প্ৰতিযোগিতাৰ দৌৰত আমাৰ মানসিকতা পঙ্গু হৈ পৰিছে নেকি!

0 280

বিমল বৰগোঁহাই

আজিৰ এই শিৰোনামটিৰ বিষয় বস্তুৰ ওপৰত আলোচনা কৰাৰ আগতে আমি প্ৰতিযোগিতাৰ সংজ্ঞা জনাটো খুবেই প্ৰয়োজন। অভিধান মতে প্ৰতিযোগিতাৰ অৰ্থ হল কাৰোবাৰ সৈতে প্ৰতিদ্বন্দ্বিতাত নমা। অৰ্থাৎ কোনো এক নিদিষ্ট লক্ষ্যত উপনীত হবলৈ দুই বা ততোধিক লোকে পৃথকে পৃথকে কৰা প্ৰচেষ্টাই প্ৰতিযোগিতা। আমি যেতিয়া বিদ্যালয় বা মহাবিদ্যালয়ত অধ্যয়ন কৰি আছিলো, তেতিয়া বিভিন্ন বিষয়ৰ ওপৰত বিশেষকৈ ৰচনা, কুইজ, সংগীত, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা, বিভিন্ন খেলা-ধুলা, নাটক, একক অভিনয়, একেবাৰে সৰু হৈ থাকোতে কৰা ভেকচন প্ৰতিযোগিতা আদিত অংশগ্ৰহণ গ্ৰহণ কৰাৰ কথা মনলৈ আহে। তেতিয়া তেনেবোৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি বঁটা বা পুৰস্কাৰ যে পাব লাগিব, তেনে কোনো কথা নাছিল। ছাত্র-ছাত্ৰী সকলে এই কাৰ্যসূচী সমূহত অংশ গ্ৰহণৰ যোগেদি নিজৰ বুদ্ধিমত্তা, পাৰদৰ্শিতা আৰু নিজৰ নিজৰ প্ৰতিভা সমূহো প্রদর্শন কৰাৰ সুযোগ লাভ কৰিছিল। ইয়াৰ ফলত ছাত্র-ছাত্ৰী সকলৰ মনত সোমাই থকা লাজ, ভয়, সংকোচ আদি ভাৱবোৰ নোহোৱা হৈ যিকোনো এনে কাৰ্যসূচীতে অংশগ্ৰহণত আগভাগ লোৱাৰ বাৱে উৎসাহ পাইছিল। ইয়াৰ উপৰিও এটা জ্ঞান পিপাসু মনে সদায় ছাত্র-ছাত্ৰী সকলৰ মনৰ ভিতৰত পোকে কামোৰা দি কামুৰি আছিল। নজনা কথাবোৰ জানিবলৈ বিদ্যালয়ৰ কিতাপৰ বাহিৰেও অন্যান্য কিতাপৰ মাজত বুৰ গৈছিল। ফলত তেওঁলোকে কিতাপ পঢ়াৰ এটা অভ্যাস গঢ়ি তুলি বহু নজনা কথাৰ বিষয়ে জ্ঞান অর্জন কৰি ইজনে সিজনক বিলাই আনন্দ লভিছিল। কিন্তু আজিকালি যেন ছাত্র-ছাত্ৰী সকলৰ মাজত কিতাপ পঢ়াৰ অভ্যাস (নিজৰ পাঠ্যপুথিৰ বাহিৰে) কমি আহিছে। মোবাইল আৰু সামাজিক মাধ্যমত তেওঁলোকে বেছিভাগ সময় ব্যস্ত থকা দেখা যায়। ইয়াৰ পৰা তেওঁলোকৰ বিশেষ কোনো লাভ নহয়, বৰঞ্চ বহু মূল্যবান সময় নষ্ট হয় লগতে নিজৰ মানসিকতাত বহু কু-প্ৰভাৱ পৰা দেখা যায়। কিন্তু, প্ৰকৃত জ্ঞান অৰ্জন কৰিবলৈ নিজৰ পাঠ্যক্ৰমৰ বাহিৰেও আজিৰ নতুন প্ৰজন্মই অধ্যয়ন আৰু কিতাপ পঢ়াৰ প্ৰয়োজনীয়তা অনুধাৱন কৰি পুনৰ কিতাপ মুখী হোৱাটো খুবেই জৰুৰী। তেতিয়াহে তেওঁলোকে প্ৰকৃত জীৱন গঢ়াৰ মূলমন্ত্ৰ পাবলৈ সক্ষম হব। সেই তেতিয়াৰ দিনত ছাত্র-ছাত্ৰী সকলে এটা শুদ্ধ মনেৰে লগৰ বা সহপাঠী সকলৰ সৈতে মনৰ কথাবোৰ আনন্দ মনেৰে আলোচনা কৰিছিল। কাৰোৰে প্ৰতি কোনেও কোনো বিদ্বেষ বা ঈৰ্ষা ভাৱ ৰখা নাছিল। তেতিয়া আৰু এটা বিশেষ কথাই গুৰুত্ব প্ৰদান কৰিছিল, সেইয়া হল নীতিশিক্ষা বা মূল্যবোধৰ শিক্ষা। আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলে প্ৰদান কৰা গুণগত আৰু মূল্যবোধৰ শিক্ষাৰ বাবেই বোধকৰোঁ সেইসময়ৰ ছাত্র-ছাত্ৰী সকলৰ মাজত কোনো বিশৃংখল পৰিবেশৰ সৃষ্টি হোৱা নাছিল। বিশেষকৈ আমি যেতিয়া প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলোঁ, তেতিয়া আমাৰ শ্ৰদ্ধাৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে এটা কথাত বেছি গুৰুত্ব দিছিল যে কেনেকৈ ছাত্র-ছাত্ৰী সকলৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ উত্তৰণ ঘটি প্ৰতিগৰাকী ছাত্র-ছাত্ৰীয়ে সমাজত এগৰাকী প্রকৃত মানুহ হিচাবে পৰিচয় দিব পাৰে। ইয়াৰ বাবে শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলে ছাত্ৰী-সকলক নানান নীতি শিক্ষাৰ জ্ঞান, সামাজিক দায়বদ্ধতা, অহিংসতা, স্বভাৱ-চৰিত্ৰ বা আচৰণ, বিশ্বাসযোগ্যতা, সততা বা সাধুতা, সহানুভূতিশীলতা, সহিষ্ণুতা আদি বিষয় সমূহৰ ওপৰত যথেষ্ট জ্ঞান দিছিল, যাতে এই শিক্ষা বা জ্ঞান লাভ কৰি ছাত্র ছাত্ৰী সকলে এক সু-শৃংখলাবদ্ধ জীৱন যাপন কৰিব পাৰে, তাৰ প্ৰতিহে বেছি গুৰুত্ব দিছিল। প্ৰতিযোগিতাত যোগদান কৰিছিল যদিও কোনো প্ৰতিদ্বন্দীৰ প্ৰতি কোনো হিংসা ভাৱ নাছিল। প্ৰতিদ্বন্দ্বিতাৰ পৰিবৰ্তে এটা বন্ধু সুলভ আচৰণৰ যোগেদি ইজনে সিজনক আন্তৰিকতাৰে সহায় কৰিছিল। সেয়াই আছিল, সেই তেতিয়াৰ মূল্যবোধৰ শিক্ষাৰ ফচল। কিন্তু, সাম্প্ৰতিক সময়ত আমি সকলোৱে এটা কথা একেমুখে স্বীকাৰ কৰিবই লাগিব যে সময় পৰিৱৰ্তন হল। এতিয়া যেন চাৰিওফালে মাথো প্ৰতিযোগিতাৰ যুগ। কি শিক্ষা, কি চাকৰি, কি পদবী, কি ক্ষমতা, কি খেলা-ধুলা, কি সাহিত্য, কি ৰাজনীতি, কি ব্যৱসায়, কি বিলাসিতা, কি সামাজিক মৰ্যাদা, এই সকলোবোৰ যেন আজি প্ৰতিযোগিতাৰ গ্ৰাসত পৰি এক বিকৃত ৰূপ পাবলৈ ধৰিছে। আজিকালি আমাৰ সমাজৰ এচাম মানুহে যি কোনো উপায়েৰে কিবা এটা হস্তগত কৰিবলৈ আনৰ সৈতে প্ৰতিযোগিতাত লিপ্ত হোৱা দেখা যায়। সেয়া ক্ষমতা, সন্মান, বঁটা বা পদবী যিয়েই নহওঁক কিয়। মুঠতে এইসকল লোকে আনৰ অপকাৰ কৰি বা আনৰ অন্তৰত আঘাত দি হলেও সন্মান, বা বঁটা লাভ কৰিবলৈ অহংকাৰী হৈ পৰা দেখা যায়। যোগ্যজনক বঞ্চিত কৰি অযোগ্যজনে এনে সন্মান বা বঁটা লাভ কৰাৰ ফলত “প্ৰতিযোগিতা” শব্দৰ প্ৰকৃত তাৎপৰ্য্য যেন নোহোৱা হৈ পৰা যেন অনুমান হৈছে। গতিকে, এনে প্ৰতিযোগিতামূখী মনোভাৱে আমাৰ মানসিকতাৰ ওপৰত এক নীতিবাচক প্ৰভাৱহে পেলাইছে। নিজৰ দক্ষতা বা যোগ্যতা নাথাকিলেও আজিকালি আমাৰ সমাজৰ এচাম মানুহৰ বাবে পুৰস্কাৰ, সন্মান, বঁটা আদি পাবলৈ লালায়িত হোৱা দেখা যায়। গতিকে, এইচাম লোকে চলে-বলে, কৌশলে সন্মান বা বঁটা লৈ নিজৰ নাম উচ্চ স্থানত ৰাখিবলৈহে সদায় অপচেষ্টা কৰা দেখা যায়। বৰ্তমান সময়ত কিন্তু আমাৰ সমাজত এনে মানুহৰ অভাৱ দেখা নাযায়। তাৎপৰ্যপূৰ্ণ যে এইসকল লোকৰ বিকৃত মানসিকতাৰ প্ৰভাৱ আমাৰ নৱ প্ৰজন্মৰ সন্তান সকলকৰ ওপৰতো পৰা দেখা গৈছে। লক্ষ্যণীয় যে আজিকালিৰ লৰা-ছোৱালীৰ মাজত শিষ্টাচাৰ, মানৱীয় প্ৰমূল্যবোধ, সহণশীলতা, মানৱীয় মূল্যবোধ আদিৰ দৰে গুণবোৰৰ অভাৱ দেখিবলৈ পোৱা। যিহেতু এই প্ৰতিযোগিতাৰ দৌৰত আমি সকলোৱে কম বেছি পৰিমানে নামি পৰিছোঁ আৰু আমি আমাৰ সন্তান সকলক পুৱাৰ পৰা গধূলিলৈকে অকল পঢ়া, আন লৰা-ছোৱালীতকৈ পৰীক্ষাত বেছি নামাংক পোৱা, যিকোনো প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰিবলৈ জোৰ দিয়া ইত্যাদি কথাবোৰ কৈ কৈ সিহঁতৰ মন মগজুত এনেদৰে ভৰাই দিছোঁ যে, সিহঁতেও এটা এটা প্ৰতিযোগিতামুখী মনোভাৱৰ দ্বাৰা পৰিচালিত হোৱা দেখা গৈছে। ইয়াৰ ফলত সিহঁতে কেতিয়াবা কেতিয়াবা নিজৰ বিবেক, বুদ্ধিমত্তা আদি হেৰুৱাই নানান অপকর্মত লিপ্ত হৈছে। সেয়েহে, আজিকালি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত নৈতিক স্খলনৰ ঘটনাবোৰ নিতৌ সংঘটিত হব ধৰিছে। ইয়াৰ বাবে আমাৰ সন্তান সকলৰ লগতে কিন্তু আমি অভিভাৱক বা পিতৃ-মাতৃ সকলো সমানেই জগৰীয়া। বৰ্তমান সময়ত সকলোৱে সমাজত এটা উচ্চ স্থান লাভ কৰিবলৈ এটা বিলাসী ঘৰ, এখন বিলাসী গাড়ীৰ লগতে অন্যান্য বিলাসী সামগ্ৰী থকাটো প্ৰয়োজনবোধ কৰে বা নিজৰ সামাজিক মৰ্যাদা বৃদ্ধি কৰিবলৈ যিকোনো উপায়েৰে এইবোৰ পাবলৈ বিচাৰে। ভাল পথেৰে এইবোৰ পাব নোৱাৰিলে, বক্র পথেৰে হলেও এইবোৰ আয়ত্ব কৰিবলৈ মানুহে আজিকালি নানান অপকর্মত লিপ্ত হবলৈ অকণো কুন্ঠাবোধ নকৰে। যাৰবাবে আজিকালি আমাৰ সমাজৰ এচাম মূখা পিন্ধা ভদ্ৰ মানুহৰ মনত অপৰাধ প্ৰৱণতাৰ ভাৱ জন্ম হৈ নানান অপৰাধমূলক কাৰ্যত বিশেষকৈ দুৰ্নীতি,ভষ্ট্ৰাচাৰ, হত্যা, অপহৰণ, ধৰ্ষণ, ডকাইটি আদি ঘটনা বোৰৰ সৈতে জড়িত হোৱা দেখিবলৈ পোৱা গৈছে। আজি কিছুদিনৰ পৰা অসমৰ চুকে-কুণে ঘটি থকা দুৰ্নীতি, ভষ্ট্ৰাচাৰ, হত্যা, অপহৰণ আদি ঘটনাবোৰ তাৰেই প্ৰমাণ। আচৰিত লাগে যে আজি কালি খবৰ কাকতৰ শিৰোনামত, পুত্ৰই নিজৰ পিতৃ-মাতৃক হত্যা কৰা, পত্নীয়ে নিজ স্বামীক হত্যা কৰা বা স্বামীয়ে পত্নীক হত্যা কৰা, বোৱাৰীয়েকে শহুৰয়েকক বা শাহুৰয়েকক হত্যা কৰা, ছাত্ৰই শিক্ষকক মাৰপিট কৰা, শিক্ষকে নিজৰ সহপাঠী শিক্ষয়িত্ৰী বা ছাত্ৰীক শাৰিৰীক সম্পৰ্কৰে নিৰ্যাতন চলোৱা আদি বাতৰিহে সদায় আগস্থান পায়। এইবোৰ একমাত্ৰ নৈতিক স্খলন আৰু সহজে ধন-সম্পত্তি আয়ত্ত কৰিবলৈ কৰা প্ৰতিযোগিতাৰ ফল বুলি কলেও বঢ়াই কোৱা নহয়। তাতকৈ বেছি আচৰিত লাগে যেতিয়া এখন পবিত্ৰ বিদ্যালয়ৰ শিক্ষক আৰু শিক্ষয়িত্ৰী পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ দৰে অপকর্মত লিপ্ত হোৱা দেখা যায়। এইবাৰৰ (২০২৩) উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কেইবাখনো প্ৰশ্ন কাকত ফাদিলৰ ঘটনাই গোটেই অসম কঁপাই গল। তদন্তৰ অন্তত ভালেমান লোক জড়িত হোৱাৰ প্ৰমাণ পোৱাৰ লগতে শিক্ষাৰ দৰে পৱিত্ৰ বৃত্তিত থকা শিক্ষক-শিক্ষয়িত্ৰী ও গ্ৰেপ্তাৰ হোৱা দেখা গৈছে। ছি ! কি ঘৃণনীয় কাণ্ড। মাত্ৰ দুটামান টকা সহজে লাভ কৰাৰ লোভত এই সকল শিক্ষকে এনে অপকর্মত লিপ্ত হল। মুঠতে সকলোৱে আজিকালি আনক দেখি দেখি অতি সহজে ধন-সম্পত্তি ঘটিবলৈ যেন এক প্ৰতিযোগিতাত নামি পৰিছে। এই প্ৰতিযোগিতাৰ দৌৰত তেওঁলোকে নিজৰ বিবেক, বুদ্ধি, নৈতিকতা, দায়বদ্ধতা, আত্মসন্মান, আন্তৰিকতা, বিশ্বাসযোগ্যতা, সম্পৰ্ক আদি বোৰ জলাঞ্জলি দি হলেও নিজৰ লক্ষ্যত উপনিত হবলৈ অহৰহ প্ৰচেষ্টা চলাই গৈছে। এনে ঘটনাবোৰ দেখি দেখি আমাৰ সন্তান সকলৰ মনবোৰো কিছু পৰিমাণে হলেও কু-প্ৰভাৱৰ দ্বাৰা পৰিচালিত হোৱা যেন অনুমান হয়। সাম্প্ৰতিক সময়ত ঘটি থকা কিছুমান ছাত্র ছাত্ৰী ব্যৱহাৰ বা কাণ্ডই তেনে কথাকেই প্ৰমাণ কৰে। আমাৰ ছোৱালীজনী চি.বি.ছ.ই বৰ্ডৰ এখন নামজ্বলা ইংৰাজী বিদ্যালয়ৰ( অসমীয়া বিষয়টি মূল বিষয় হিচাবে দিয়াইছোঁ) ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। কিন্তু, এই বিদ্যালয় খনত নীতিশিক্ষা আৰু শিষ্টাচাৰৰ অভাৱ দেখা যায়। কেতিয়াবা কেতিয়াবা তাই আমাক কয় যে তাই লগৰ দুই-এক বান্ধৱীয়ে সিঁহতৰ মাক-দেউতাকে কি চাকৰি কৰে, কিমান দৰমহা পায়, কি দামী গাড়ী আছে ইত্যাদি ইত্যাদি কথাবোৰ আলোচনা কৰে। মই, তেতিয়া আমাৰ কন্যাক পৰামৰ্শ দিও যে তেনেবোৰ আলোচনাৰ পৰা সদায় নিজকে আঁতৰাই ৰাখিবলৈ। যিহেতু এনেবোৰ আলোচনাই শিশুৰ কুমলীয়া মানসিকতাত এক বেয়া প্ৰভাৱ পেলায়। অন্য এদিনৰ কথা। আমাৰ কন্যাৰ বান্ধৱী এগৰাকীয়ে আন এগৰাকী বান্ধৱীৰ কথা তাইক কৈ আছিল যে তাইৰ গাৰ বৰণ কলা হেতুকে তাই সেই বান্ধৱী জনীক ভাল নাপায় আৰু কথা পাতিব নিবিচাৰে। মই, কন্যাৰ কথাত হস্তক্ষেপ কৰি কলো যে মানুহৰ গাৰ বৰণ বা ৰঙে মানুহৰ প্ৰকৃত পৰিচয় দিব নোৱাৰে। নিজৰ কৰ্ম বা গুণৰ যোগেদিহে এগৰাকী মানুহৰ প্ৰকৃত পৰিচয় আৰু ব্যক্তিত্বৰ প্ৰতিফলন হয়। গতিকে, সেই কথা বান্ধৱী গৰাকীক ভালদৰে বুজাই দিবলৈ পৰামৰ্শ দিলোঁ। গতিকে, দেখা যায় এখন নামজ্বলা বা প্ৰতিষ্ঠিত শিক্ষানুষ্ঠান হলেও, গুণগত, মূল্যবোধ আৰু নীতিশিক্ষাৰ জ্ঞানৰ অবিহনে, অকল উচ্চস্থান অথবা বেছি মানাংক পাবৰ বাবে যদি ছাত্র-ছাত্ৰী সকলক শিক্ষা দিয়া হয়, তেন্তে কিন্তু সিহঁতৰ জীৱন গঢ় দিয়াত কিছু খুঁত ৰৈ যোৱা যেন অনুমান হয়। আমি বেছিভাগ অভিভাৱকে ও অকল শিক্ষক-শিক্ষয়িত্ৰীৰ ওপৰতেই নিজৰ সন্তানৰ ভৱিষ্যত গঢ় দিয়াৰ বাবে নিৰ্ভৰ কৰোঁ। আমি, কোনেও সিহঁতক কিছু নৈতিকতাৰ জ্ঞান বা সংস্কাৰ দিবলৈ যত্ন নকৰো অথবা উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ লগতে ভৱিষ্যতে কিদৰে এগৰাকী মানুহ হিচাবে পৰিচয় পাব পাৰি তাৰবাবে আমি অকণো প্ৰয়াস নকৰোঁ। এই সংক্ৰান্তত বিশিষ্ট কথাশিল্পী আৰু লিখক শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ডাঙৰীয়াৰ এফাঁকি কথা বৰকৈ মনত পৰিছে। তেখেতে “প্ৰজ্ঞাৰ সাধনা” গ্ৰন্থৰ এটা লেখাত লিখিছিল, ধন ঘটিবলৈ জ্ঞান লাগে; কিন্তু জীৱনক সুন্দৰ কৰাৰ কামত সেই ধন খৰচ কৰিবলৈ প্ৰয়োজন প্ৰজ্ঞাৰ। গতিকে, এই কথা কথাষাৰি আমি সকলোৱে পলে পলে উপলব্ধি কৰা উচিত আৰু আমাৰ সন্তান সকলকো এই বিষয়ে জ্ঞান দিয়া উচিত। তেতিয়াহে মানুহে জীৱনটো সুন্দৰ ভাৱে অতিবাহিত কৰিব পাৰিব আৰু জীৱনৰ সাৰ্থকতা থাকিব। ওপৰোক্ত কথাখিনিৰ পৰা এটা কথা বিশ্লেষণ কৰিব পাৰি যে সাম্প্ৰতিক সময়ত এই প্ৰতিযোগিতামুখী মনোভাৱৰ বাবে আমাৰ সকলোৰে মানসিকতাত এক বেয়া প্ৰভাৱ পৰা দেখা গৈছে। কেতিয়াবা কেতিয়াবা যেনে এনে লাগে যেন আমাৰ মানসিকতা সঁচাকৈ পঙ্গু হৈ পৰিছে নেকি! যাৰ বাবে আমি নিজৰ বিবেক, জ্ঞান, বুদ্ধি আদিৰে কোনো এটা ভাল কাম বা সকলোৰে গ্ৰহণযোগ্য এটা চিন্তা বা সিদ্ধান্ত লব নোৱাৰো। আমি কিয় অনবৰতে আনক বেয়া বা অপকাৰ কৰিবলৈ বিচাৰো! আমি কিয় সমাজত মিলি-জুলি, সুখ-শান্তি আৰু আনন্দেৰে থাকিব নিবিচাৰোঁ! প্ৰতিযোগিতাত নিজৰ প্ৰতিদ্বন্দীক লেং মৰাতকৈ কিয় তেওঁক আৰু এখোজ আগুৱাই যোৱাত উৎসাহিত কৰিব নিবিচাৰো! কাৰোবাক অন্যায় কৰি বা অন্তৰত আঘাত দি কিবা এটা কাঢ়ি লোৱাটো কিমান যুক্তিপূৰ্ণ কথা! এনেবোৰ অনেক প্ৰশ্নই সদায় মোক বৰ আমনি কৰে। গতিকে, আহকচোন সময় থাকোতেই পঙ্গু হবলৈ ধৰা আমাৰ মানসিকতা সলনি কৰি এক সুস্থ আৰু নতুন চিন্তা ধাৰাৰে সমাজ খন নতুনকৈ গঢ় দিবলৈ আমি একেলগে কিছু প্ৰয়াস কৰোঁ। যত নাথাকিব কাকো হৰুৱাৰ প্ৰতিযোগিতা, থাকিব মাথোঁ মানুহৰ হৃদয় জয় কৰাৰ সুখ আৰু আনন্দ। শেষত আমাৰ শ্ৰদ্ধাৰ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা “মিছ্-আইল্ মেন” হিচাবে খ্যাত ড° এ.পি.জে. আব্দুল কালাম ডাঙৰীয়াৰ এটি সুন্দৰ উক্তিৰে মোৰ এই লিখনি সামৰিছোঁ। ” It is very easy to defeat Someone, But it is very hard to win Someone.”

লেখকৰ ঠিকনাঃ বৰদলৈ নগৰ, তিনিচুকীয়া
মোবাইল নং:৯৪৩৫০৩৫১৭৭

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More