পেভিলিয়ন নিৰ্মাণৰ নামত তিনিচুকীয়াৰ একমাত্ৰ টেনিছ কৰ্ট বন্ধৰ চক্ৰান্ত

0 71

 ক্ৰীড়াপ্ৰেমীৰ আজৱ কাণ্ড :

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ আগষ্ট : সুদীৰ্ঘ প্ৰায় ৩৫ টা বছৰ অতিক্ৰম কৰা তিনিচুকীয়া চহৰৰ কচুজান খেলপথাৰস্থিত একমাত্ৰ টেনিছ কৰ্টখন বন্ধ কৰাৰ বাবে এটা ফৈদে চক্ৰান্ত ৰচনা কৰা কাৰ্য্যই ক্ষোভিত কৰি তুলিছে তিনিচুকীয়া টেনিছ ক্লাবৰ সদস্যসকলক ৷ উল্লেখ্য যে ১৯৮৭ চনতে প্ৰতিষ্ঠা লাভ কৰা তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ অধীনৰ কচুজান খেলপথাৰস্থিত টেনিছ কৰ্টখন বিগত ২০০৯ চনত বিভিন্ন পক্ষ আৰু ব্যক্তিৰ সহযোগত ক্লে কৰ্টৰ পৰা ছিন্থেটিক কৰ্টলৈ উন্নীত কৰাৰ লগতে ফ্লাড লাইট, ক্লাবহাউচ আদি সুবিধাৰ সংযোজন কৰা হয় ৷ ইয়াৰ পৰা বিভিন্ন পৰ্যায়ত প্ৰতিনিধিত্ব কৰি একাধিক খেলুৱৈয়ে সফলতা বুটলিবলৈ সক্ষম হৈছে ৷ বৰ্তমান সময়ত প্ৰায় একুৰি জ্যেষ্ঠ খেলুৱৈয়ে নিতৌ ইয়াত খেলাধূলা কৰাৰ লগতে সময়ে সময়ে ইয়ালৈ আগমন ঘটে বিভিন্ন অঞ্চলৰ খেলুৱৈৰ ৷ স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থাও থকা এই টেনিছ কৰ্টখন বন্ধ কৰাৰ বাবে এতিয়া উঠিপৰি লাগিছে তথাকথিত ক্ৰীড়াপ্ৰেমীৰ এটা চক্ৰ ৷ অভিযোগ অনুসৰি ক্ৰিকেট পেভিলিয়নৰ উন্নীতকৰণৰ বাবে আবণ্টিত এটা অনুদানৰ অচিলা লৈ তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ একাংশ সদস্যই খেলপথাৰখনৰ উত্তৰ দিশে টেনিছ কৰ্টখন সম্পূৰ্ণৰূপে উৎখাত কৰি সেই স্থানত পেভিলিয়ন নিৰ্মাণৰ বাবে চক্ৰান্ত ৰচনা কৰিছে ৷ উল্লেখ্য যে কচুজান খেলপথাৰত ইতিমধ্যে থকা পেভিলিয়নৰ অৱস্থা তথৈবচ ৷ তেনেস্থলত উক্ত পেভিলিয়নৰ মেৰামতিৰ পৰিৱৰ্তে টেনিছ কৰ্টখন ধ্বংস কৰি সেই স্থানত নতুন পেভিলিয়ন নিৰ্মাণ কৰাটো কিমান যুক্তিসংগত সেইকথা খেলপথাৰখনৰ লগত জড়িত গৰিষ্ঠসংখ্যক ক্ৰীড়াপ্ৰেমীৰে বোধগম্য হোৱা নাই ৷ এই সন্দৰ্ভত আপত্তি দৰ্শাই ইতিমধ্যে তিনিচুকীয়া টেনিছ ক্লাবৰ তৰফৰ পৰা অসম ক্ৰিকেট সন্থাৰ সম্পাদকলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে ৷ ইফালে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিবৰ বাবে তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ সম্পাদক জীৱন বৰুৱাৰ লগত যোগাযোগ কৰাত তেওঁ কয় যে সন্থাৰ একাংশ সদস্যই টেনিছ কৰ্টখনৰ স্থানত পেভিলিয়ন নিৰ্মাণৰ বাবে হেঁচা দিয়াটো সত্য ৷ কিন্তু তেওঁৰ লগতে জ্যেষ্ঠ সদস্যসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰাৰ পাছত শেহতীয়াকৈ টেনিছ কৰ্টখন ধ্বংস কৰাৰ পৰিৱৰ্তে ইয়াৰ বিপৰীত দিশে পেভিলিয়ন নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে ৷ কিন্তু তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ সম্পাদকৰ এই ভাষ্যই একমাত্ৰ টেনিছ কৰ্টখনৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত কিমানদূৰ কাৰ্য্যকৰী হয় সেয়া সময়েহে ক’ব ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More