প্ৰাক্তন অধ্যক্ষ,বিহগুৰি নিবাসী প্ৰভাত চন্দ্ৰ নাথৰ বিয়োগ

0 14

শতাব্দ প্ৰতিনিধি তেজপুৰ,২৬আগষ্ট: তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিহগুৰি ভালুকে খোৱা নিবাসী প্ৰভাত চন্দ্ৰ নাথ(৬৯)ৰ কালি সন্ধিয়া ৬-১৫বজাত নিজা বাসগৃহত বিয়োগ ঘটাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ উল্লেখযোগ্য যে,যোৱা কিছুদিন ধৰি মধুমেহ আৰু স্নায়ু জনিত ৰোগত আক্ৰান্ত আছিল প্ৰয়াত শিক্ষক গৰাকী৷ বিজ্ঞানৰ লগতে গণিতৰ শিক্ষক হিচাপে কৰ্মজীৱনত সুখ্যাতি থকা নাথে ১৯৬২ ত অঞ্চলটোৰ ভিতৰত প্ৰথম জন ছাত্ৰ হিচাপে মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল।তেওঁ প্ৰথমে বিহগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰে কৰ্ম জীৱনৰ পাতনি মেলিছিল আৰু পৰৱৰ্তী সময়ত ঐতিহ্যমণ্ডিত চন্দ্ৰ নাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোগদান কৰে৷ ২০০৩ ত বিদ্যালয়খনৰ পৰা অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰা নাথ কৰ্মদক্ষ আৰু সৰলমনৰ ব্যক্তি হিচাপে পৰিচিত আছিল।আজি গাওঁবাসীৰ উদ্যোগত প্ৰাক্তন অধ্যক্ষ গৰাকীৰ বিয়োগত এখন শোকসভা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হোৱাৰ পিছতে ৰাজহুৱা শ্মশান গছৰ গুৰি আটিত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। গাওঁবাসীৰ হৈ স্হানীয় সমাজকৰ্মী মোহন চন্দ্ৰ নাথে প্ৰয়াত নাথৰ স্মৃতিচাৰণ কৰাৰ পিছতে সভাপতি ভূৱন চন্দ্ৰ নাথ আৰু পুনিল নাথৰ লগতে ভালেসংখ্যক গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। বিয়োগৰ সময়ত প্ৰয়াত নাথে পত্নী ৰীমা দেৱীৰ লগতে তিনি সন্তান বোৱাৰী আৰু নাতি নাতিনী সহ বহু সংখ্যক আত্মীয় তথা গুণমুগ্ধক এৰি গৈছে।উল্লেখ্য যে,যোৱা কালি উক্ত বিদ্যালয়খনৰ অধ্যক্ষ মীনাক্ষী গোস্বামীয়ে ৰাষ্ট্ৰীয় বটাঁৰ বাবে নিৰ্বাচিত হোৱাত বিদ্যালয়খনৰ লগতে সমগ্ৰ বিহগুৰি অঞ্চলৰ আনন্দৰ বন্যা বোৱাৰ বিপৰীতে উক্ত বিদ্যালয় খনৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ প্ৰভাত চন্দ্ৰ নাথৰ মৃত্যুৰ বাতৰিয়ে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী অথা ছাত্ৰ-ছাত্ৰীৰ মাজত ছাঁ পেলাইছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More