পুৰুষৰ শৰীৰত জৰায়ু !

২০ বছৰ ধৰি চলি আছে যুৱকৰ ঋতুস্ৰাৱ

0 21

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ জুলাই : প্ৰস্ৰাৱৰ লগে লগে তেজ ওলাইছিল আৰু তীব্ৰ পেটৰ বিষ হৈছিল। এই লক্ষণবোৰ লৈ চিকিৎসকৰ ওচৰলৈ যোৱাৰ লগে লগে চীনৰ বাসিন্দা চেন লিয়ে গম পালে যে তেওঁৰ দেহত ডিম্বাশয় আৰু জৰায়ু আছে। চকু কপালত তুলিব পৰা কথা। কিন্তু এয়া কেনেকৈ সম্ভৱ? ৩৩ বছৰ ধৰি পুৰুষৰ পৰিচয় লৈ জীয়াই থকাৰ পিছত চিকিৎসকে তেওঁৰ ক্ৰম’জম পৰীক্ষা কৰি গম পালে যে, চেন আচলতে এগৰাকী ছোৱালী। দক্ষিণ-পশ্চিম চীনৰ ছিচুয়ান প্ৰদেশৰ বাসিন্দা চেনৰ প্ৰস্ৰাৱৰ সমস্যা হৈছিল। সেইবাবেই কৈশোৰ কালত তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। তেতিয়াৰ পৰাই মাহৰ নিৰ্দিষ্ট সময়ত প্ৰস্ৰাৱৰ লগত তেজ ওলাবলৈ ধৰিলে। শেহতীয়াকৈ চিকিৎসকে প্ৰকাশ কৰিছে যে, চেনৰ শৰীৰত মহিলা যৌন ক্ৰম’জম আছে। কেৱল সেয়াই নহয়, তেওঁৰ শৰীৰত নাৰী প্ৰজনন অংগৰ উপস্থিতিও পোৱা গৈছে। তেওঁৰ শৰীৰত পুৰুষৰ যৌন হৰম’নৰ উপস্থিতি কম। ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰনৰ মাত্ৰা বহু বেছি। চিকিৎসকে তেওঁৰ শৰীৰটো পৰীক্ষা কৰি গম পাব পাৰে যে, চেন জন্মৰ পৰাই উভয়লিংগী। তেওঁৰ শৰীৰত পুৰুষ-মহিলা উভয়ৰে প্ৰজনন অংগ আছে। প্ৰস্ৰাৱৰ লগত তেওঁৰ ৰক্তক্ষৰণৰ কাৰণ হ’ল ঋতুস্ৰাৱ। এই সকলোবোৰ জানি চেনে নিজৰ শৰীৰৰ পৰা জৰায়ু আৰু ডিম্বাশয় আঁতৰোৱাৰ সিদ্ধান্ত লয়। জটিল অস্ত্ৰোপচাৰৰ জৰিয়তে এয়া সম্ভৱ। চেন এতিয়া পুৰুষৰ দৰে জীয়াই থাকিব পাৰিব। অৱশ্যে তেওঁৰ যৌন জীৱন ইমান সুখদায়ক নহ’ব। শুক্ৰাণু উৎপন্ন কৰাৰ ক্ষমতা নথকাৰ বাবে তেওঁ কেতিয়াও পিতৃ হ’ব নোৱাৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More