পৃথিৱীৰ সীমাৰেখা ক’ত? জানো আহক সংক্ষিপ্ত ৰূপত

0 34

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ মে’ : শেষ ক’ত? বহুদিনৰ পৰা বহুজনৰ মনত উকমুকাই থকা এটা প্রশ্ন। কিন্তু কোনে ক’ব শেষ ক’ত? সকলো শেষৰ উত্তৰ পোৱা নাযায়, কিন্তু কিছুমান শেষৰ উত্তৰ বিজ্ঞানীসকলে দিয়ে। যেনে— ‘কাৰমান লাইন’ (Kármán line)। এই লাইনক পৃথিৱীৰ শেষ প্রান্ত বুলি ধৰা হয়। ধৰা হয় ইয়াৰ পিছৰ পৰাই আৰম্ভ হয় মহাকাশ। পৃথিৱীক তিনিটা প্রধান অংশত ভাগ কৰা হয়— স্থলমণ্ডল, জলমণ্ডল আৰু বায়ুমণ্ডল। ইয়াৰ ভিতৰত সকলোতকৈ বৃহৎ অংশ হৈছে বায়ুমণ্ডল। বায়ুমণ্ডলো আকৌ বহুকেইটা স্তৰেৰে গঠিত। বায়ুমণ্ডলৰ পাঁচটা স্তৰ— ট্রপ’স্ফিয়াৰ, ষ্ট্ৰেট’স্ফিয়াৰ, মেচোস্ফিয়াৰ, থার্মস্ফিয়াৰ আৰু এক্স’স্ফিয়াৰ। ‘কাৰমান লাইন’ৰ নামকৰণ কৰা হৈছে বিজ্ঞানী থিয়দৰ ভন কাৰমান (Theodore von Kármán)ৰ নামত। হাঙ্গেৰিয়ান-আমেৰিকান এইজন পদার্থবিদে ১৯৫৭ চনত পৃথিৱী আৰু মহাকাশৰ মাজত সীমা নির্ধাৰণৰ চেষ্টা কৰিছিল। কাৰমানে হাইপাৰচনিক প্রবাহ, ছুপাৰচনিক গতিৰ দৰে বহুকেইটা তত্ত্বক লৈ কাম কৰিছিল। কাৰমান লাইনক পৃথিৱীৰ শেষ আৰু মহাকাশৰ আৰম্ভ বুলি চিহ্নিত কৰা হয়। অনুমান কৰা হয়, কাৰমান ৰেখা অতিক্রম কৰা মানে সেই বস্তুটো পৃথিৱীৰ বাহিৰে মহাকাশত উপস্থিত হ’ল ! সাধাৰণতে কাৰমান লাইন পৃথিৱী (সমুদ্র) পৃষ্ঠৰ পৰা ১০০ কিলোমিটাৰ উচ্চতাত অৱস্থিত। স্থান টুকুৰাক মেচোস্ফিয়াৰৰ শেষ বুলিও কোৱা হয়। বিমান চালনাৰ ক্ষেত্রত কাৰমান লাইনৰ বেছ গুৰুত্ব আছে। এই লাইনৰ পৰা নির্ধাৰিত হয় বিমানৰ উচ্চতা কিমানত থাকিব পাৰে। সাধাৰণতে, কাৰমান ৰেখাৰ ওপৰত বতাহ অতি কম ঘনত্বৰ হয়। এনে অৱস্থাত বিমান উৰিব নোৱাৰে। বিমান উৰণৰ বাবে যিমান বায়ুচাপৰ প্রয়োজন, কম ঘনত্বৰ কাৰণে এই উচ্চতাত সেই চাপ সৃষ্টি নহয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More