প্ৰশ্নকাকত ফাদিলৰ ঘটনাঃ লখিমপুৰত ৬ পৰীক্ষাৰ্থীক আটকঃ আছুৰ প্ৰতিবাদ অব্যাহত

0 44

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৪ মাৰ্চ ঃ মেট্ৰিকৰ পৰীক্ষাত বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাৰ আঁৰত কোন জড়িত তাক লৈ অসম আৰক্ষীয়ে তৎপৰতা অব্যাহত ৰখাৰ সময়তে চি আই ডিৰ নিৰ্দেশত আজি লখিমপুৰ আৰক্ষীয়ে ৬জন পৰীক্ষাৰ্থীক আটক কৰিছে৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আটক কৰা পৰীক্ষাৰ্থীসকলক ইতিমধ্যে উত্তৰ লখিমপুৰ সদৰ থানাত আটক কৰি সোধ পোছ অব্যাহত ৰাখিছে যদিও আৰক্ষীয়ে অধিক তথ্য সদৰি কৰাৰ পৰা বিৰত আছে৷ ইফালে মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা সন্দৰ্ভত আছুৱে আজিও প্ৰতিবাদ অব্যাহত ৰাখে৷ দোষীক কৰায়ত্ত কৰাৰ দাবী জনোৱাৰ লগতে নগৰখনৰ শ্বহীদ ভৱনৰ সন্মুখত আছু কৰ্মীসকলে ছেবা আৰু চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ অন্তত দেৱালত ছেবাৰ অধ্যক্ষ ৰাকেশ জৈন আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পুত্তলিকা ওলোমাই ৰাখে৷ ইফালে প্ৰশ্নকাকত ফাদিলৰ সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষকে কয় যে লখিমপুৰৰ সকলো কেন্দ্ৰৰ প্ৰশ্ন কাকতৰ টোপোলা সম্পূৰ্ণ অক্ষত অৱস্থাত পোৱা গৈছে৷ প্ৰকৃততে কোনো লোকৰ ম’বাইল পৰাই এই প্ৰশ্নকাকত ভাইৰেল হোৱা বুলিহে আৰক্ষী অধীক্ষকজনে সন্দেহ ব্যক্ত কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More