প্রথমস্থানসহ মুঠ ৭ গৰাকী শীৰ্ষৰ স্থানপ্ৰাপক লখিমপুৰৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত লখিমপুৰ জিলাৰ সাফল্য

0 54

প্রথমস্থান প্রাপক ৰক্তোৎপল হ’ব বিজ্ঞানী

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৭ জুনঃ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত লখিমপুৰ ছেইন্ট মেৰিজ হাইস্কুলৰ পৰা ৰক্তোৎপল শ‍ইকীয়াই অসমৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হয়। IMG 20220607 WA0037মেধাৱী ছাত্ৰজনে মুঠ ছশ নম্বৰৰ ঠাইত সৰ্বমুঠ ৫৯৭ নম্বৰ লাভ কৰি অসমৰ দহটা স্থানৰ ভিতৰত প্রথম স্থান দখল কৰি সমগ্ৰ লখিমপুৰৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰক্তোৎপল হৈছে লখিমপুৰ গড়কাপ্তানি তথা লোক নির্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা দীপ শ‍ইকীয়া আৰু মাতৃ অৰুন্ধতী শ‍ইকীয়াৰ জ্যেষ্ঠ পুত্র। ৰক্তোৎপলৰ এনে সাফল্যত আজি ছেইন্ট মেৰিজ হাইস্কুলত উল্লাসৰ জোৱাৰ উঠে। উল্লেখ্য যে আজি ঘোষিত ফলাফলত ছেইন্ট মেৰিজ হাইস্কুলৰ পৰা মুঠ তিনিজন ছাত্ৰই অসমৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হয়। ভবিষ্যতে বিজ্ঞানী হোৱাৰ সপোন পুহি ৰখা ৰক্তোৎপলে দৈনিক পাঁচ-ছয় ঘন্টাকৈহে অধ্যয়ন কৰিছিল। সদায় ভগৱানক প্ৰাৰ্থনা কৰা মেধাৱী ছাত্ৰজনৰ প্রিয় লেখিকা হৈছে ৰীতা চৌধুৰী। তেওঁৰ পপীয়া তৰাৰ সাধু গ্ৰন্থখনে ছাত্ৰজনৰ অন্তৰত সাচ বহুৱাই ৰাখিছে বুলি আজি ব্যক্ত কৰে। তেওঁৰ কৃতিত্বৰ আঁৰত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে পিতৃ-মাতৃৰ যথেষ্ট ত্যাগ আছে বুলি কয়। আজি ঘোষিত ফলাফল অনুসৰি ৰক্তোৎপলে ৯৯.৫ শতাংশ নম্বৰ লাভ কৰে। তেওঁ ইংৰাজী- ১০০, গণিত- ১০০, বিজ্ঞান-১০০ সমাজ বিজ্ঞান- ১০০, ঐচ্ছিক গণিত- ১০০ আৰু অসমীয়াত ৯৭ নম্বৰ সহ মুঠ ৫৯৭ নম্বৰ লাভ কৰে।

  • তৃতীয়স্থানত বিহপুৰীয়াৰ পাৰ্থপ্রতিম দাস

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি বিহপুৰীয়াৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় লুমিনাছ একাডেমীৰ ছাত্ৰ পাৰ্থপ্রতিম দাসে ৫৯৫ নম্বৰ লাভ কৰি অসমৰ দহটা স্থানৰ ভিতৰত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়।Parthaprotim Das পাৰ্থপ্রতিমে বিহপুৰীয়া লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। বিহপুৰীয়া নগৰৰ ব্যৱসায়ী টিটু দাস আৰু মাতৃ ৰেখা ভৰালীৰ জ্যেষ্ঠ পুত্ৰ পাৰ্থপ্রতিমৰ সাফলাই বিহপুৰীয়াৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ কৃতিত্বৰ আঁৰত বিদ্যালয়ৰ শিক্ষক-শিক্ষত্ৰিীৰ লগতে পিতৃ-মাতৃৰ যথেষ্ট ত্যাগ আছে বুলি কয়।

  • পঞ্চমস্থানত উজ্বলিল লখিমপুৰৰ ইকুইত এবত দত্ত

অসম উচ্চ মাধ্যমিক শিক্ষা সংসদে আজি ঘোষণা কৰা ফলাফলত লখিমপুৰৰ ছেইন্ট মেৰিজ হাইস্কুলৰ পৰা ইকুইত এবত দত্তই মুঠ ৫৯৩ (৯৮.৮৫/.) নম্বৰ লাভ কৰি পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয়।Ekuit Abot ভৱিষ্যতে চিকিৎসক হোৱাৰ মনস্থ কৰা ইকুইতে আজি ঘোষিত ফলাফল অনুসৰি ইংৰাজী- ৯৮, গণিত- ১০০, সমাজ বিজ্ঞান- ১০০, ঐচ্ছিক গণিত- ১০০, বিজ্ঞান-১০০ আৰু অসমীয়াত ৯৫ নম্বৰ লাভ কৰে। লখিমপুৰ মৈদমীয়াৰ নিবাসী তথা আই বি এম একাডেমীৰ শিক্ষক সুশীল দত্ত আৰু বৰ্ণালী শ‍ইকীয়াৰ জ্যেষ্ঠ পুত্ৰ ইকুইতে কয় যে পিতৃৰ লগতে মাতৃৰ অশেষ কষ্টৰ বাবেই আজি তেওঁ এনেদৰে সাফল্যৰ মুখ দেখিবলৈ সক্ষম হয়। তেওঁৰ সাফল্যত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বিশেষ কৃতিত্ব আছে বুলি কোৱাৰ লগতে তেওঁ ক্রিকেট খেলি, বন্ধুৰ লগত ঘুৰি ফুৰি ভাল পাই বুলি ব্যক্ত কৰে। পূৰ্বতে মেধাবী ছাত্র-ছাত্রীসকলে মেট্ৰিকত স্থান লাভ কৰা সাক্ষাৎকাৰ সমূহ সংবাদ মাধ্যমত দেখি দেখি তেওঁ আজিৰ স্থানত উপনীত হ’বলৈ প্ৰেৰণা লাভ কৰিছিল বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা নজনা বিষয়টো তেওঁ মেচেজ বা মোবাইলৰ জৰিয়তে সুধি লৈছিল বুলিও কয়।

  • সপ্তম স্থানেৰে বিহপুৰীয়ালৈ গৌৰৱ কঢ়িয়ালে শর্মিষ্ঠাই

Sarmistha e1654605857878লখিমপুৰ জিলাৰ পথালি পাহাৰৰ পিঠাগুৰিস্থ জৱাহৰজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শর্মিষ্ঠা ভাগৱতীয়ে মুঠ ৫৯১ (৯৮.৫) নম্বৰ লাভ কৰি সপ্তম স্থানেৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে। শর্মিষ্ঠাই পুথিগত শিক্ষাৰ উপৰি ছাত্র-ছাত্রীৰ নৈতিক আৰু আধ্যত্মিক তথা ব্যতিক্রমধর্মী কাৰ্যসূচীৰে ৰাইজৰ পৰা সমাদৰ বুটলি আহিছিল। বিদ্যালয়খনৰ অধ্যক্ষ হৰি ভাগৱতী আৰু মাতৃ পিংকি ভাগৱতীৰ কন্যা শর্মিষ্ঠাই ভবিষ্যতে চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে। তেওঁৰ সাফল্যত আজি সমগ্ৰ অঞ্চলটোৰ লগতে লখিমপুৰত আনন্দৰ জোৱাৰ উঠে। তেওঁৰ সাফল্যত লখিমপুৰ জিলা ছাত্ৰ সন্থা, খেৰাজঘাট আঞ্চলিক ছাত্ৰ সন্থাই মেধাবী ছাত্ৰী গৰাকীলৈ অভিনন্দন জ্ঞাপন কৰিছে। ইফালে ছত্ৰীগৰাকীক লৈ আজি শিক্ষক-শিক্ষয়িত্রী, ছাত্র-ছাত্রীসকলে আনন্দ উল্লাস কৰে।

  • নৱম স্থানেৰে নাৰায়ণপুৰ উজ্বলালে পার্থপ্রতিম বৰাই

Partha Protim Borahআজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে নৱম স্থান দখল কৰিবলৈ সক্ষম হয় নাৰায়ণপুৰ জ্ঞানজ্যোতি একাডেমীৰ ছাত্ৰ পাৰ্থপ্রতিম বৰাই। নাৰায়ণপুৰ ডেৰগঞা গাঁৱৰ ডিম্বেশ্বৰ বৰা আৰু অঞ্জু মুদৈ বৰাৰ পুত্ৰ পার্থপ্রতিম বৰাৰ ফলাফলক লৈ আজি নাৰায়ণপুৰত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। পার্থপ্রতিম বৰাই ইংৰাজীত- ৯৭, গণিত- ১০০, সমাজ বিজ্ঞানত – ১০০, ঐচ্ছিক গণিত- ১০০, বিজ্ঞানত ১০০ আৰু অসমীয়াত ৯২ নম্বৰ সহ মুঠ ৫৮৯ নম্বৰ লাভ কৰে। পার্থপ্রতিম বৰাই ভবিষ্যতে এজন চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে। আজি তেওঁৰ এই সাফল্যত বিদ্যালয়ৰ শিক্ষক, ছাত্র-ছাত্রী আৰু অভিভাৱকসকলে এক শোভাযাত্ৰা উলিয়াই আনন্দ প্রকাশ কৰে।

  • দশম স্থানত লখিমপুৰৰ অয়ন মিত্ৰ

Aoin Mitraআজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি উত্তৰ লখিমপুৰ নগৰৰ ৭ নং বার্ডৰ নিবাসী ব্যৱসায়ী গৌতম মিত্ৰ আৰু মাতৃ ৰীমা মিত্ৰৰ পুত্ৰ অয়ন মিত্ৰই লখিমপুৰ ছেইন্ট মেৰিজ হাইস্কুলৰ পৰা দশম স্থান লাভ কৰি সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। মেধাৱী ছাত্ৰজনে মুঠ ৫৮৮ নম্বৰ লাভ কৰে। ভবিষ্যতে ৱেভ ডেভলপাৰ হোৱাৰ সংকল্প পুহি ৰখা অয়ন মিত্ৰই ইংৰাজীত ১০০, গণিতত ১০০, সমাজ বিজ্ঞানত ১০০, ঐচ্ছিক গণিত- ৯৭, বিজ্ঞানত ১০০ আৰু অসমীয়াত ৯১ নম্বৰ লাভ কৰে। বিদ্যালয়ৰ ভিতৰে বাহিৰে দুষ্টালি কৰি ফুৰা অয়ন মিত্ৰই এনেদৰে স্থান লাভ কৰি নিজে যথেষ্ট গৌৰৱ অনুভৱ কৰে। আজৰি সময়ত বাহিৰা কিতাপ পঢ়ি ভাল পোৱা অয়ন মিত্রই দৈনিক ১১-১২ ঘণ্টাকৈ অধ্যয়ন কৰিছিল। ৱেবচাইট বনাই ভাল পোৱা অয়ন মিত্ৰৰ সাফল্যই আজি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

  • হাই মাদ্রাছা পৰীক্ষাৰ ফলাফলত ছাহনাজ পাৰবিনৰ তৃতীয় স্থান

আজি ঘোষিত অসম হাই মাদ্রাছা পৰীক্ষাৰ ফলাফলত দৌলতপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ছাহনাজ পাৰবিনে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। ২ নং সোনাপুৰৰ প্ৰয়াত আবু চৈয়দ আৰু মাতৃ খুদেজা খাতুনৰ কন্যা ছাহনাজে দৰিদ্ৰতাৰ লগত যুঁজি আজি এনে ফলাফল লাভ কৰিবলৈ সক্ষম হয়।Sahnaj AHM 03 মাতৃয়ে অতি কষ্টৰে ছাহনাজক পঢ়ুৱাই আজিৰ অৱস্থাত উপনীত হয়। ১৯৩৫ চনতে স্থাপিত দৌলতপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৰাজাৰ ভিতৰত এনেদৰে তৃতীয় স্থান দখল কৰাত বিদ্যালয় তথা অঞ্চলতোত আনন্দ উল্লাসৰ সৃষ্টি হয়। অতি দৰিদ্র পৰিয়ালত জন্মগ্ৰহণ কৰা ছাহনাজক বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে পঢ়াৰ ক্ষেত্ৰত বিশেষ ভাবে সহায় সহযোগিতা আগবঢ়াই আহিছিল। আর্থিক দৈন্য যে কেতিয়াও সফলতাৰ হেঙাৰ হ’ব নোৱাৰে সেই কথা পাৰবিনে প্ৰমাণ কৰি দেখুৱালে। ছাত্ৰীগৰাকীয়ে মুঠ ৫৪৯ (৯১.৫) নম্বৰ লাভ কৰে। ইংৰাজীত- ৮৩, গণিতত ১০০, সমাজ বিজ্ঞানত ৮৬, বিজ্ঞানত ৯৪, অসমীয়াত ৪৬, ফিকাহ আকাইদত- ৪৯ আৰু আৰবীকৃত- ৯১ নম্বৰ লাভ কৰে। ভবিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ সপোন দেখা ছাহনাজৰ এনে সাফল্যই আজি দৌলতপুৰ অঞ্চলটোৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More