পৃথিৱীৰ একমাত্ৰ এখন নৈত মাছ ধৰিব নালাগে, জপিয়াই ওচৰ চাপি আহে

0 26

শতাব্দ বিশেষ প্ৰতিনিধি, ১৭ আগষ্টঃ জাল বা জুলুকীৰে মাছ ধৰিব নালাগে। মাছবোৰ নিজে নিজে আহিব আপোনাৰ ওচৰলৈ। অবিশ্বাস্য যেন লাগিলেও আমেৰিকাৰ এখন নদীত এনে ঘটনা সংঘটিত হৈছে। ভাবিলে আচৰিত লাগে, আমেৰিকাৰ ইলিনয় ৰাজ্যৰ এখন গাঁৱত এনে পৰিঘটনা সংঘটিত হয়। য’ত মাছ ধৰিবলৈ গ’লে মাছে নিজেই জপিয়াই ওচৰ চাপি যায়। বিগত ১৭ বছৰ ধৰি এইখন গাঁৱতে আয়োজন কৰি আহিছে মাছ ধৰা প্ৰতিযোগিতা ‘ৰেডনেক ফিছিং টুৰ্ণামেণ্ট’। কানাডা, নিউজিলেণ্ড, যুক্তৰাজ্যকে ধৰি বিভিন্ন দেশৰ পৰা শ শ লোক আহে এই প্ৰতিযোগিতালৈ।

আচৰিত কথাটো হ’ল, মাছ ধৰিবলৈ গ’লে পৃথিৱীৰ একমাত্ৰ এইখনেই  হৈছে সেইখন ঠাই যত মাছ মৰাৰ প্ৰয়োজন নাই। মাছবোৰ জপিয়াই পৰে মানুহৰ কাষত বা নাৱত। মাছৰ এই অদ্ভুত কাৰ্যৰ ৰহস্য এতিয়ালৈকে উদ্ধাৰ হোৱা নাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More