প্ৰয়াত দ্বিজেন বৰালৈ শ্ৰদ্ধাঞ্জলিঃ তেজপুৰত অসম আৰক্ষীৰ সঞ্চালক জি পি সিং

0 12

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৩১ মে’ঃ শোণিতপুৰ জিলাৰ বৰছলাৰ ওৰাং ৰষ্ট্ৰীয় উদ্যানত চলা উচ্ছেদ অভিযানৰ সময়ত কালি কৰ্তব্যৰত অৱস্থাত উৎকট গৰমৰ ফলত মৃত্যু হোৱা মায়ং আৰক্ষী চকীৰ উপ পৰিদৰ্শক দ্বিজেন বৰাৰ তেজপুৰ ৰবৰবাগানৰ বাসগৃহত আজি উপস্থিত হয়হি আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিং । প্ৰয়াত বৰাৰ বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জনাই আৰক্ষী সঞ্চালক প্ৰধানজনে বৰাৰ পৰিয়াললৈ অসম আৰক্ষীৰ তৰফৰ পৰা এক লাখ টকাৰ তৎকালীন সাহায্য আগবঢ়ায় ।উল্লেখযোগ্য যে, প্ৰয়াত বৰা মৰিগাঁও জিলাৰ মায়ং আৰক্ষী চকীত কৰ্তব্যৰত আছিল আৰু শোণিতপুৰৰ বৰছলাত যোৱা দেওবাৰৰ পৰা চলা উচ্ছেদ অভিযানত অংশগ্ৰহণ কৰিছিল৷ তৃতীয় দিনৰ উচ্ছেদ অভিযানত কালি তেওঁৰ উৎকট গৰমৰ ফলতে হৃৎপিণ্ডৰ ক্ৰিয়া বন্ধ হৈ আকস্মিক মৃত্যু ঘটে । আনহাতে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে আৰক্ষীৰ জ্যেষ্ঠ লোকসকলক এনেধৰণৰ অভিযানত ব্যৱহাৰ কৰা হয় কাৰণ তেওঁলোকে এই বিষয়ত অভিজ্ঞ। কণিষ্ঠ বিষয়া সকলক অভিজ্ঞতা দিশৰ পৰা ব্যৱহাৰ কৰা নহয় বুলিও তেওঁ কয় ।তেওঁ কয় যে মৃত বৰাৰ পৰিয়ালৰ কোনো যোগ্য ব্যক্তিয়ে প্ৰয়োজন সাপেক্ষে অসম আৰক্ষীত ভৰ্তি হব বিচাৰিলে ব্যৱস্থা কৰা হব । সঞ্চালক প্ৰধান গৰাকীয়ে পুনৰ কয় যে আৰক্ষীৰ তিনি বছৰৰ অধিক কাল একে ঠাইতে থাকিলে তেওঁলোকক ৰদ বদল কৰা হয়৷ অৱশ্যে এয়া উপ পৰিদৰ্শক পৰ্যায়তহে কৰাৰ ব্যৱস্থা আছে বুলিও তেওঁ কয় । আনহাতে প্ৰয়াত বৰাৰ পৰিয়ালৰ হৈ একমাত্ৰ পুত্ৰই আৰক্ষী বিষয়া পিতৃৰ মৃত্যু সন্দৰ্ভত কয় যে আৰক্ষীৰ ক্ষেত্ৰত ফিটনেছ কেবল শাৰীৰিক ভাবে থাকিলেই নহব৷ আৰক্ষীৰ লোক সকল মানসিক ভাৱেও কিমান সুস্থ সেই ক্ষেত্ৰতো গুৰুত্ব দিয়া প্ৰয়োজন বুলি তেওঁ কয় ।তেওঁ কয় যে, এজন তলৰ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ কৰ্মৰ ক্ষেত্ৰত যথেষ্ট মানসিক চাপ থাকে আৰু সেয়ে এই বিষয় সমূহ পৰৱৰ্তী সময়ত গুৰুত্ব দিলে অন্য বিষয়াসকলৰ বাবেও উপকাৰী হব বুলি বৰাৰ পুত্ৰই মন্তব্য কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More