প্ৰেমিকাৰ কিডনী লৈ পলাল প্ৰেমিক

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ জুলাই : ভালপোৱাৰ তাড়নাত মানুহে কি কৰিব নোৱাৰে! উদাহৰণ অলেখ আছে। মনৰ মানুহজন বা মানুহজনীৰ লগত থাকিবৰ বাবে প্ৰেমাস্পদে অসাধ্য সাধনো কৰিব পাৰে। এনে কিছুমান কাম কৰা হয়, যিবোৰ কল্পনাৰো বাহিৰত। কিন্তু অন্ধ প্ৰেমে বহুতৰ জীৱনলৈয়ো অন্ধকাৰ নমাই আনিব পাৰে। প্ৰেমত ‘অন্ধ’ হোৱা বাবে কিছুমান মানুহে চূড়ান্ত মূল্য ভৰিবলগীয়া হয়। তথাপি মানুহ প্ৰেমৰ পূজাৰী! শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত প্ৰেমৰ এক আচৰিত ঘটনা চৰ্চালৈ আহিছে। য’ত এগৰাকী যুৱতীয়ে প্ৰেমিকক বচাবলৈ কিডনী দান কৰিছিল, কিন্তু প্ৰেমিকজনে কাৰ্যতঃ ‘প্ৰতাৰণা’ কৰি নিৰুদ্দেশ হয়! দুৰ্ভগীয়া যুৱতীগৰাকীয়ে নিজেই স্বীকাৰ কৰিছে এই ঘটনা। উল্লেখযোগ্য যে ছ’চিয়েল মিডিয়াত প্ৰতিদিনে হাজাৰ হাজাৰ ভিডিঅ’ ভাইৰেল হৈ পৰে। অৱশ্যে সেইবোৰত কিছুমান ভিডিঅ’ আছে যিবোৰ বিশ্বাস কৰিবলৈ টান। এই ভিডিঅ’টোও ইয়াৰ ব্যতিক্ৰম নহয়। জানিব পৰা মতে, অতি কম বয়সতে যুৱতীগৰাকী এজন যুৱকৰ প্ৰেমত পৰিছিল। কিন্তু তেওঁ জানিব পাৰিলে যে তেওঁ ভালপোৱা মানুহজনৰ ক্ৰনিক কিডনীৰ ৰোগ আছে। কেৱল সেয়াই নহয়, সেই ভয়াৱহ ৰোগৰ পৰা নিজকে ৰক্ষা কৰিবলৈ তেওঁক ক্ষিপ্ৰ কিডনী ট্ৰান্সপ্লাণ্টৰ প্ৰয়োজন আছিল। এই ক্ষেত্ৰত চিকিৎসকে যুৱতীগৰাকীয়ে তেওঁৰ প্ৰেমিকক কিডনী দান কৰিব পাৰে বুলি জনায়। তাৰ পিছত সেই আচৰিত কামটো হ’ল। প্ৰেমিকৰ জীৱন ৰক্ষাৰ বাবে আৰু একো চিন্তা নকৰি তেওঁ প্ৰেমিকক এটা কিডনী দান কৰিলে। কিন্তু সুস্থ হৈ উঠাৰ পিছতে যুৱকজন নিৰুদ্দেশ হয়। কাৰ্যতঃ সকলো স্তম্ভিত হৈ পৰিছে এই ঘটনাটোত। জানিব পৰা মতে ছোৱালীজনীৰ নাম কলিন লী। এটা সাক্ষাৎকাৰৰ জৰিয়তে তেওঁ সকলোৰে সন্মুখত দাঙি ধৰিছে তেওঁৰ জীৱনৰ এই কাহিনী।

* কলিন লীয়ে কি কয়
কলিনে কয় যে, প্ৰথম অৱস্থাত যুৱকজনৰ সৈতে তেওঁৰ ভাৰ্চুৱেলি কথা-বতৰা হৈছিল। পিছত ইজন সিজনৰ প্ৰেমত পৰিল। কথা-বতৰাৰ মাজতে কলিনে গম পাইছিল যে, তেওঁৰ প্ৰেমিকৰ শাৰীৰিক অৱস্থা অত্যন্ত বেয়া। দ্ৰুত কিডনী ট্ৰান্সপ্লাণ্ট নকৰিলে তেওঁৰ মৃত্যু হ’ব পাৰে। এনে অৱস্থাত তেওঁ নিজে এটা কিডনী দান কৰাৰ সিদ্ধান্ত লৈ কিছুসময়ৰ বাবে লাছ ভেগাছ ভ্ৰমণলৈ গৈছিল। কিন্তু তাৰ পৰা উভতি অহাৰ পিছতে কলিনে আৰু কোনো প্ৰেমিক বিচাৰি নাপালে। বিভিন্ন চেষ্টা চলোৱাৰ পাছতো যুৱকজনক বিচাৰি পোৱা নগ’ল। অৰ্থাৎ সুস্থ হৈ তেওঁ পলায়ন কৰিলে। ‘দ্য ডক্তৰছ’ নামৰ এটা ইউটিউব চেনেলৰ পৰা গোটেই কাহিনীটো চৰ্চালৈ আহিছে। তাত এটা সাক্ষাৎকাৰত কলিনে গোটেই কাহিনীটো কৈছে। এনে অৱস্থাত ভিডিঅটো দেখি সকলো আচৰিত হোৱাৰ লগতে নেটিজেনসকলে কলিনৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More