পুৰুষৰ দেহতো ধৰা পৰিছে স্তন কৰ্কট ৰোগ

বিশ্বত প্ৰতি ১৩ মিনিটত স্তন কৰ্কট ৰোগত আক্ৰান্ত হয় এগৰাকী মহিলা

0 57

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩১ অক্টোবৰঃ img 146333 breastcancerসাম্প্ৰতিক সময়ত দেশত স্তন কৰ্কট ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ এই স্তন কৰ্কট ৰোগ কেৱল মহিলাৰ মাজতে সীমাবদ্ধ থকা নাই৷ এনে স্তন কৰ্কট ৰোগ এতিয়া পুৰুষৰ দেহতো ধৰা পৰিছে৷ বিশ্বত প্ৰতি ১৩ মিনিটত এগৰাকী মহিলাৰ শৰীৰত স্তন কৰ্কট ৰোগ ধৰা পৰিছে৷– এই মন্তব্য লখিমপুৰৰ জ্যেষ্ঠ স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ মাণিক মোহন বৰুৱাৰ৷ আন্তৰাষ্ট্ৰীয় স্তন কৰ্কট ৰোগৰ সজাগতা মাহ উপলক্ষে আজি লখিমপুৰ বালিকা মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা স্তন কৰ্কট ৰোগৰ এখন সজাগতা সভাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি চিকিৎসকজনে এইদৰে কয়৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° সুৰজিত ভূঞাৰ উপস্থিতিত ড॰ ৰূপা ৰয়ে আঁতধৰা সজাগতা সভাখনিত আজি ডাঃ বৰুৱাৰ লগতে শিশুৰোগ বিশেষজ্ঞ ডাঃ কুইন বৰুৱাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি স্তন কৰ্কট ৰোগ সন্দৰ্ভত বহুমূলীয়া বক্তব্য আগবঢ়ায়৷ IMG 20221031 WA0046তেওঁলোকে কয় বৰ্তমান স্তন কৰ্কট ৰোগ কেৱল মহিলাৰ মাজতে সীমাবদ্ধ থকা নাই৷ মুঠ ১০০ গৰাকী মহিলাৰ মাজত এজন পুৰুষৰ শৰীৰতো স্তন কৰ্কট ৰোগ ধৰা পৰিছে৷ ভাৰতীয় চিকিৎসা সংস্থাৰ সহযোগত লখিমপুৰ বালিকা মহাবিদ্যালয়ত অনুষ্ঠিত ‘আন্তঃৰাষ্ট্ৰীয় স্তন কৰ্কট ৰোগ সজাগতা সভা’ত ভাৰতীয় চিকিৎসা সংস্থাৰ হৈ এই দুয়োজন সমল ব্যক্তিয়ে স্তন কৰ্কট ৰোগৰ ক্ষেত্ৰত লব লগা সাৱধানতা আৰু স্তন কৰ্কট ৰোগ আগতীয়াকৈ চিনাক্ত কৰিব পৰা সকলো বিষয়ৰ ওপৰত ছাত্ৰীসকলৰ মাজত বিতং ভাৱে অৱগত কৰে৷ স্তন কৰ্কট ৰোগৰ পৰা কেনেদৰে আৰোগ্য লাভ কৰিব পাৰি সেই সন্দৰ্ভতো বিৱৰি কয়৷ আজিৰ এই সজাগতা সভাত উপাধ্যক্ষ ৰবীন কাকতিৰ লগতে মহাবিদ্যালয়খনৰ ভালেকেইজন অধ্যাপক আৰু অধ্যাপিকাই অংশগ্ৰহণ কৰে৷ শেষত ছাত্ৰীসকলেও বিশিষ্ট চিকিৎসকদ্বয়ৰ লগত তেওঁলোকৰ শৰীৰৰ বিভিন্ন সমস্যা সন্দৰ্ভতো আলোচনাত মিলিত হয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More