প্ৰাকৃতিক গেছৰ অভাৱনীয় মূল্যবৃদ্ধি : বিপৰ্যয়ত ৰাজ্যৰ চাহ উদ্যোগ

 তিনিচুকীয়াৰ লিম্বুগুৰি বাগিছাৰ ফেক্টৰীত লাগিল তলা : আটছা, এ চি এম এছ, শ্ৰমিকৰ প্ৰতিবাদ

0 24

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৭ মে’ : ৰাজ্য চৰকাৰৰ শ্রমিক বিৰোধী নীতিৰ প্ৰতিবাদত আৰু ডলু বাগিছাৰ উচ্ছেদ বন্ধ কৰাৰ লগতে তিনিচুকীয়াৰ লিম্বুগুৰি চাহ বাগিছাৰ একাধিক সমস্যা সমাধানৰ দাবীত আজি অসম চাহ জনজাতি ছাত্র সন্থাৰ (আটছা) গটং উপ-শাখা সমিতিৰ উদ্যোগত তথা অসম চাহ মজদুৰ সংঘৰ (এ চি এম এছ) লিম্বুগুৰি চাহ বাগিছা প্ৰাথমিক গোটৰ লগতে বাগিছাখনৰ শ্ৰমিক ৰাইজৰ সহযোগত লিম্বুগুৰি বাগিছাৰ কাৰ্য্যালয়ৰ সন্মুখত দুঘণ্টীয়া ধর্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় । IMG 20220527 WA0026হাতেহাতে বেনাৰ, প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দাবীৰ সমৰ্থনত বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে । উল্লেখ্য যে এপ্ৰিল মাহৰ পৰা প্ৰাকৃতিক গেছৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে অশনি সংকেত কঢ়িয়াই আনিছে ৰাজ্যৰ চাহ উদ্যোগলৈ । লিম্বুগুৰি চাহ বাগিছাৰ ফেক্টৰী বৰ্তমান গেছৰ মূল্যবৃদ্ধিৰ ফলত বন্ধ কৰি ৰাখিবলগীয়া হৈছে । ইয়াৰ কুফল ভোগ কৰিছে বাগিছাৰ শ্রমিক ৰাইজে । ৰাজ্যৰ ৮০ শতাংশ চাহ উদ্যোগেই প্ৰাকৃতিক গেছৰ ওপৰত নিৰ্ভৰশীল । মাথোঁ ২০ শতাংশইহে ব্যৱহাৰ কৰে কয়লা বা আন বিকল্প ইন্ধন । এনে পৰিস্থিতিত ভয়ংকৰ বিপৰ্যয় নামি আহিছে ৰাজ্যৰ চাহ উদ্যোগলৈ । বহু বাগিছাই উৎপাদন হ্ৰাস কৰিবলৈ বাধ্য হোৱাৰ বিপৰীতে লিম্বুগুৰি চাহ বাগিছাৰ দৰে বাগিছাই ফেক্টৰী বন্ধ কৰিবলগীয়া হৈছে । এ চি এম এছৰ কেন্দ্ৰীয় উপ-সভাপতি তথা পানীতোলা শাখাৰ সম্পাদকৰ দায়িত্বত থকা চাবুৱা প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে এক বিবৃতিত ক্ষোভ প্ৰকাশ কৰি কয় যে বিজেপি চৰকাৰৰ আমোলত উন্নয়নৰ নামত বনিয়া গোষ্ঠীৰ স্বাৰ্থত চাহ শ্ৰমিকৰ অধিকাৰ খৰ্ব কৰা হৈছে । চাহ বাগিছা সম্পর্কে জ্ঞান নথকা ব্যক্তিৰ হাতত চাহ উদ্যোগটো পৰি চাহ পাতৰ মান নিম্নগামী হৈছে । শেহতীয়াকৈ প্ৰাকৃতিক গেছৰ মূল্যবৃদ্ধিয়ে চাহ উদ্যোগটোৰ ওপৰত মাধমাৰ শোধাইছে । এনেদৰে ধাৰাবাহিক বিপৰ্য্যয়ৰ সন্মুখীন হৈ থাকিলে চাহ উদ্যোগটো অসমৰ পৰা নিঃশেষ হৈ যাবলৈ বেছিপৰ নেলাগে বুলি চাহুৱে কয় ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More