‘প্রতিযোগী নহয়, সহযোগী’ : ভাৰতক চাৰিদফীয়া প্রস্তাৱ দাখিল চীনৰ

0 12

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জুন : নিজৰ মাজত সন্দেহজনক বাতাবৰণ সৃষ্টিৰ বিপৰীতে চীন আৰু ভাৰতে পৰস্পৰৰ মাজত বিশ্বাস বৃদ্ধি কৰা প্রয়োজন। ভাৰতৰ ৰাষ্ট্রদূত প্রদীপ কুমাৰ ৰাৱটৰ লগত চীনৰ বিদেশ মন্ত্রী ৱাং ৱাইৰ প্রথমখন বৈঠক যোৱা ২২ জুনত হৈ যায়। সেই বৈঠকতে এনেদৰে জনালে চীনৰ বিদেশমন্ত্রীজনে। তেওঁ জনাই যে, দুই দেশৰ মাজত দ্বিপাক্ষিক সম্পর্কক আৰু সুদৃঢ় কৰিবলৈ উভয়েই আগুৱাই অহা দৰকাৰ। ১৪তম ব্রিকচ সন্মিলনৰ পূৰ্বে দুই দেশৰ মাজত এই আলোচনা নিঃসন্দেহে তাৎপর্যপূর্ণ। এই সন্মিলনত ব্রাজিল, ৰাছিয়া, ভাৰত, চীন, দক্ষিণ আফ্রিকাই অংশগ্ৰহণ কৰাৰ কথা। এই সন্মিলন আয়োজনত বেইজিঙে উল্লেখযোগ্য ভূমিকা লৈছে। চীনৰ তৰফৰ পৰা জনোৱা হৈছে যে, ভাৰত আৰু চীনৰ মাজত পাৰস্পৰিক পার্থক্যৰ তুলনাত কমন ইন্টাৰেষ্ট বহু বিষয়ত আছে। সেইক্ষেত্রত দুয়োপক্ষকে সমর্থন কৰা দৰকাৰ, দুয়োপক্ষৰ মাজত সম্পর্ক বৃদ্ধি কৰা দৰকাৰ, সন্দেহৰ তুলনাত পাৰস্পৰিক বিশ্বাস বৃদ্ধি কৰা দৰকাৰ। চীনৰ বিদেশমন্ত্রীজনে চাৰিটা কাৰ্যসূচীৰ কথাও জনাইছে। ইফালে ২৪ মাহ আগেয়ে চীন আৰু ভাৰতৰ মাজত সীমান্তৰ পৰিস্থিতিৰ অৱনতি ঘটে। পূব লাদাখত প্রচুৰ সেনা মোতায়েন কৰা হয়। অৱশ্যে চীনৰ বিদেশমন্ত্রীয়ে যি চাৰিটা পইন্ট উল্লেখ কৰিছে তাৰ ভিতৰত উল্লেখযোগ্য হ’ল— চীন আৰু ভাৰত প্রতিযোগী নহয় সহযোগী, চীন আৰু ভাৰতে পৰস্পৰক ভাবুকি নিদিব। পাৰস্পৰিক উন্নতিত সহযোগিতা কৰিব। তদুপৰি আন্তর্জাতিক জটিল পৰিস্থিতিত তেওঁলোকে যৌথভাৱে মোকাবিলা কৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More