ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২১ জুলাইঃ অসুস্থতাৰ বাবে গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা বিশিষ্ট কণ্ঠশিল্পী জুবিন গাৰ্গৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি ঘটিছে। এই কথা জনালে আয়ূৰসুন্দ্ৰা হাস্পতাল কৰ্তৃপক্ষই। আজি এক সংবাদমেলৰ আয়োজন কৰি হাস্পতাল কৰ্তৃপক্ষই জনাই যে বুধবাৰৰ তুলনাত জুবিন গাৰ্গৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি ঘটিছে। ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত আছে। বুধবাৰে ছডিয়াম, পটাছিয়াম আদি সঠিক মাত্ৰাত নাছিল যদিও আজি যথেষ্ট উন্নত হৈছে। নিশা খোৱা-লোৱা কৰাৰ পাছত জুবিন গাৰ্গৰ ভালদৰে শুইছে বুলি কৰ্তৃপক্ষই জনায়। ইতিমধ্যে তেজ পৰীক্ষাবোৰৰ ৰিপ’ৰ্ট আহিছে আৰু চিকিৎসকে সেই অনুসৰি চিকিৎসা প্ৰক্ৰিয়া চলাই গৈছে। আজি মগজুৰ এম আৰ আই কৰা হৈছে। এম আৰ আই ৰিপ’ৰ্ট প্ৰাৰম্ভিক অৱস্থাত আছে যদিও কেইবাটাও দিশ চাবলগা হোৱাৰ বাবে ৰিপ’ৰ্ট সঠিকভাৱে বিশ্লেষণ কৰিবলৈ কিছু সময় লাগিব বুলি হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিয়ে। এনেদৰে স্বাস্থ্যৰ উন্নতি ঘটিলে জুবিন গাৰ্গক দুই-এদিনতে ঘৰলৈ যাবলৈ দিয়া হ’ব বুলিও জনাই হাস্পতাল কৰ্তৃপক্ষই। জুবিন গাৰ্গক জিৰণীৰ প্ৰয়োজন আছে বুলি চিকিৎসকে পৰামৰ্শ দিছে। অনুৰাগীক কিছুদিন আঁতৰি থকাৰ আহ্বান। জুবিনক জিৰণী আৰু টোপনিৰ প্ৰয়োজন আছে। উল্লেখ যে ডিব্ৰুগড়ৰ এখন ৰিজৰ্টৰ বাথৰুমত পৰি মূৰত আঘাত পোৱা জুবিন গাৰ্গক বুধবাৰে পুৱা ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পাছতে অসম চৰকাৰৰ বিশেষকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত এয়াৰ এম্বুলেন্সৰ যোগেদি উন্নত চিকিৎসাৰ বাবে জুবিন গাৰ্গক বুধবাৰে বিয়লি গুৱাহাটীলৈ অনা হয়। পৰিয়ালৰ ইচ্ছা অনুসৰি জুবিন গাৰ্গক আয়ুৰসুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্ত্তমান হাস্পতালখনত বিশেষজ্ঞ চিকিৎসকৰ তত্বাবধানত জুবিন গাৰ্গৰ চিকিৎসা চলি আছে।