প্রধান মন্ত্ৰী আৱাস যোজনাই ঢুকি নোপোৱা মানুহজন

শুবলৈ নাই বিচনা, খাবলৈ নাই এটি চৰু, এনেদৰেই ..... 

0 48

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১০ জুন : মানুহজনৰ নাম বগামল শ‍ইকীয়া, ঘৰ লখিমপুৰ জিলাৰ চুতীয়াকাৰীত। চল্লিশৰ উৰ্দ্ধৰ এইজন বিপত্নীক ব্যক্তিয়ে বছৰ বছৰ ধৰি ৰ’দ বৰষুণত তিতি-বুৰি এখন চালিৰ তলত কোনো মতে জীৱন নিৰ্বাহ কৰি আহিছে। কেওকিছু নথকা এইজন লোকে নিজা ভেটিত এটা উৰুখা পজাত দিন কটাই আহিছে। যি সময়ত দৰিদ্ৰতা নিৰ্মূলৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে প্ৰধান মন্ত্ৰী আৱাস যোজনাকে ধৰি বিভিন্ন অভিলাসী আঁচনিৰে দৰিদ্ৰসকলৰ কল্যাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ঠিক সেই সময়তে লখিমপুৰ উন্নয়ন খণ্ডৰ তথা লখিমপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চুতীয়াকাৰীৰ নিবাসী বগামল শ‍ইকীয়া নামৰ এইজন দৰিদ্ৰ লোকে এটি পকী চৰকাৰী গৃহৰ অভাৱত ৰ’দ বৰষুণৰ মাজতে এটা উৰুখা পজাত বছৰ বছৰ ধৰি জীৱন অতিবাহিত কৰি আহিছে। শুবলৈ এখন বিচনা নথকা, খাবলৈ এটা চৰু নথকা এই জন লোকৰ প্ৰতি চৰকাৰে কাণসাৰ নিদিয়াতো পৰিতাপৰ বিষয় হিচাপে পৰিগণিত হৈছে। এক প্ৰকাৰে এই ঘটনাই দেশৰ প্ৰধান মন্ত্ৰীৰ অভিলাসী আঁচনিক এক প্ৰকাৰে উপহাস কৰিছে। নিজৰ নামত মাটি থকাৰ পিছতো এটা ঘৰৰ অভাৱত উৰুখা পজাতে বাস কৰি অহা এইজন দুৰ্ভগীয়া লোক চৰকাৰী আঁচনিৰ পৰা চূড়ান্তভাবে বঞ্চিত হৈছে। এটা চৰকাৰী ঘৰৰ বাবে বহুবাৰ পঞ্চায়ত কাৰ্যালয়, উন্নয়ন খণ্ড লৈ তাঁতবাতি কৰিছে যদিও আজিকোপতি প্রধানমন্ত্রী আৱাস যোজনাৰ গৃহ লাভ নকৰিলে। উল্লেখ্য যে বর্তমান সময়ত প্ৰধান মন্ত্ৰী গৰাকীয়ে দৰিদ্ৰতা দূৰীকৰণৰ উদ্দেশ্যে দেশৰ পাঁচ লাখ দৰিদ্ৰ হিতাধিকাৰীক এটিকে চৰকাৰী আৱাস প্ৰদানৰ ব্যৱস্থাৰে পঞ্চায়তৰ যোগেদি ইতিমধ্যে একাংশ হিতাধিকাৰীয়ে এনে গৃহ লাভ কৰাৰ পিছত সেই গৃহৰ আধাৰশিলা স্থাপন কৰি গৃহ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে যদিও ৰংপুৰীয়াৰ এই গৰাকী ব্যক্তিয়ে কিয় এনে গৃহৰ পৰা আজিও বঞ্চিত হৈ আছে সেয়া ৰহস্যজনক। পৰিতাপৰ কথা যে আর্থিকভাৱে অতি দৰিদ্ৰ এইজন লোকে এতিয়া এজাক বৰষুণত ভিতৰত থাকিব নোৱাৰাৰ অৱস্থাৰ সৃষ্টি হয়। দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটিৰ এই লোকজনৰ পত্নীৰ মৃত্যুৰ পিছত ৰ’দ বৰষুণ পৰা এটি বিধ্বস্ত বাঁহৰ গৃহতে জীৱন কটাইছে আৰু দিনহাজিৰা কৰি আজি এমুঠি অন্নৰ যোগাৰ কৰি আহিছে। উল্লেখ যে এই লোকজনে চৰকাৰী ভাবে মাহত পাঁচ কেজি কৈ চাউল লাভ কৰিলেও সেই চাউলে তেওঁক মাহটোৰ বাবে নোযোৰে। যাৰ বাবে তেওঁ হাজিৰা কৰি, খুজি-মাগি খাবলগীয়া হৈছে। স্থানীয় ৰাইজৰ অভিযোগ – পঞ্চায়ত প্রতিনিধি তথা উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰীৰ গুৰুত্বহীনতাৰ বাবেই বাৰম্বাৰ আৱাস গৃহৰ বাবে আবেদন নিবেদন কৰিও এটি চৰকাৰী গৃহৰ পৰা তেওঁ বঞ্চিত হৈ আহিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More