প্ৰসংগ সীমা বিবাদ : গুৱাহাটীত অসম-মেঘালয়ৰ মুখ্যমন্ত্রীৰ বৈঠক

0 23

গুৱাহাটী,২১ আগষ্টঃ অসম আৰু মেঘালয়ৰ মাজত বাকী থকা সীমা সমস্যা সমাধানৰ বাবে আজি দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। জনতা ভৱনত অনুষ্ঠিত হোৱা এই বৈঠকত ৰাজ্য দুখনৰ সীমান্তৰ বাকী থকা ছয়টা বিবদমান এলেকাৰ বিবাদ মীমাংসা সন্দৰ্ভত আলোচনা কৰা হয়। উল্লেখ যে অসম-মেঘালয়ৰ মাজত থকা মুঠ ১২টা বিবদমান অঞ্চলৰ ভিতৰত ইতিমধ্যে ৬টা অঞ্চলৰ বিবাদ নিষ্পত্তি কৰা হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ২৯ মাৰ্চত নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছিল। সেই অনুসৰি বিবদমান তাৰাবাৰী, গিজাং, হাঁহিম, বক্লাপাৰা, খানাপাৰা-পিলিংকটা আৰু ৰাতাচেৰা অঞ্চলৰ সমস্যা সমাধান হৈছে। প্রথম পর্যায়ত এই ৬টা অঞ্চলৰ সমস্যাৰ সমাধান সূত্র ওলোৱাৰ পাছতে ৰাজ্য দুখনে এতিয়া বাকী থকা আন ৬টা অঞ্চলৰ সমস্যা সমাধান কৰাৰ বাবে অগ্ৰসৰ হৈছে। মুখ্যমন্ত্রী পৰ্যায়ৰ বৈঠকৰ অন্তত অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্রী ক্ৰমে হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাই এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম-মেঘালয়ৰ বাকী থকা ছটা বিবাদমান এলেকাৰ বিবাদ মীমাংসা সন্দৰ্ভত আজি আলোচনা কৰা হয়। উক্ত ছটা বিবাদমান এলেকা অসমৰ তিনিখন জিলাৰ অন্তৰ্গত। তিনিখন জিলাৰ এই ছটা বিবাদমান এলেকাৰ বাবে কেবিনেট মন্ত্রীৰ অধ্যক্ষতাত তিনিখন আঞ্চলিক কমিটি কৰা হ’ব। অনুৰূপ ধৰণে মেঘালয়ৰো তিনিখন আঞ্চলিক কমিটি থাকিব। মুখ্যমন্ত্রী শৰ্মাই কয় যে ১৫ দিনৰ ভিতৰত এই কমিটিসমূহ কৰা হ’ব। আনহাতে কাৰ্বিআংলং জিলাতো বিবাদমান এলেকা থকাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ স্বায়ত্ত শাসিত পৰিষদৰ প্ৰতিনিধিও আঞ্চলিক কমিটিত থাকিব। পূৰ্বৰ দৰে দুয়োখন ৰাজ্যৰ আঞ্চলিক কমিটিসমূহে বিবাদমান এলেকা পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ মতামত গ্ৰহণ কৰিব আৰু সমগ্ৰ পৰিস্থিতিৰ বুজ ল’ল। দুয়োখন ৰাজ্যৰ সংশ্লিষ্ট এলেকাৰ ৰাইজক আস্থা আৰু বিশ্বাসত লৈ এই বিবাদ মীমাংসা কৰা হ’ব বুলি মুখ্যমন্ত্রী শৰ্মাই কয়। মুখ্যমন্ত্রীয়ে লগতে কয় যে প্রথম পৰ্যায়ৰ ৬টা অঞ্চলৰ তুলনাত দ্বিতীয় পৰ্যায়ৰ ৬টা অঞ্চলৰ সমস্যা অধিক জটিল যদিও আলাপ-আলোচনাৰ মাজেৰে মীমাংসা কৰা হ’ব। সংবাদমেলত মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই কয় যে কেইবা দশক ধৰি দুয়োখন ৰাজ্যৰ মাজত অব্যাহত থকা সীমা বিবাদৰ ইতিমধ্যে ছটা মীমাংসা কৰা হৈছে। বাকী ছটা বিবাদ মীমাংসা কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। এই বিবাদমান এলেকাৰ বাবে ১৫ দিনৰ ভিতৰত আঞ্চলিক কমিটি গঠন কৰি পৰৱৰ্তী প্ৰক্ৰিয়া আগুৱাই নিয়া হ’ব বুলি তেওঁ কয়

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More