পৃথিবীত আছে ২০০০০০০০০০০০০০০০০০০০০০০০০ পৰুৱা!

0 27

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ ছেপ্টেম্বৰ : ৰসগোল্লা খোৱাৰ পিছত প্লেটখন ৰসেৰে লেপি থৈ এঘণ্টামান ৰাখিলে ক্ৰমান্বয়ে পৰুৱাই ঢাকি পেলাব। সেই পৰুৱাবোৰ গণনা কৰিব বিচাৰিলে ঠগ খাব লাগিব। এইবাৰ কিন্তু গৱেষকৰ এটা দলে সমগ্ৰ বিশ্বৰ পৰুৱাসমূহ গণনা কৰাৰ ‘অসম্ভৱ’ কামটো সম্ভৱ কৰিছে। সেই জীৱবিজ্ঞানীসকলে পৃথিৱীত থকা পৰুৱাৰ সংখ্যা বিশেষভাৱে গণনা কৰিছে। গণনাত পোৱা পৰুৱাৰ সংখ্যাটো হ’ল ২০০০০০০০০০০০০০০০০০০০০০০০০। এই গণনা সহজ নহয়। ইক’লজিষ্টসকলৰ মতে ডাইনোছৰৰ আগৰ পৰাই পৃথিৱীত পৰুৱাৰ অস্তিত্ব আছে। এতিয়ালৈকে সমগ্ৰ বিশ্বতে ১৫ হাজাৰৰো অধিক প্ৰজাতি আৰু উপপ্ৰজাতিৰ পৰুৱা আৱিষ্কাৰ হৈছে। কিন্তু মুঠতে কেইটা পৰুৱা আছে বৰ্তমান? এইবাৰ হংকং বিশ্ববিদ্যালয়ৰ গৱেষকসকলে বিশ্বৰ অন্যতম পুৰণি বাসিন্দাৰ সংখ্যা গণনা কৰিলে। তেওঁলোকৰ মতে পৃথিৱীত প্ৰায় ২০ কোৱাড্ৰিলিয়ন (১ কোৱাড্ৰিলিয়ন = ১ হাজাৰ লাখ কোটি) পৰুৱা আছে। সংখ্যাত প্ৰকাশ কৰিলে ই হ’ব ২০,০০০,০০০,০০০,০০০,০০০। গণনা কৰি থাকোঁতে যদি আপুনি বিভ্ৰান্ত হয় বা চকুত পটি বান্ধি লয়, তেন্তে জানি থওক যে ২ৰ পিছত ১৬টা শূন্য। অৰ্থাৎ পৃথিৱীত ২০ হাজাৰ বিলিয়ন পৰুৱা আছে। কিন্তু গৱেষকসকলে পৰুৱাৰ সংখ্যা কেনেকৈ গণনা কৰিছিল? গৱেষণা পত্ৰখনৰ মতে বিভিন্ন প্ৰজাতিৰ পৰুৱা সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। বিভিন্ন সময়ত এই প্ৰাণীবিধৰ সংখ্যাই প্ৰকৃতিবিদসকলক আচৰিত কৰি তুলিছে। কিন্তু গণনাৰ বাবে উপযুক্ত পদ্ধতি আৰু অভিজ্ঞতাৰ অভাৱ আছিল। বিশ্বৰ বিভিন্ন অঞ্চলত পৰুৱাৰ ঘনত্ব সম্পৰ্কে ৪৮৯খন প্ৰকাশিত গৱেষণাপত্ৰৰ পৰা তথ্য সংগ্ৰহ কৰি গৱেষকসকলে সেই সংখ্যা লাভ কৰা বুলি কয়। কিন্তু বিজ্ঞানীসকলেও বিশ্বাস কৰে যে এনে হিচাপ-নিকাচত সৰু-বৰ বিচ্যুতি হ’ব পাৰে। গৱেষকৰ মতে পৃথিৱীৰ বিভিন্ন অঞ্চলত পৰুৱাৰ সংখ্যা বেলেগ বেলেগ। গৱেষণা পত্ৰখনত উল্লেখ কৰা অনুসৰি গ্রীষ্মমণ্ডলীয় অঞ্চলত পৰুৱাৰ সংখ্যা আন অঞ্চলৰ তুলনাত প্রায় ছয়গুণ বেছি৷ গৱেষণা পত্ৰখনত লগতে উল্লেখ কৰা হৈছে যে পৃথিৱীৰ সকলো পৰুৱাৰ মুঠ ওজন ১২০ কোটি কিলোগ্ৰাম (৩০ লাখ ভাৰতীয় হাতীৰ ওজনৰ সমতুল্য)। গৱেষকসকলে লিখিছে— “পৰুৱাৰ এই বিশ্ব মানচিত্ৰই আমাক পৰুৱাৰ ভূগোল আৰু বৈচিত্ৰ্যৰ বিষয়ে ভালদৰে বুজিবলৈ সহায় কৰিব। ইয়াৰ উপৰি পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰতি পৰুৱাৰ সঁহাৰিও বুজিব পৰা যাব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More