পৃথিৱী অভিমুখে ধাৱমান ‘দৈত্যাকৃতি’ৰ গ্রহাণু

হিচাপ নিকাচ অনুসৰি পৃথিৱীৰ পৰা ২.৫ মিলিয়ন মাইল আলোকবর্ষ দূৰেদিহে যাব

0 35

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ মে’ : পৃথিৱী অভিমুখে আহি আছে ‘দৈত্যাকৃতি’ৰ এক গ্রহাণু (Asteroid)। ১,৬০০ ফুট বহল সেই গ্রহাণু। জ্যোতির্বিদসকলে গ্রহাণুটোৰ ক্রমিক সংখ্যা দিছে ৩৮৮৯৪৫। অৱশ্যে এয়া প্রথমবাৰৰ বাবে নহয়। ইয়াৰ পূৰ্বেও এবাৰ পৃথিৱীৰ খুব ওচৰ চাপি আহিছিল এই গ্রহাণুটো। ২০২০ চনৰ মে’ মাহত গ্রহাণুটো পৃথিৱীৰ তেনেই ওচৰ পাইছিলহি। NASAই জনাইছে যে, ১৬ মে’ৰ ৰাতিত ২ বাজি ৪৮ মিনিটত ৩৮৮৯৪৫ নম্বৰ গ্রহাণুটো পৃথিৱীৰ খুব ওচৰলৈ আহিব। ইয়াৰ বিস্তৃতি ১,৬০৮ ফুট। অৰ্থাৎ নিউয়র্কৰ বিশালাকাৰ এম্পায়াৰ ষ্টেট বিল্ডিং, আইফেল টাৱাৰ, ষ্টেচু অব লিবার্টি আদিক আকাৰ আৰু আয়তনত পিছ পেলাইছে এই দৈত্যাকৃতিৰ গ্রহাণুটোৱে। এই গ্রহাণুটোৱে যদি পৃথিৱীক খুন্দা মাৰে, তেন্তে ভয়ানক ক্ষতি হ’ব বুলি আশঙ্কা প্রকাশ কৰিছে জ্যোতির্বিজ্ঞানীসকলে। কিন্তু হিচাপ নিকাচ অনুসৰি এই গ্ৰহাণুটো পৃথিৱীৰ পৰা ২.৫ মিলিয়ন মাইল আলোকবর্ষ দূৰেদিহে যাব। জ্যোতিৰ্বিজ্ঞানীসকলে কৈছে যে, সূর্যক প্রদক্ষিণ কৰাৰ সময়ত প্রতি দুবছৰত এবাৰ এই গ্রহাণুটোৱে নিয়মমাফিক পৃথিৱীৰ কাষ চাপি আহে। পৃথিৱীৰ কাষেৰে পাৰ হৈ যায়। গ্ৰহাণুটো পুনৰ পৃথিৱীৰ ওচৰলৈ আহিব ২০২৪ চনৰ মে’ মাহত।

 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More