পেট্ৰ’ল-ডিজেলৰ সলনি খোৱা তেলেৰে চলে গাড়ী

বাংগালুৰুৰ যুৱকৰ চমক

0 28
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ জুলাইঃ ইন্ধনৰ বৰ্ধিত ব্যয়ে সাধাৰণ মানুহৰ টোপনি হৰিছে। ইফালে বাংগালুৰুৰ এজন যুৱকে বিগত ৯ বছৰ ধৰি জৈৱ ইন্ধনৰ ওপৰত নিৰ্ভৰ কৰি গাড়ী চলাই নজিৰ সৃষ্টি কৰিছে। হয়, আপুনি ঠিকেই শুনিছে। পেট্ৰ’ল-ডিজেলত নহয়, ব্যৱহৃত খোৱা তেল লৈ বহুদিন ধৰি গাড়ী চলাই আহিছে এই যুৱকজনে। অবিনাশ নাৰায়ণস্বামীয়ে হোটেলৰ পৰা ব্যৱহৃত ৰন্ধন তেল কিনি সেই তেল ব্যৱহাৰ কৰি ঘৰতে জৈৱ ইন্ধন তৈয়াৰ কৰে। অবিনাশে ৰন্ধন তেল ছয়ৰ পৰা সাতবাৰ প্ৰক্ৰিয়াকৰণ কৰিহে জৈৱ ইন্ধন উৎপাদন কৰে। এক লিটাৰ ৰন্ধন তেলৰ পৰা প্ৰায় ৭০০-৮০০ মিলিলিটাৰ জৈৱ ইন্ধন পোৱা যায়। জৈৱ ইন্ধন প্ৰস্তুত কৰিবলৈ তেওঁৰ আনুমানিক ব্যয় হয় প্ৰতি লিটাৰত ৬০-৬৫ টকা। তেওঁৰ মতে, এই ইন্ধন ব্যৱহাৰ কৰাটো কেৱল অৰ্থনৈতিক দিশতে লাভজনক নহয়, বাহনখনৰ পৰাও কম ধোঁৱা নিৰ্গত হয়। গতিকে ই পৰিৱেশ অনুকূলো। অবিনাশে ২০১৩ চনৰ পৰা এই ইন্ধন ব্যৱহাৰ কৰি নিজৰ গাড়ীখন চলাই আহিছে আৰু এতিয়ালৈকে গাড়ীখনত কোনো ধৰণৰ কাৰিকৰী সমস্যা হোৱা নাই। তেওঁ এই জৈৱ ইন্ধন ব্যৱহাৰ কৰি এতিয়ালৈকে প্ৰায় ১.২০ লাখ কিলোমিটাৰ গাড়ী চলাইছে। অবিনাশে জৈৱ ইন্ধন উৎপাদনৰ সময়ত উৎপন্ন হোৱা আৱৰ্জনাসমূহ অন্য সামগ্ৰী যেনে হেণ্ডৱাছ আৰু মজিয়া পৰিষ্কাৰ কৰা সামগ্ৰী হিচাপে পুনৰ ব্যৱহাৰ কৰে। তেওঁ একো অপচয় কৰিব নিবিচাৰে। কিন্তু এই কাম কিমান সঠিক তাক লৈ একাংশ বিশেষজ্ঞই সন্দেহ প্ৰকাশ কৰিছে। তেওঁলোকে কয় যে ইয়াত ৰিস্ক থাকিব পাৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More