পৃথিৱীৰ পৰা পানী শুহি লয় চন্দ্ৰই ?

গৱেষণাত পোহৰলৈ আহিছে নতুন তথ্য

0 33

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ মে’ : চন্দ্ৰত পানী আছে; এই তথ্য নিশ্চিত। ২০০৮ চনত ভাৰতৰ চন্দ্রযান মিছনে প্রথম জনায় চন্দ্ৰত পানীৰ উপস্থিতিৰ কথা । এই লৈ বিস্তৰ গৱেষণা চলিছিল; কিন্তু চন্দ্ৰলৈ পানী ক’ৰপৰা আহিছে সেই কথা জানিব পৰা হোৱা নাছিল। অর্থাৎ পানীৰ উৎস কি সেই বিষয়ে জানিব পৰা নগৈছিল। কিন্তু নতুন এক গৱেষণাত ইয়াৰ উত্তৰ পোৱা গৈছে। জনা গৈছে যে, চন্দ্ৰত যি পানী আছে সেয়া আহিছে পৃথিৱীৰ পৰাই। কেৱল সেয়াই নহয়, এই গৱেষণাত আৰু দেখা গৈছে যে, পৃথিৱীৰ পৰা চন্দ্ৰলৈ এতিয়াও পানী গৈ আছে! কিন্তু কেনেকৈ? আন্তৰ্জাতিক বিজ্ঞান গৱেষণা পত্ৰিকা Scientific Reportsত এই বিষয়ে প্ৰকাশ পাইছে এখন গৱেষণা পত্ৰ।1652317785160

  •  নেতৃত্বত গুণ্টাৰ ক্লেটস্কা

    University of Alaska Fairbanksৰ বিজ্ঞানীসকলৰ নেতৃত্বত চলা এই গৱেষণাত ইঙ্গিত পোৱা গৈছে যে, চন্দ্ৰৰ পানী পৃথিৱীৰ উচ্চ বায়ুমণ্ডলৰ পৰা হাইড্র’জেন আৰু অক্সিজেন আয়নে চন্দ্ৰ পোৱায়গৈ। চন্দ্ৰত যি পানী আছে, তাৰ মূল উৎস কি, তাক জানিবৰ বাবে আলাস্কা বিশ্ববিদ্যালয়ৰ Gunther Kletetschka ৰ নেতৃত্বত এই গৱেষণা চলিছে। চন্দ্ৰৰ উত্তৰ আৰু দক্ষিণ মেৰুত পানীৰ চিহ্ন পোৱা গৈছে।

  •  সুবিধা হ’ব মহাকাশচাৰীৰ !

    চন্দ্ৰত পানীৰ আৱিষ্কাৰ মহাকাশ গৱেষকসকলৰ বাবে অত্যন্ত উৎসাহজনক তথ্য বুলি বিবেচিত। আমেৰিকা, ইউৰোপ আৰু চীনে তেওঁলোকৰ অভিযাত্রীক চন্দ্ৰলৈ প্ৰেৰণৰ প্রস্তুতি চলাই আছে বহু বছৰ ধৰি। চন্দ্ৰত পানীৰ প্রমাণ মহাকাশচাৰীসকলৰ বাবে খুবেই গুৰুত্বপূর্ণ তথ্য। বহু দেশে মঙ্গল মিছনৰ বাবে চন্দ্ৰত ঘাটি স্থাপন কৰিব বিচাৰিছে। নাছাই আৰ্থ মিছনত চন্দ্ৰৰ দক্ষিণ মেৰুত তেওঁলোকৰ বেছ কেম্প স্থাপন কৰিব বুলি জানিব পৰা গৈছে। ক্লেটস্কাই উল্লেখ কৰিছে যে, বহু বছৰ আগেয়ে পৃথিৱীত উদ্ভূত পানীৰ আয়নবোৰ এতিয়া চন্দ্ৰত উপস্থিত থকাটোৱে চন্দ্ৰত অভিযানকাৰীসকলৰ বাবে সুবিধাজনক হ’ব পাৰে।

  •  কিমান আছে পানী?

    নতুন গৱেষণাত এইটো অনুমান কৰা হৈছে যে, চন্দ্ৰৰ ওচৰত ৩৫০০ কিউবিক কিলোমিটাৰ জলপৃষ্ঠৰ ওপৰত বৰফ আকাৰত বা পৃষ্ঠৰ তলত তৰল ৰূপত উপস্থিত আছে। যি পৃথিৱীৰ বায়ুমণ্ডলৰ পৰা অহা আয়নেৰে তৈয়াৰী। এই গৱেষণাৰ কিছু তথ্যৰে প্রকাশিত এক প্ৰতিবেদনত অনুমান কৰা হৈছে যে, পানী এনেবোৰ ঠাইত আছে, যিবোৰ ঠাই ভৱিষ্যতে গৱেষণা কামৰ বাবে বা সাময়িক থকাৰ ব্যৱস্থাৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব পাৰে। এই বিষয়ত আৰু অধিক অনুসন্ধানৰ সুযোগো আছে।

  •  পৃথিৱীৰ পানী কিদৰে পায়গৈ চন্দ্ৰ?

    গৱেষণাত কোৱা হৈছে যে, হাইড্র’জেন আৰু অক্সিজেন আয়নবোৰ পৃথিৱীৰ চৌম্বকমণ্ডলৰ আকৰ্ষণ এৰাই পৃথিৱীৰ পৰা চন্দ্ৰ পায়গৈ। পৃথিৱীৰ চৌম্বক ক্ষেত্রৰ পৰা মেগনেট’স্ফিয়াৰ সৃষ্টি হয়, যি মহাকাশৰ পৰা অহা ক্ষতিকাৰক চার্জযুক্ত কণাৰ বিকিৰণৰ পৰা পৃথিৱীক ৰক্ষা কৰে। NASA আৰু ইউৰোপীয় মহাকাশ সংস্থাৰ গৱেষণাত ইতিমধ্যেই প্রকাশ কৰা হৈছে যে, মেগনেট’স্ফেয়াৰ এই অংশৰ মাধ্যমেৰে চন্দ্ৰৰ উত্তৰণৰ সময়ত উল্লেখযোগ্য পৰিমাণৰ পানীৰ আয়ন উপস্থিত থাকে। চন্দ্ৰৰ মেগনেট’স্ফিয়াৰৰ এই উপস্থিতিক মেগনেটোটেল বোলা হয়। এইটোৱে কিছু সময়ৰ বাবে পৃথিৱীৰ চৌম্বক ক্ষেত্রৰ ৰেখাক প্রভাৱিত কৰে। চন্দ্ৰ যেতিয়া এই ঠাইত অৱস্থান কৰে, তেতিয়া এই ভঙা ফিল্ড লাইনসমূহ যুক্ত হয় আৰু এনে পৰিস্থিতিত হাইড্র’জেন আৰু অক্সিজেনৰ আয়নবোৰ পৃথিৱীলৈ ঘূৰাই আহিবলৈ আৰম্ভ কৰে। তেতিয়া চন্দ্ৰৰ লগত সংঘর্ষত তাপমাত্রা কমি পানী জমা হ’বলৈ আৰম্ভ কৰে। কোচস্কাই কৈছে যে, এই প্ৰক্ৰিয়াটো চন্দ্ৰত এক ধৰণৰ বৰষুণ। এই বৰষুণৰ পানীৰ আয়নবোৰ পৃথিৱীলৈ ঘূৰি আহে আৰু অহাৰ পথত চন্দ্ৰপৃষ্ঠত পৰে। চন্দ্ৰপৃষ্ঠত জমা হৈ থকা পানী বা বৰফত পৰিণত এলেকাক লৈ আৰু অধিক গৱেষণা চলিছে। এই পানীয়ে জীৱন যাপনত সহায় কৰিব পাৰিবনে নাই সেই সম্পৰ্কে জানিবৰ বাবেই ভৱিষ্যতে গৱেষণা হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More