনে। ‘কা’ আহিলে অসম আৰু অসমীয়াৰ অস্তিত্ব বিপন্ন হব বুলি ভাষণৰ ফুলজাৰি মাৰি ফুৰা বহু নেতাই নিজৰ নিজৰ ভুল স্বীকাৰ কৰি ইতিমধ্যে শাসক দলত যোগদান কৰি বিভিন্ন সা-সুবিধাত মকৰল হোৱা ইতিমধ্যে অসমৰ জনগণে প্ৰত্যক্ষ কৰিছে। আনকি ‘কা’ বিৰোধী আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল নামৰ দুটা ৰাজনৈতিক দলৰ গঠন আৰু চৰকাৰ গঠনৰ সপোন দেখি নিৰ্বাচন খেলি অতি শোচনীয়কৈ মুখ থেকেচা খোৱাৰ পিছত সম্প্ৰতি লেঠু চিঙা বেঙেনাত পৰিণত হৈছে। সেয়েহে এইবাৰ পুনৰ টেঙা আম বিক্রী কৰিবলৈ ওলাইছে বুলি কটাক্ষ কৰি বৈশ্যই আৰু দাসে কয় যে পি এফ আই আৰু শত্রু ৰাষ্ট্ৰ চীনৰ ধনৰ লোভত আৰু হেৰুৱা গণভিত্তি উভতাই আনিবলৈ এনে ধৰণৰ চেষ্টা এতিয়া অসমৰ জনসাধাৰণে অতি সহজেই বুজি উঠিছে বুলিও বৈশ্য আৰু দাসে বিবৃতিটোত মত পোষণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More