নীৰৱতা ভাঙক প্ৰধান মন্ত্ৰী মহোদয়ঃ মুকলি চিঠিৰে আহ্বান ১০৮ প্ৰাক্তন শীৰ্ষ আমোলাৰ

0 112

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ এপ্ৰিল : ঘৃণাৰ ৰাজনীতিক লৈ উদ্বিগ্ন হৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ চিঠি লিখিলে দেশৰ ১০৮ জন প্রাক্তন আমোলাই। প্রধানমন্ত্রীলৈ লিখা মুকলি চিঠিত প্রাক্তন আমোলাসকলে দিল্লী, অসম, গুজৰাট, হৰিয়ানা, কর্ণাটক, মধ্যপ্রদেশ, উত্তৰ প্রদেশ আৰু উত্তৰাখণ্ডৰ দৰে ৰাজ্যত ঘটি যোৱা সাম্প্রতিক ঘটনাৰ উদাহৰণ তুলি ধৰে। শঙ্কা প্রকাশ কৰি আমোলাসকলে বক্তব্যত কয় যে, দেশজুৰি সংখ্যালঘুৰ প্রতি বিদ্বেষ আৰু অসহিষ্ণুতা বিয়পোৱাৰ প্রচেষ্টা চলিছে। এই প্ৰেক্ষাপটত প্রধানমন্ত্রীৰ ওচৰত প্রাক্তন আমোলাসকলৰ আবেদন, যাতে এই প্রচেষ্টা অবিলম্বে বন্ধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হয়। প্রাক্তন আমোলাসকলৰ চিঠিত চৰকাৰৰ বিৰুদ্ধে বিদ্বেষৰ ৰাজনীতি প্রচাৰৰ অভিযোগ তুলিছে।

প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ লিখা মুকলি চিঠিত প্রাক্তন আমোলাসকলে কৈছে যে, দেশত ঘৃণাৰ ৰাজনীতি বন্ধ হোৱা উচিত। প্রধানমন্ত্রীক উদ্দেশ্য কৰি চিঠিত আৰু লিখিছে যে, এই বছৰ ভাৰতে যিহেতু স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰিছে, গতিকে তেওঁলোকে আশা কৰিছে যে, প্রধানমন্ত্রীয়ে পক্ষপাতমূলক মনোভাব ত্যাগ কৰি সকলোৰে লগত সমান আচৰণ কৰিব। চিঠিত লিখা হৈছে— “এই ভয়াৱহ সামাজিক হুমকিৰ সমুখত আপোনাৰ নীৰৱতাত মনলৈ আহিছে সকলোৱেই বধিৰ।” প্রাক্তন ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শিৱশঙ্কৰ মেনন, প্রাক্তন পৰৰাষ্ট্র সচিব সূৰজা সিং, প্রাক্তন স্বৰাষ্ট্র সচিব জেকে পিল্লাই, দিল্লীৰ প্রাক্তন লেফটেনেন্ট গভর্নৰ নজীব জং, প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙৰ মুখ্য সচিব টিকে নায়াৰসহ মুঠ ১০৮ জন প্রাক্তন আমোলাই এই চিঠিত স্বাক্ষৰ কৰিছে।

চিঠিত লেখা আছে— “আমাৰ দেশৰ প্রতিষ্ঠাতা নেতাসকলৰ নির্মিত সাংবিধানিক ভৱন ভাঙি পেলোৱা হৈছে।” তেওঁলোক এই লৈ ক্ষুব্ধ। সেয়ে তেওঁলোকে নিজৰ মনৰ কথা কবলৈ আৰু তেওঁলোকৰ দুখ প্রকাশ কৰিবলৈ বাধ্য হৈছে। সংখ্যালঘু সম্প্রদায়, বিশেষকৈ মুছলমান সম্প্রদায়ৰ কথা উল্লেখ কৰি চিঠিত কোৱা হৈছে যে, বিগত কেইটামান মাহত গুজৰাট, হৰিয়ানা, কর্ণাটক, মধ্যপ্রদেশ, উত্তৰপ্রদেশ, উত্তৰাখণ্ড আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ দৰে ৰাজ্যবোৰত হিংসাৰ ঘটনা ঘটিছে। দিল্লীৰ বাদে এই প্রতিখন ৰাজ্য বিজেপি শাসিত। দিল্লীৰ পুলিচৰ নিয়ন্ত্রণ কেন্দ্রৰ হাতত। তৎসত্ত্বেও বিভিন্ন সময়ত বিগত কেইবাবছৰত সেইবোৰ ঠাইত পৰিস্থিতি খুবেই গুৰুতৰ হৈ উঠিছে। চিঠিত প্রধানমন্ত্রী মোদীৰ ওচৰত ‘সবকা সাথ, সবকা বিকাশ’ৰ প্রতিশ্রুতি হৃদয় দি পূৰণ কৰাৰ বাবে আবেদন জনায় প্রাক্তন আমোলাসকলে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More