প্ৰধানমন্ত্ৰী মোদীৰ বছৰৰ প্ৰথমটো বিদেশ ভ্ৰমণ

ভ্ৰমণ কৰিব জাৰ্মানী, ডেনমাৰ্ক আৰু ফ্ৰান্স

0 22
শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ এপ্ৰিলঃ তিনিদিনীয়া ব্যস্ত ভ্ৰমণসূচী লৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২ মে’ তাৰিখে জাৰ্মানী, ডেনমাৰ্ক আৰু ফ্ৰান্সলৈ যাত্ৰা কৰিব। ২০২২ বৰ্ষত প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম বিদেশ ভ্ৰমণ। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰী গৰাকীয়ে জাৰ্মানীৰ ফেডাৰেল চেঞ্চেলৰ অ’ল্ফ ছ’লঝৰ লগত এখন দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব আৰু ভাৰত-জাৰ্মানী আন্ত: চৰকাৰী পৰামৰ্শ কমিটীৰ এখন সভাত যুটীয়া ভাৱে সভাপতিত্ব কৰিব। তেওঁলোক দুয়োৱে বাৰ্লিনত এখন বাণিজ্যিক সন্মিলনত সম্বোধন কৰিব। পাছত মোডীয়ে জাৰ্মানীত থকা ভাৰতীয় সম্প্ৰদায় সকলৰ লগতো মিলিত হ’ব। দ্বিতীয় পৰ্যায়ত ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ডেনমাৰ্কৰ ৰাজধানী কোপেনহেগেনত ডেনিছ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডেৰিকছেনৰ লগত দেশ দুখনৰ দ্বিপাক্ষিক বিষয়সমূহ আলোচনা কৰিব। প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰত-ডেনমাৰ্কৰ বাণিজ্য বিষয়ক এখন সন্মিলনত ভাষণ দিয়াৰ উপৰি ভাৰতীয় সম্প্ৰদায়ৰ লগতো সৌহাৰ্দমূলক সাক্ষাৎ কৰাৰ কথা। ৩ মে’ তাৰিখে কোপেনহেগেনত প্ৰধানমন্ত্ৰী গৰাকীয়ে দ্বিতীয় ভাৰত-নৰ্দিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে আইচলেণ্ড, নৰৱে’, ছুইডেন আৰু ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী কেইগৰাকীৰ লগতো সুকীয়াকৈ আলোচনাত মিলিত হ’ব। শীৰ্ষ সন্মিলনখনত ক’ভিডৰ পৰৱৰ্তী অৰ্থনৈতিক পৰিস্থিতি, জলবায়ু পৰিৱৰ্তন, উদ্ভাৱন আৰু প্ৰযুক্তি, নৱীকৰণীয় শক্তি আৰু গোলকীয় নিৰাপত্তা আদিৰ উপৰি ভাৰত আৰু নৰ্দিক দেশকেইখনৰ সহযোগিতাৰ ওপৰত আলোচনা কৰা হ’ব। ভ্ৰমণৰ শেষ পৰ্যায়ত প্ৰধানমন্ত্ৰী মোডীয়ে পেৰিছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক সাক্ষাৎ কৰিব।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More