পোকৰ পৰা চকলেট তৈয়াৰঃ টেষ্টি টেষ্টি….

দক্ষিণ আফ্ৰিকাত অভিযন্তাৰ উদ্ভাৱনী চমক

0 15

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ জুলাই : আপুনি নতুন ধৰণৰ চকলেটৰ সোৱাদ ল’বলৈ ভাল পায় নিশ্চয়। কিন্তু আপুনি যেতিয়া গম পাব যে, যিকোনো চকলেট আচলতে কেটাৰপিলাৰ বা পোকৰ পৰা তৈয়াৰ কৰা হয়, তেতিয়া বাৰু খাবলৈ মন যাবনে? মুখত লগাব পাৰিবনে? পিছে শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ ৰাসায়নিক অভিযন্তা ৱেণ্ডী ভেচেলাই পোক বা কেটাৰপিলাৰৰ পৰা চকলেট প্ৰস্তুত কৰি সকলোকে আচৰিত কৰি তুলিলে। সুস্বাদু চকলেট তৈয়াৰ কৰিবলৈ কেটাৰপিলাৰ ব্যৱহাৰ কৰিব পাৰি বুলি জানি ক্ৰেতাসকল স্তম্ভিত হৈ পৰিছে। ৱেণ্ডীয়ে প্ৰথমে কেটাৰপিলাৰৰ পৰা আটা বনাইছিল। আৰু সেই আটাৰে বিভিন্ন ধৰণৰ চকলেট, বিস্কুট, কেক, প্ৰটিন বাৰ তৈয়াৰ কৰিছে। ‘মপেন ৱৰ্ম’ নামেৰে জনাজাত এই বিশেষ কেটাৰপিলাৰবিধৰ দেহত থকা প্ৰটিন ব্যৱহাৰ কৰি এই বিশেষ চকলেটৰ উপাদানসমূহ তৈয়াৰ কৰা হৈছে। ৱেণ্ডীয়ে কয় যে, ইতিমধ্যে দেশ-বিদেশৰ পৰা গ্ৰাহকসকল তেওঁৰ ওচৰলৈ আহিছে। তেওঁ তৈয়াৰ কৰা এই ফেন্সি চকলেট আফ্ৰিকাত অতি জনপ্ৰিয় হৈ পৰিছে। শেহতীয়াকৈ অনুষ্ঠিত খাদ্য মেলাত ৱেণ্ডীৰ প্ৰ’টিন বাৰ আৰু চকলেটো প্ৰদৰ্শন কৰা হৈছিল। মেলাত তেওঁৰ এই পদক্ষেপক অতিশয় শলাগ লোৱা হয়। বহুতে কয় যে, তেওঁলোকে পোক-পৰুৱা খাই একেবাৰে ভাল নাপায়। কিন্তু এই চকলেট দেখিলে আৰু খালে ইয়াক কেটাৰপিলাৰেৰে প্ৰস্তুত কৰা যেন নালাগে। এই চকলেটৰ সোৱাদ অতুলনীয়। ৱেণ্ডীয়ে কয় যে, এই বিশেষ ধৰণৰ কেটাৰপিলাৰৰ খেতি বাণিজ্যিক স্বাৰ্থত আৰু অধিক বৃদ্ধি পাব। তেওঁ ভৱিষ্যতে ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনাও কৰিছে। এইবিধ কেটাৰপিলাৰৰ দেহত প্ৰটিন আৰু আইৰণ থাকে। এই বিশেষ প্ৰজাতিৰ কেটাৰপিলাৰ পালন কৰাটোও অতি সহজ। ‘মপেন ৱৰ্ম’ পৰিৱেশ-বন্ধুত্বপূৰ্ণ। এই খেতি পৰিৱেশৰ বাবে ক্ষতিকাৰক নহয়। মোপেন নামৰ এজোপা গছত বাস কৰে এই পোকবোৰ। দক্ষিণ আফ্ৰিকাৰ শুষ্ক অঞ্চলত এই পোকবোৰ প্ৰচুৰ পৰিমাণে পোৱা যায়। ইহঁতে মোপেন গছৰ পৰা প্ৰয়োজনীয় পুষ্টিকৰ উপাদানসমূহ শোষণ কৰে। ইহঁতক সুকীয়াকৈ পানী বা মাটিৰ প্ৰয়োজন নাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More