পৃথিৱীৰ ফালে অহা গ্রহাণু ভাঙিব চীনা প্ৰযুক্তিয়ে

মহাকাশত প্ৰতিপত্তিৰ প্ৰস্তুতি !

0 30
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ এপ্ৰিল : এক নতুন প্রযুক্তি লৈ কাম আৰম্ভ কৰিছে চীনৰ মহাকাশ বিজ্ঞানী আৰু গৱেষকে। তেওঁলোকে এনে এক ছফ্টৱেৰ তৈয়াৰ কৰিছে, যাৰ সহায়ত পৃথিৱীৰ ফালে ধীয়াই অহা যিকোনো গ্রহাণুক চিহ্নিত কৰিব পাৰিব। সংবাদ মাধ্যমক এই কথা জনাইছে China National Space Administration (CSNA)-ৰ সহকাৰী প্রধান উ য়ানহুয়াই (Wu Yanhua)। চীনৰ দাবী— বিশ্ব, বিশ্ববাসী আৰু মানৱতাৰ স্বার্থত এই কাম কৰা হৈছে ! চীনা চৰকাৰ নিয়ন্ত্রিত মহাকাশ গৱেষণা সংস্থাটোৰ পক্ষৰ পৰা জনোৱা হৈছে যে, এতিয়াৰ পৰা মহাকাশতো নজৰদাৰী আৰম্ভ কৰিব তেওঁলোকে ! চাব, কোনো গ্রহাণু বা মহাজাগতিক বস্তু পৃথিৱীৰ ফালে আহিছেনে নাই ! তেনে কোনো সম্ভাৱনা দেখা দিলে সেই বস্তু পৃথিৱীৰ বুকুত আচাৰ খাই পৰাৰ আগেয়েই চীনৰ প্রযুক্তিয়ে সেইটোক ধ্বংস কৰি দিব। এই একেই প্রযুক্তি ব্যৱহাৰ কৰি পৃথিৱীৰ বিভিন্ন মহাকাশযানো ৰক্ষা কৰা যাব। ২০২৫ চনৰ ভিতৰতে তেওঁলোকে এই ব্যৱস্থাপনা আৰম্ভ কৰি দিব বিচাৰিছে বুলিও জানিব পৰা গৈছে। প্রশ্ন হ’ল— সঁচাকৈয়ে কি পৃথিৱীক বচোৱাৰ লক্ষ্যৰে এই প্রযুক্তি তৈয়াৰ কৰিব বিচাৰিছেনে বেইজিঙে? সমালোচকৰ মুখত কিন্তু ইয়াৰ অন্য ব্যাখ্যাও শুনা গৈছে। আৰু এইক্ষেত্রত তেওঁলোকে য়ানহুয়াৰ এটা মন্তব্যকেই হাথিয়াৰ কৰিছে। চৰকাৰী সংবাদ মাধ্যমক য়ানহুয়াই জনাইছে যে, তেওঁলোকে এনে এক ছফ্টৱেৰ তৈয়াৰ কৰিছে, যি পৃথিৱীৰ ফালে অহা যিকোনো গ্রহাণুকেই চিহ্নিত কৰি তাৰ ওপৰত নজৰদাৰী চলাব পাৰিব। আৰু প্রয়োজনত সেইটোক ধ্বংসও কৰিব পাৰিব। ঠিক এই প্রযুক্তি ব্যৱহাৰ কৰিয়েই শত্রু দেশৰ কোনো মহাকাশযানো ভাঙি টুকুৰা টুকুৰ কৰি দিয়া হ’ব ! অন্যহাতে সামৰিক বিশেষজ্ঞ আৰু মহাকাশত নজৰদাৰিৰ দায়িত্বত মোতায়েন থকা চং ঝোংপিঙে (Song Zhongping) সংবাদ মাধ্যমক জনাইছে যে, ভৱিষ্যতৰ পৃথিৱীত চীনা প্রতিৰক্ষা ব্যৱস্থাই অত্যন্ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। বিশেষকৈ মহাজাগতিক বিভিন্ন আক্ৰমণৰ পৰা পৃথিৱীক বচাবলৈ চীনা প্রযুক্তিৰ ব্যাপক ব্যৱহাৰ আৰম্ভ হ’ব। চঙৰ দাবী— কেৱৰ মানৱতাৰ স্বার্থতেই তেওঁলোকৰ দেশে এই কাম কৰিছে। সূত্রৰ খবৰমতে ইতিমধ্যেই এই প্রকল্পক লৈ কাম আৰম্ভ কৰিছে চীনা বিজ্ঞানী আৰু গৱেষকে। অৱশ্যে এতিয়াও এয়া প্রাথমিক স্তৰতে আছে। সংশ্লিষ্ট কর্তৃপক্ষ আৰু প্রশাসনৰ অনুমোদন পোৱাৰ পিছতেই এই বিষয়ে পৰৱর্তী পদক্ষেপ গ্ৰহণ কৰা হ’ব। প্রসঙ্গক্ৰমে উল্লেখ্যযোগ্য যে, ইয়াৰ আগেয়ে আমেৰিকাৰ তৰফৰ পৰাও ঠিক একেই ধৰণৰ এক প্রকল্প হাতত লোৱা হৈছে। Double Asteroid Redirection Test (DART) নামৰ সেই প্রকল্পৰ কথা ঘোষণা কৰা হৈছিল ২০১৭ চনত। এইটো এনে এক ব্যৱস্থা, যাৰ সহায়ত পৃথিৱীৰ ফালে ধীয়াই অহা বিৰাট গ্রহাণু মাটিত আচাৰ খাই পৰাৰ অনেক আগতেই সেইটোৰ গতিপথ সলাই দিয়া সম্ভৱ। এইক্ষেত্রত গ্রহাণুটোক ধ্বংস নকৰাকৈয়ে পৃথিৱীৰ পৰা নিৰাপদ দূৰত্বলৈ আঁতৰাই পঠোৱা। বিগত বছৰৰ নৱেম্বৰ মাহৰ পৰা মার্কিন মহাকাশ গৱেষণা সংস্থা National Aeronautics and Space Administration’s (NASA)ই এই প্রকল্প আৰম্ভ কৰিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More