পুৰণা দল হিচাপে কংগ্ৰেছৰে এতিয়াও কিছু সাংগঠনিক ভেটি আছেঃ জয়ন্ত মল্ল বৰুৱা

0 5
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৩জুনঃ কংগ্ৰেছৰ নেতৃত্বত য’দিহে কষ্ট কৰা মানুহ আহে তেনেহলে দলটো কিছু উঠিব পাৰে।” এই মন্তব্য ৰাজ্য চৰকাৰৰ নৱনিযুক্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। আজি তেজপুৰত তেওঁ ৰাজ্যখনত বিৰোধী ৰাজনৈতিক দলসমূহৰ সন্দৰ্ভত মন্তব্য কৰি আৰু কয় যে, সকলো ফালৰ পৰা চাবলৈ গ’লে দেশৰ স্বাধীনতাৰ ৭৫ বছৰৰ ভিতৰত আটাইতকৈ বেছি বছৰ কংগ্ৰেছ দলে শাসন কৰিছে। সেয়ে কংগ্ৰছ দলৰ তৃণমুল পৰ্যায়লৈকে এটা সংগঠন আছে। গতিকে বেছি ভাগ অঞ্চলতে বিৰোধীৰ ৰূপত  কংগ্ৰেছকে দেখা যায় আৰু ধৰ্মীয় সংখ্যালঘু অঞ্চলবোৰত এ আই ইউ ডি এফক  বিৰোধী ৰূপত দেখা যায়।ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই মন্ত্ৰীত্ব লাভৰ পাছত প্ৰথম বাৰলৈ তেজপুৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত উপস্থিত থাকিব নোৱৰাৰ বিষয়ে প্ৰকাশ কৰি কয়  যে বিজেপি দলৰ প্ৰভাৰী হিচাপে তেওঁ ত্ৰিপুৰালৈ যোৱাৰ বাবে ইয়াত উপস্থিত থাকিব নোৱাৰিলে। সেয়ে আজি তেওঁ  উপায়ুক্ত সন্মিলনত অংশ গ্ৰহণ কৰে বুলিও কয়। আজি তেজপুৰত উপস্থিত হোৱা মন্ত্ৰী বৰুৱাই সংবাদ মাধ্যমৰ আগত কয় যে কাৰ্বি আংলঙৰ ফলাফলে  সকলোকে আনন্দিত কৰিছে। এই ফলাফল  আকাংক্ষিত আছিল তথা ২৬ খন আসনৰ ২৬ খনেই জিকিব বুলি অনুমান কৰাৰ বিষয়ে প্ৰকাশ কৰি বৰুৱাই পুনৰ কয়,কাৰণ কাৰ্বি পাহাৰৰ ৰাইজে বিজেপিক হিয়া উজাৰি ভাল পায়। ইয়াৰ উপৰি মন্ত্ৰীজনে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কৰ্ম দক্ষতাৰে কাৰ্বি আংলং যিধৰণে আগবাঢ়ি গৈছে সেই কাৰণে কাৰ্বি আংলঙৰ ৰাইজে এইবাৰ এশ শতাংশই বিজেপিৰ পক্ষত আছিল । আনহাতে বিৰোধীৰ সন্দৰ্ভত বৰুৱাই কয় যে বিৰোধী বুলি কলে বিৰোধীৰ এটা সংখ্যা সদায় থাকে আৰু সেই ভোট খিনি  সংগ্ৰহ কৰিব পৰাজনেই  বিৰোধী হৈ পৰিছে আৰু আজিৰ তাৰিখত যোনে যিয়েই কৈ নাথাকক কিয় শেষত গৈ বিৰোধী বুলি কলে কংগ্ৰেছেই ওলাব বুলিও তেওঁ কয়। ইয়াৰোপৰি বৰুৱাই বিৰোধীৰ অৱস্থাৰ বিষয়ে কয় যে, এতিয়া কৰবাত স্থানীয় ভাৱে কিছুমান মানুহে টিকট নোপোৱাৰ লগে লগে বেলেগ এটা দললৈ জাপ মাৰে।  আচলতে ব্যক্তিজনৰ কাৰণে সেই দলটোৱে ভোট পায় বা তেওঁৰ বাবে ভোট পোৱা বুলি যদি আমি ভাবি লওঁ তেতিয়াহ’লে সেই দলটোৰ কিবা উত্থান হৈছে বুলি ভবাটো  ভুল  হব বুলি মন্তব্য কৰে।নৱনিযুক্ত মন্ত্ৰীজনে  কোনো এটা দলেই একেবাৰে নিঃশেষ হৈ যাব নেলাগে বুলিও উল্লেখ কৰি লগতে কয় যে, কংগ্ৰেছ দলটো বৰ্তমান ক্ৰমান্বয়ে বেয়াৰ ফালে গৈছে। একেলগে আঠটা নিৰ্বাচন হৰাটো কংগ্ৰেছ দলটোৰ চৰম বিফলতা  আৰু দলটোক পৰিৱৰ্ত্তন কৰা, উন্নয়ন কৰাৰ কোনো চেষ্টাও কৰা নাই বুলি উল্লেখ কৰে তেওঁ। আনহাতে আপক সমালোচনা কৰি মন্ত্ৰী বৰুৱাই কয় যে, দলটো এনেই বহি থাকে আৰু যেতিয়াই আন দলৰ পৰা কোনোবা ওলাই যায় তেতিয়াই আপে সেই মানুহৰ ওচৰলৈ গৈ টিকট দিয়ে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More