প্ৰশান্ত ৰাজগুৰুলৈ ’’পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা, ২০২২’’

১৭ মে’ত পৰাগ দাসৰ মৃত্যু দিৱসত গুৱাহাটী প্ৰেছ ক্লাবত বঁটা প্ৰদান অনুষ্ঠান

0 100

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ মেঃ IMG 20220511 WA0017অসমৰ সংবাদ জগতত ১৯৮৭ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে সাংবাদিকতাত জড়িত হৈ সমাজ-জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ আগবঢ়োৱা হৈছে ’’পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা, ২০২২’’। এই বঁটা আগবঢ়াইছে “পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চ”ই। অহা ১৭ মে’ত পৰাগ দাসৰ মৃত্যু দিৱসত গুৱাহাটী প্ৰেছ ক্লাবত এই বঁটা প্ৰদান কৰা হ’ব। উল্লেখ্য যে এই বঁটাত আছে ২৫ হাজাৰ টকা, স্মাৰক, চেলেংচাদৰ আৰু প্ৰশংসা পত্ৰ।
বঁটা প্ৰাপক ৰাজগুৰুৱে দৈনিক জনমভূমি কাকতত সাংবাদিকতা আৰম্ভ কৰি বিগত ৪টা দশকত, অসমীয়া প্ৰতিদিন, দৈনিক অসমত সাংবাদিক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত আমাৰ অসম কাকতত পোনতে কাৰ্যবাহী সম্পাদক আৰু পিছলৈ সম্পাদক হিচাপে আৰু সম্প্ৰতি প্ৰাগ নিউজৰ এডিটৰ ইন চীফ হিচাপে দক্ষতাৰে সংবাদ সেৱা আগবঢ়াই আছে। অহা ১৭ মে’ত গুৱাহাটী প্ৰেছ ক্লাবত ৰাজগুৰুক বঁটাটি প্ৰদান কৰিব বিজ্ঞানী তথা লেখক ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More